প্ৰতিৰক্ষা মন্ত্ৰালয়

‘সমুদ্ৰ সেতু’ৰ পৰৱৰ্তী পৰ্যায়ৰ বিষয়ে ঘোষণা কৰিলে ভাৰতীয় নৌসেনা বাহিনীয়ে

Posted On: 30 MAY 2020 6:53PM by PIB Guwahati

‘সমুদ্ৰ সেতু’ৰ পৰৱৰ্তী পৰ্যায়ৰ কাম ১ জুন ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী কৰা হ’ব৷ এই পৰ্যায়টোত ভাৰতীয় নৌসেনা বাহিনীৰ জাহাজ জলছে কলম্বোৰ পৰা তামিলনাডুৰ টুটিকৰণলৈ ৭০০ যাত্ৰী কঢ়িয়াই আনিব৷ আৰু ইয়াৰ পুনৰ ৭০০ যাত্ৰী মালেৰ পৰা টুটিকৰণলৈ কঢ়িয়াই আনিব৷

ভাৰতীয় নৌসেনা বাহিনীয়ে ইতিমধ্যে ১,৪৮৮ জন ভাৰতীয় যাত্ৰীক মালেৰ পৰা কোচিলৈ কঢ়িয়াই আনিছে৷

শ্ৰীলংকা আৰু মালদ্বীপত অৱস্থিত ভাৰতীয় দূতাবাসে সেই স্থানত আৱদ্ধ  হৈ থকা ভাৰতীয় লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে আৰু উপযুক্ত চিকিৎসা নিৰীক্ষণৰ পিছত ভাৰতলৈ যাত্ৰাৰ সুবিধা প্ৰদান কৰিছে৷

এই সমগ্ৰ কাৰ্যসূচী বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, স্বাস্থ্য আৰু ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন সংস্থাৰ তত্বাৱধানত প্ৰণয়ন কৰা হৈছে৷

 

 

VM/ MS/MANN



(Release ID: 1628079) Visitor Counter : 237