বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

উদ্যোগ আৰু ব্যৱসায়ী সংস্থাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ সভা

‘আত্মনিৰ্ভৰ ভাৰত’-য়ে অন্তৰ্মুখী দৃষ্টিভংগীক নহয়, আত্ম বিশ্বাস, আত্ম নিৰ্ভৰশীলতা আৰু দেশৰ প্ৰতি থকা দায়িত্ববোধকহে প্ৰতীয়মান কৰিছে : শ্ৰী গোৱেল

Posted On: 27 MAY 2020 6:55PM by PIB Guwahati

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে আজি দেশৰ উদ্যোগ আৰু ব্যৱসায়ী সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক আলোচনাত মিলিত হয়। ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত হোৱা এই সভাত কভিড-১৯ৰ সংক্ৰমণ আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত দেশজুৰি অব্যাহত থকা লকডাউন আৰু পৰৱৰ্তি পৰ্যায়ত লকডাউন বিধিলৈ অনা শিথিলতাসমূহে দেশৰ উদ্যোগ তথা বাণিজ্যিক প্ৰেক্ষাপটটোক কেনেদৰে প্ৰভাৱিত কৰিছে তাৰ পৰ্যালোচনা কৰা হয়। উল্লেখ্য যে, দেশত লকডাউন বলবত্ হোৱাৰে পৰা পৰিস্থিতিৰ সমীক্ষা কৰাৰ বাবে সংস্থাসমূহৰে অনুষ্ঠিত এয়া পঞ্চমখন সভা।

সভাত, বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী সোম প্ৰকাশ আৰু শ্ৰী এইচ চি পুৰীৰ লগতে বাণিজ্য আৰু উদ্যোগ বিভাগৰ জ্যেষ্ঠ বিষয়া-বৰ্গই অংশ গ্ৰহণ কৰে। সভাত চিআইআই, এফআইচিচিআই, এছোচেম, নাছকম, পিএইচডিচিআই, চিএআইটি, ফিছমি, লঘূ উদ্যোগ ভাৰতী, ছিআম, একমা, আইএমটিএমএ, ছিকি, এফএমটি, আইচিচি আৰু আইইইএমএ-ৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰে।

সভা সম্বাধন কৰি মন্ত্ৰী শ্ৰী গোৱেলে কয় যে, সমাগত ভৱিষ্যত আমাৰ হব। সেয়ে ভাৰতক বিশ্ব-শক্তি হিচাপে গঢ়ি তুলিব পৰাকৈ অভিনৱ চিন্তা, সেই উদ্ভাৱনী চিন্তাক বাস্তৱায়িত কৰাৰ বাবে কুশলী পৰিকল্পনাৰে আমি কভিড-উত্তৰ পৰিৱেশটোত কাম কৰিব পৰাকৈ নিজকে সাজু কৰিব লাগিব। প্ৰধানমন্ত্ৰীৰ জান ভী, জাহান ভী বাণী দোহাৰি মন্ত্ৰীগৰাকীয়ে কয়, আমাৰ অৰ্থনীতিৰ বাবে অহা সংকটকালৰ সামৰণি পৰিছে। এতিয়া সকলোবোৰে ইতিবাচক মোৰ লবলৈ আৰম্ভ কৰিছে। এনে সময়ত চৰকাৰে গ্ৰহণ কৰা আত্মনিৰ্ভৰ ভাৰত অভিযানে দেশৰ অৰ্থনীতিক উজ্জীৱিত কৰি তোলাত সহায় কৰিব বুলি আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰসংগক্ৰমে তেওঁ, আত্মনিৰ্ভৰ ভাৰত-য়ে অন্তৰ্মুখী দৃষ্টিভংগীক নহয়, আত্ম বিশ্বাস, আত্ম নিৰ্ভৰশীলতা আৰু দেশৰ প্ৰতি থকা দায়িত্ববোধকহে প্ৰতীয়মান কৰিছে বুলি অভিমত ব্যক্ত কৰে।

 

 

****

YB/KB



(Release ID: 1627491) Visitor Counter : 292