ৰেল মন্ত্ৰালয়

ৰে’ল মন্ত্ৰালয়ৰ তৰফৰ পৰা যাত্ৰীসকললৈ আহ্বান

Posted On: 29 MAY 2020 9:58AM by PIB Guwahati

ভাৰতীয় ৰে’লৱে দেশজুৰি প্ৰতিদিনে বহুসংখ্যক শ্ৰমিক বিশেষ ৰে’ল চলাই আছে, যাতে প্ৰব্ৰজিত শ্ৰমিকসকলে তেওঁলোকৰ ঘৰলৈ ঘূৰি যোৱাটো সুনিশ্চিত হয়৷ এইটো দেখা গৈছে যে এনে একাংশ লোকেও শ্ৰমিক বিশেষ ৰে’লত যাত্ৰা কৰিছে, যিসকল ইতিমধ্যে কোনো ৰোগত আক্ৰান্ত  আৰু এনে লোকবাবে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱা অধিক বিপদজনক যাত্ৰাৰ সময়ত পূৰ্বেই ৰোগাক্ৰান্ত একাংশ লোকৰ মৃত্যু হোৱাৰ দৰে দুৰ্ভাগ্যজনক খবৰ লাভ কৰা হৈছে৷

এই লোকসকলৰ সুৰক্ষাৰ বাবে ৰে’ল মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ ৪০-/২০২০-ডিএম-i() তাৰিখ ১৭.০৫.২০২০ৰ  নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি ইতিপূৰ্বে ৰোগত আক্ৰান্ত(যেনে-উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, কৰ্কট ৰোগ, কম ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন ব্যক্তি) লোকসকল, গৰ্ভৱতী মহিলা, ১০ বছৰতকৈ কম বয়সৰ সন্তান থকা তথা ৬৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে নিজৰ স্বাস্থ্য আৰু সুৰক্ষাৰ বাবে যেতিয়ালৈকে অতি আৱশ্যক নহয়, ৰে’লযোগে যাত্ৰা কৰাৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে৷

আমি উপলব্ধি কৰিছো যে দেশৰ বহু নাগৰিকে এই সময়ছোৱাত ৰে’ল যাত্ৰা কৰিব বিচাৰে আৰু তেওঁলোকক অবাধ গতিত ৰে’ল সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰে’লৱে পৰিয়ালে সপ্তাহটোৰ ২৪ ঘণ্টাই কাম কৰি আছে৷ কিন্তু  যাত্ৰীসকলৰ সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে আৰু সেইবাৰে সকলো দেশবাসীৰ এই ক্ষেত্ৰত সহযোগিতা কামনা কৰা হৈছে যিকোনো ধৰণৰ জটিলতা তথা জৰুৰী অৱস্থাত অনুগ্ৰহ কৰি ৰে’লৱে পৰিয়ালৰ সৈতে সম্পৰ্ক  কৰিবলৈ সংকোচবোধ নকৰিব৷ ভাৰতীয় ৰে’ল আপোনালোকৰ সেৱাৰ বাবে সদায় পৰ৷ (হেল্পলাইন নম্বৰ-১৩৯ আৰু ১৩৮)

***

DJN/SG/MKV/DB



(Release ID: 1627643) Visitor Counter : 299