PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 31 MAY 2020 6:13PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা লাভ কৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য- আৰোগ্যৰ হাৰ ৪৭.৭৬% লৈ বৃদ্ধি হৈছে

বিগত ২৪ ঘণ্টাত ৪৬১৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মুঠ ৮৬,৯৮৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ জৰিয়তে আৰোগ্যৰ হাৰ ৪৭.৭৬%লৈ বৃদ্ধি পাইছে৷ আজি পৰ্যন্ত চিকিৎসকৰ নিৰীক্ষণত থকা লোকৰ সংখ্যা হ’ল ৮৯,৯৯৫ জন৷

অধিক বিৱৰণৰ বাবে

১ জুন ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব ক’ভিড-১৯ৰ নতুন নিৰ্দেশনাৱলী

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ আৰু নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ এলেকাসমূহ পৰ্যায়ক্ৰমে মুকলি কৰিবলৈ নতুন নিৰ্দেশনাৱলী প্ৰস্তুত কৰিছে৷ এই নিৰ্দেশনাৱলী ১ জুন ২০২০ তাৰিখ পৰা কাৰ্যকৰী হ’ব আৰু ৩০ জুন ২০২০ তাৰিখলৈ বলৱৎ থাকিব৷

অধিক বিৱৰণৰ বাবে

‘মন কী বাত ২.০’ৰ ১২তম খণ্ডত প্ৰধানমন্ত্ৰীৰ দেশবাসীৰ প্ৰতি সম্বোধন

‘মন কী বাত ২.০’ৰ ১২তম খণ্ডত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ সামূহিক শক্তিৰ দ্বাৰা ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হৈছে৷  দেশৰ প্ৰধান অৰ্থনীতিৰ ক্ষেত্ৰসমূহ মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত আমি অধিক সতৰ্ক আৰু সাৱধান হ’ব লাগিব৷

অধিক বিৱৰণৰ বাবে

৩১.০৫.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১২তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

মোদী-২.০ৰ এটা বছৰ-এখন আত্মনিৰ্ভৰ ভাৰতৰ দিশে

বিগত এটা বৰ্ষত মোদী ২-০ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ এক সাৰাংশ, ভাৰতীয় ইতিহাসৰ এক নিৰ্ণায়ক সময় আৰু এক নতুন ভাৰত, এক উজ্বল ভাৰতৰ প্ৰভাত৷

অধিক বিৱৰণৰ বাবে

ৰে’লৱে মন্ত্ৰালয়ে ৰাজ্য চৰকাৰক শ্ৰমিক ৰে’লসমূহৰ সমন্বয়ৰ বাবে পৰিকল্পনা আৰু সমন্বয় স্থাপন কৰিবলৈ অনুৰোধ কৰিছে

ৰে’লৱে মন্ত্ৰালয়ে ৰাজ্যসমূহত শ্ৰমিক ৰে’লসমূহৰ পৰিকল্পনা আৰু সমন্বয় নিশ্চিতি কৰাৰ বাবে অনুৰোধ জনাইছে৷ ৰে’ল ষ্টেচনসমূহলৈ যাত্ৰীসকলক লৈ ননা ধৰণৰ বহু ঘটনা ঘটাৰ পৰিপ্ৰেক্ষিতত ৰে’লৱে মন্ত্ৰালয়ে এই অনুৰোধ জনাইছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড সংকটৰ সময়ত বৃহৎ ভূমিকা পালন কৰা ফাৰ্মাচিউটিকেল উদ্যোগক শ্ৰী পীয়ুষ গোৱেলৰ প্ৰশংসা

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি ফাৰ্মাচিউটিকেল উদ্যোগ আৰু ফাৰ্মা সংস্থাসমূহ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে৷  বৈঠকত তেওঁ ক’ভিড সংকটৰ সময়ত এই উদ্যোগখণ্ডই গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

‘সমুদ্ৰ সেতু’ৰ পৰৱৰ্তী পৰ্যায়ৰ বিষয়ে ঘোষণা কৰিলে ভাৰতীয় নৌসেনা বাহিনীয়ে

‘সমুদ্ৰ সেতু’ৰ পৰৱৰ্তী পৰ্যায়ৰ কাম ১ জুন ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী কৰা হ’ব৷ এই পৰ্যায়টোত ভাৰতীয় নৌসেনা বাহিনীৰ জাহাজ জলছে কলম্বোৰ পৰা তামিলনাডুৰ টুটিকৰণলৈ ৭০০ যাত্ৰী কঢ়িয়াই আনিব৷ আৰু ইয়াৰ পুনৰ ৭০০ যাত্ৰী মালেৰ পৰা টুটিকৰণলৈ কঢ়িয়াই আনিব৷

