বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ৰাষ্ট্ৰীয় গৱেষণা পৰীক্ষাগাৰ আৰু বিশ্ববিদ্যালয়সমূহত থকা ক’ভিড-১৯ পৰীক্ষণকেন্দ্ৰসমূহৰ (হাব আৰু স্প’ক মডেল) সামৰ্থ্য বৰ্দ্ধনৰ পদক্ষেপ
Posted On:
30 MAY 2020 3:01PM by PIB Guwahati
চৰকাৰী প্ৰতিষ্ঠানসমূহত ক’ভিড-১৯ৰ নমুনা পৰীক্ষণৰ সামৰ্থ্য বৰ্দ্ধনৰে সমগ্ৰ দেশতে ৰোগ পৰীক্ষণৰ পৰিমাণ বৃদ্ধি কৰাৰ উদ্দেশ্যে মহানগৰ/আঞ্চলিক মণ্ডলত একোটাহঁত ‘হাব’ আৰু ‘স্প’ক মডেল’ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। যিবোৰ প্ৰতিষ্ঠান আৰু পৰীক্ষাগাৰৰ নমুনা সংগ্ৰহ, সংসাধন(বিএছএল-২ সুবিধা) আৰু পৰীক্ষণ(আৰটি-পিচিআৰ)ৰ ক্ষেত্ৰত বিশেষ সামৰ্থ্য আৰু পাৰদৰ্শিতা আছে তেনে পৰীক্ষাগাৰসমূহে ‘হাব’ হিচাপে কাম কৰাৰ বিপৰীতে ‘আৰটি-পিচিআৰ’ মেশ্বিন আৰু প্ৰয়োজনীয় সংখ্যক কৰ্মী থকা কিছু সংখ্যক পৰীক্ষাগাৰক এইসমূহ হাবৰ সম্প্ৰসাৰিত পৰীক্ষণ গোট হিচাপে কৰ্ম সম্পাদন কৰাৰ বাবে জড়িত কৰি দিয়া হৈছে।
এই সমূহ ‘হাব’ হ’ল ‘আইচিএমআৰ’-ৰ বিধি-নিৰ্দেশনাৱলীৰ আধাৰত সংশ্লিষ্ট মন্ত্ৰালয়-বিভাগে(ডিবিটি, ডিএছটি, চিএছআইআৰ, ডিএই, ডিআৰডিঅ’, আইচিএআৰ) অনুমোদন জনোৱা চৰকাৰী পৰীক্ষাগাৰ। এই পৰ্যন্ত দেশত বাংগালোৰ, দিল্ল/এনচিআৰ, হাইদৰাবাদ, তিৰুৱনন্তপুৰম, চণ্ডীগড়/মহালী, ভুৱনেশ্বৰ, নাগপুৰ, পুনে, মুম্বাই, লক্ষ্ণৌ, চেন্নাই, কলকাটা, উত্তৰ-পূৰ্বাঞ্চল, জম্মু আৰু কশ্মীৰ, আহমেদাবাদ, মধ্য প্ৰদেশ, ৰাজস্থান, বেনাৰস, পালামপুৰ আৰু দিল্লী মহানগৰক লৈ ১৯টা মহানগৰ-আঞ্চলিক মণ্ডল স্থাপন কৰা হৈছে।
এই ‘হাব’সমূহৰে প্ৰায় ১০০টা প্ৰতিষ্ঠান জড়িত হৈ থকাৰ বিপৰীতে এই প্ৰতিষ্ঠানসমূহত ১,৬০,০০০ৰো অধিক নমুনাৰ পৰীক্ষণ কৰা হৈছে। আইচিএমআৰ-য়ে ইতিমধ্যে ‘জৈৱ প্ৰযুক্তি বিভা’গৰ ৭টা স্বায়ত্ত্ব শাসিত প্ৰতিষ্ঠানক ‘হাব’ হিচাপে অনুমোদন জনাইছে আৰু এই প্ৰতিষ্ঠানসমূহে ক’ভিড-১৯ৰ বিশ্লেষণাত্মক পৰীক্ষণ(আৰজিচিবি, টিএইচএছটিআই, আইএলএছ, ইনষ্টেম, এনচিচিএছ, চিডিএফডি, এনআইবিএমজি) সম্পন্ন কৰি আছে।
*****
NB/KGS/(DBT release)
(Release ID: 1628195)
Visitor Counter : 263