ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

২০১৯-২০ বৰ্ষৰ একে সময়ৰ ৪০ কোটি টকাৰ বিক্ৰীৰ তুলনাত ২০২০-২১ বৰ্ষৰ প্ৰথম দুমাহতে পি এম বি জে কে এছৰ বিক্ৰী লক্ষণীয়ভাৱে ১০০ কোটি টকাতকৈও অধিক হৈছে

জনষৌধি কেন্দ্ৰৰ যোগেদি মাৰ্চ-মে’ ২০২০ ত ১৪৪ কোটি টকাৰ সুলভ মূল্যৰ ঔষধ বিক্ৰী হৈছে।

Posted On: 01 JUN 2020 3:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী ভাৰতীয় জনষৌধি কেন্দ্ৰ - পি এম বি জে কে এছৰ বিক্ৰী লক্ষণীয়ভাৱে ২০২০-২১ বৰ্ষৰ প্ৰথম দুমাহতে ১০০.৪০ কোটি টকা হৈছে, যিটো ২০১৯-২০ বৰ্ষৰ একে সময়ৰ ৪৪.৬০ কোটি টকা আছিল।

জনষৌধি কেন্দ্ৰৰ যোগেদি মাৰ্চ, এপ্ৰিল আৰু মে ২০২০ ত প্ৰায় ১৪৪ কোটি টকাৰ সুলভ মূল্যৰ ঔষধ বিক্ৰী হৈছে যাৰ ফলত মহামাৰীয়ে গ্ৰাস কৰা সময়ছোৱাত দেশৰ নাগৰিকৰ প্ৰায় ৮০০ কোটি টকা ৰাহি হৈছিল।

"ভিড -১৯ ৰ ফলত সৃষ্টি হোৱা এই সংকটকালত আমি সকলোৰে বাবে ঔষধ উপলব্ধ কৰি ৰাখিবলৈ বদ্ধপৰিকৰ", ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী এছ ভি সদানন্দ গৌড়াই কয়।

ভিড -১৯ ৰ ফলত সৃষ্টি হোৱা এই সংকটকালত বি পি পি আইৰ কৰ্মচাৰী, কেন্দ্ৰসমূহৰ মালিক, বিতৰক আৰু অন্যান্য অংশীদাৰসকলে একগোট হৈ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে। প্ৰধানমন্ত্ৰী ভাৰতীয় জনষৌধি কেন্দ্ৰসমূহ সঠিকভাৱে পৰিচালিত কৰি ৰখাৰ ক্ষেত্ৰত বি পি পি আইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 

প্ৰধানমন্ত্ৰী ভাৰতীয় জনষৌধি কেন্দ্ৰসমূহৰ যোগেদি সকলোৰে বাবে অত্যাৱশ্যকীয় ঔষধ উপলব্ধ কৰি ৰাখিবলৈ বি পি পি আই প্ৰতিশ্ৰুতিৱদ্ধ। লকডাউনৰদৰে পৰস্থিতি হোৱাৰ পিছতো কেন্দ্ৰৰ এপ্ৰিল মাহত মাহেকীয়া বিক্ৰী ৫২ কোটি আৰু মাৰ্চ ২০২০ ত ৪২ টকালৈকে হৈছে। বৰ্তমান আটাইতকৈ বেছি চাহিদা থকা মাস্ক, চেনিটাইজাৰ, হাইড্ৰক্সিক্লকুইন, পেৰাছিটোমোল আৰু এজিথ্ৰমাইচিন যথেষ্ট পৰিমাণত উপলব্ধ ৰখা হৈছে। বি পি পি আইয়ে বন্ধু দেশসমূহক দিবৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়কো ঔষধৰ যোগান দিছে।

লকডাউনৰ সকলো নিয়ম মানি চলি সমগ্ৰ দেশৰ ৭২৬ খন জিলাত ৬৩০০ তকৈও অধিক প্ৰধানমন্ত্ৰী ভাৰতীয় জনষৌধি কেন্দ্ৰই সেৱা আগবঢ়াই আছে। বৰ্তমান স্বাস্থ্যৰ চিপাহী আখ্যা পোৱা এই প্ৰধানমন্ত্ৰী ভাৰতীয় জনষৌধি কেন্দ্ৰসমূহে সামাজিক দূৰত্ব বৰ্তাই ৰাখি বয়সস্থ লোকক ঘৰত গৈ ঔষধ যোগান দিয়াৰ কামো কৰিছে। সামাজিক মাধ্যমযোগে সজাগতা সৃষ্টি কৰাৰ লগতে ৪ লাখৰো অধিক ব্যৱহাৰকাৰী থকাজনষৌধি সুগম মোবাইল এপ অতি জনপ্ৰিয় কৰি তুলিছে।  

******

RCJ/RKM/PRK



(Release ID: 1628512) Visitor Counter : 180