স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯-১ৰ শেহতীয়া তথ্য

৪১.৫৭শতাংশলৈ উন্নীত হ’ল আৰোগ্যৰ হাৰ

Posted On: 25 MAY 2020 4:36PM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণৰ শংকা নিবাৰণ কৰা, ইয়াক প্ৰতিৰোধ কৰা, আৰু আক্ৰান্তসকলক সুস্থ কৰি তোলাৰ বাবে কৰা ব্যাপক প্ৰবন্ধনৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে পূৰ্বানুমানৰ ভিত্তিত, অতি সক্ৰিয়তাৰে আৰু পৰ্যায়ক্ৰমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। সামগ্ৰিকভাবে এই সকলো কাৰ্যক্ৰম শীৰ্ষ পৰ্যায়ত নিয়মীয়াভাবে নিৰীক্ষণ আৰু পৰ্যলোচনাও কৰি অহা হৈছে।

দেশত এই পৰ্যন্ত ৫৭,৭২০গৰাকী কভিড-১৯ আক্ৰন্তই আৰোগ্য লাভ কৰিছে। শেহতীয়া ২৪ঘণ্টাত সুস্থ হৈ ঘৰলৈ উভটিছে ৩২৮০গৰাকী লোকে। আৰোগ্য লাভৰ সামগ্ৰিক হাৰ ৪১.৫৭শতাংশ। আজি পৰ্যন্ত দেশৰ ১,৩৮,৮৪৫গৰাকী লোকৰ দেহত কভিড-১৯ৰ উপস্থিতি নিশ্চিত কৰা হৈছে। ইয়াৰে ৭৭,১০৩গৰাকী লোকক চিকিত্সকৰ সক্ৰিয় তত্বাৱধানত নিৰীক্ষণ কৰাৰ ব্যৱস্থা অব্যাহত ৰখা হৈছে।

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

 

****

MV/SG/KB



(Release ID: 1626903) Visitor Counter : 178