প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আবু ধাবিৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ

Posted On: 25 MAY 2020 7:44PM by PIB Guwahati

আবু ধাবিৰ ৰাজকুমাৰ শ্বেইখ মহম্মদ বিন জায়েড আল নাহয়ানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে টেলিফোনত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ সন্দৰ্ভত পৰস্পৰে পৰস্পৰৰ প্ৰতি আগবঢ়োৱা সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰে৷ সংযুক্ত আৰব আমীৰশ্বাহীত থকা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি দেখুওৱা সহমৰ্মিতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজকুমাৰক কৃতজ্ঞতা জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৰাজকুমাৰ, তেওঁৰ পৰিয়াল তথা দেশখনৰ নাগৰিকৰ সুস্বাস্থ্য কামনা কৰে৷


****

VRRK/KP/MANN



(Release ID: 1627253) Visitor Counter : 169