অধিক বিৱৰণৰ বাবে

মন কী বাতত প্ৰধানমন্ত্ৰীয়ে ‘মাই লাইফ মাই য়োগা’ ভিডিঅ’ ব্লগিং প্ৰতিযোগিতাৰ কথা ঘোষণা কৰে

অধিক বিৱৰণৰ বাবে

এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বীক্ষণ বিস্তৃতিৰ বাবে পাঞ্জাৱৰ ইবিএছবি ক্লাবে ‘মৌলিক কৰ্তব্যৰ সোঁৱৰণ’ শীৰ্ষক এক ছুটি ভিডিঅ’ মুকলি কৰে

দেশৰ নৱ প্ৰজন্মক আমাৰ মৌলিক কৰ্তব্যসমূহ সোঁৱৰাই দিবলৈ পাঞ্জাৱৰ ভাটিণ্ডা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ‘‘মৌলিক কৰ্তব্যৰ সোঁৱৰণ’’ শীৰ্ষক এক ছুটি ভিডিঅ’ মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

মোদী চৰকাৰ ২.০ৰ প্ৰথম বৰ্ষপূৰ্তিত ড জিতেন্দ্ৰ সিঙে ডিএআৰপিজিৰ সাফল্যসমূহৰ এখন ই-বুকলেট মুকলি কৰিছে

অনুষ্ঠানত ড জিতেন্দ্ৰ সিঙে কয় যে ডিএআৰপিজিয়ে প্ৰধানমন্ত্ৰী সুশাসন, সংস্কাৰৰ মন্ত্ৰ আঁকোৱালি লৈ পৰিৱৰ্তনৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ৬৫,১৬৮ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৪,৮৮১ জন৷
  • গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ১৬৩৫৬ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬১১৯ জন৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ৭৮৯১ জন, ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১০৪ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ৮৬৯৩ জন৷
  • চট্টিশগড়ঃ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৪৪ জন৷
  • কেৰালাঃ লকডাউন বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাজ্যিক ভ্ৰমণৰ বাবে পঞ্জীয়ন অব্যাহত থকাৰ সম্ভাৱনা আছে৷
  • তামিলনাডুঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ২১১৮৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯০২১ জন, মৃত্যু হৈছে ১৬০ জনৰ৷
  • কৰ্ণাটকঃ এই পৰ্যন্ত ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ২৯২২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮৭৪ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ৩০৪২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৪৫ জন, আৰোগ্য লাভ কৰিছে ২১৩৫ জনে৷
  • তেলেংগানাঃ বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সহযোগত হায়দৰাবাদত ২০২০-২১ বৰ্ষৰ বাবে আৰম্ভ হ’ব অনলাইন শ্ৰেণীকোঠা৷
  • পাঞ্জাৱঃ মুখ্যমন্ত্ৰীয়ে পাঞ্জাৱত ৪ সপ্তাহলৈ লকডাউন সম্প্ৰসাৰিত কৰিছে৷
  • অৰুণাচল প্ৰদেশ- ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩ জন৷
  • অসমঃ  দুবাৰকৈ নিগেটিভ ফলাফল ওলোৱাৰ পিছত ২২ গৰাকী ৰোগীক মুকলি কৰি দিয়া হৈছে৷ মুঠ ১৮৫ গৰাকী ৰোগীক মুকলি কৰি দিয়া হৈছে আৰু ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০৮০ জন৷
  • মণিপুৰঃ বিশেষ ৰে’লেৰে ১৯ হাজাৰতকৈও অধিক লোকক জিবিৰাম ৰে’লৱে ষ্টেচনলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লৈ অনা হৈছে৷
  • মিজোৰামঃ কৰ্ণাটকৰ পৰা উভতি অহা লোকৰ ক’ভিড-১৯ৰ ফলাফল নিগেটিভ ওলাইছে৷
  • নাগালেণ্ডঃ নাগালেণ্ডৰ ঘৰুৱা বিমান সেৱা কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব৷
  • ছিক্কিমঃ ছিক্কিম গৃহ বিভাগে ৰাজ্যিক বাণিজ্য আৰু উদ্যোগ বিভাগক ৰাজ্যখনলৈ ছিক্কিমৰ বাহিৰৰ কৰ্মচাৰীসকলক ঘূৰাই আনিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷
  • ত্ৰিপুৰাঃ লকডাউনৰ সময়ছোৱাত বিভিন্ন লোকক সেৱা আগবঢ়োৱা ঠেলা চালক গৌতম দাসক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত প্ৰশংসা কৰে৷

 



(Release ID: 1628215) Visitor Counter : 247