ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’ল বিভাগে ২৫ মে’ ২০২০ লৈকে ২৫ দিনত দেশৰ বিভিন্ন ঠাইৰ মাজত ৩২৭৪ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ৪৪ লাখতকৈও অধিক যাত্ৰীক নিজৰ নিজৰ গৃহ ৰাজ্যলৈ কঢ়িয়াই নিছে

যাত্ৰাপথত প্ৰব্ৰজকসকলৰ মাজত ৭৪ লাখ বিনামূলীয়া খাদ্য আৰু ১ কোটিতকৈও অধিক পানীৰ বটল বিতৰণ কৰিছে।

আজি চলি থকা ৰে’লগাড়ীসমূহে কোনো ভীৰৰ সন্মূখীন হ’বলগা হোৱা নাই।

শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ লগতে ৰে’ল বিভাগে নতুন দিল্লীৰ লগত সংযোগ হোৱাকৈ ১২ মে’ৰপৰা ১৫ যোৰ বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ১ জুনত ২০০ খন সময়সূচী থকা ৰে’লগাড়ীৰ চলাচলৰ কথা চিন্তা কৰিছে।

Posted On: 26 MAY 2020 5:04PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ মানি ঘৰৰ পৰা দূৰত বিভিন্ন ঠাইত ৰৈ যোৱা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, ছাত্ৰ আৰু অন্যান্য লোকসকলক নিজ গৃহলৈ কঢ়িয়াই নিবলৈ ভাৰতীয় ৰে’ল বিভাগে ১ মে’, ২০২০ ৰ পৰা শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচলৰ সিদ্ধান্ত লৈছিল।

২৫ মে’ ২০২০ লৈকে ২৫ দিনত দেশৰ বিভিন্ন ঠাইৰ মাজত ৩২৭৪ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ৪৪ লাখতকৈও অধিক যাত্ৰী ইয়াৰ জৰিয়তে লক্ষ্যস্থানত উপস্থিত হৈছেগৈ।.০৫.২০২০ তাৰিখে ২২৩ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰে ২.৮ লাখ যাত্ৰীয়ে যাত্ৰা কৰি আছিল।

আই আৰ চি টি চিয়ে যাত্ৰাপথত প্ৰব্ৰজকসকলৰ মাজত ৭৪ লাখ বিনামূলীয়া খাদ্য আৰু ১ কোটিতকৈও অধিক পানীৰ বটল বিতৰণ কৰিছে।

উল্লেখনীয় যে, আজি চলি থকা ৰে’লগাড়ীসমূহে কোনো ভীৰৰ সন্মূখীন হ’বলগা হোৱা নাই।

শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ লগতে ৰে’ল বিভাগে নতুন দিল্লীৰ লগত সংযোগ হোৱাকৈ ১২ মে’ৰপৰা ১৫ যোৰ বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ১ জুনত ২০০ খন সময়সূচী থকা ৰে’লগাড়ীৰ চলাচলৰ কথা চিন্তা কৰিছে।

 

****

DJN/MKV/PRK



(Release ID: 1626990) Visitor Counter : 249