বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰকোপ ৰোধৰ সমল বিচাৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ অন্বেষণ অব্যাহত

কম্পিউটাৰ সঞ্চালিত উদ্ভাৱন পদ্ধতিৰে ঔষধ আৱিস্কাৰ সন্দৰ্ভত ‘হেকাথন’ৰ আয়োজন কৰা হৈছে : অধ্যাপক কে বিজয় ৰাঘৱন

Posted On: 28 MAY 2020 6:13PM by PIB Guwahati

ভিড-১৯ৰ প্ৰতিষেধক, ঔষধ, বিশ্লেষক আৰু পৰীক্ষণ সন্দৰ্ভত দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডই অব্যাহত ৰখা বিভিন্ন কাৰ্যক্ৰম সন্দৰ্ভত তথ্য দাঙি ধৰাৰ উদ্দেশ্যে নিতি আয়োগৰ সদস্য ড০ বিনোদ পাল আৰু ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক পৰামৰ্শদাতা অধ্যাপক কে বিজয় ৰাঘৱনে আজি এক সংবাদ মেল সম্বোধন কৰে।

প্ৰতিষেধক উদ্ভাৱন সন্দৰ্ভত মন্তব্য কৰি কোৱা হয় যে, এই প্ৰক্ৰিয়া সাধাৰণতে লেহেমীয়া হোৱাৰ লগতে প্ৰচণ্ড অনিশ্চয়তাৰে ভৰা হয়। পিচে, কভিড-১৯ৰ বিৰুদ্ধে সাফল্য লাভ কৰিব পৰাকৈ সমান্তৰালভাবে বিশাল সংখ্যক অভিযান অব্যাহত আছে। আজিৰ তাৰিখত আন্তৰ্জাতিক পৰ্যায়ৰ লগতে আমাৰ দেশতো এনে বহু প্ৰয়াস চলি আছে। ভাৰতৰ বৌদ্ধিক মহলৰ লগতে ষ্টাৰ্ট আপ প্ৰতিষ্ঠানসমূহেও কভিড-১৯ৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে দেহেকেহে খাটিছে। এই মুহূৰ্তত ইয়াৰ বাবে তিনি প্ৰকাৰৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। প্ৰথম- থলুৱা প্ৰয়াস। দ্বিতীয়তে, বিশ্ব প্ৰেক্ষাপটত আনৰ সৈতে সহোযোগিতামূলক ভাবে কৰা প্ৰয়াস, যত ভাৰতীয় সংস্থাই নেতৃত্ববাহী ভূমিকা পালন কৰিছে আৰু তৃতীয়তে, গোলকীয় প্ৰয়াসত ভাৰতৰ অংশগ্ৰহণ।

সেইদৰে, ঔষধ আৱিস্কাৰৰ ক্ষেত্ৰতো দেশত তিনি ধৰণৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। তাৰে প্ৰথম প্ৰয়াস হিচাপে ইতিমধ্যে আৱিস্কৃত ঔষধসমূহৰ মাজৰ পৰা কভিডৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিব পৰা দক্ষতাসম্পন্ন ঔষধ শৃংখল নিৰ্বাচিত কৰা, দ্বিতীয়তে বনৌষধৰ প্ৰয়োগ সংক্ৰান্তীয় পৰীক্ষণ আৰু তৃতীয়তে, কম্পিউটাৰ সঞ্চালিত উদ্ভাৱন পদ্ধতিৰে ঔষধ আৱিস্কাৰ সন্দৰ্ভত হেকাথনৰ আয়োজন কৰাকে ধৰি ঔষধ বিকশিত কৰাৰ বাবে বিভিন্ন প্ৰয়াস অব্যাহত ৰখা হৈছে।

*****

KGS/SG/KB



(Release ID: 1627642) Visitor Counter : 198