প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ টেলিফোনেৰে বাৰ্তালাপ

Posted On: 25 MAY 2020 7:27PM by PIB Guwahati

বাংলাদেশ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী সন্মানীয়া শ্বেইখ হাছিনাৰ সৈতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টেলিফোনেৰে বাৰ্তালাপ কৰে। আলোচনাৰ আৰম্ভনীতে তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে বাংলাদেশৰ সমূহ নগৰিকলৈ ঈদ-উল-ফিতৰৰ শুভ কামনা জ্ঞাপন কৰে। আলোচনা কালত নেতাদ্বয়ে আম্ফান ঘূৰ্ণীয়ে শেহতীয়াভাবে দেশ দুখনত কৰা ক্ষয়-ক্ষতিৰ সমীক্ষা কৰাৰ লগতে সামগ্ৰিক ভাবে সৃষ্টি কৰা প্ৰলয়ংকৰী পৰিস্থিতিৰো বুজ লয়। ইফালে, কভিড মহামাৰীৰ প্ৰদুৰ্ভাৱত সৃষ্টি হোৱা পৰিস্থিতি আৰু এই পৰিস্থিতিক চম্ভলাৰ ক্ষেত্ৰত দুয়োখন দেশে অৰম্ভ কৰা সহযোগিতামূলক কাম-কাজ সন্দৰ্ভতো আলোচনা কৰে নেতাদুগৰাকীয়ে। বাংলাদেশে সন্মুখীন হোৱা সংকটৰ এই সময়ত সকলোধৰণৰ সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁ প্ৰধানমন্ত্ৰী হাছিনাৰ লগতে বন্ধু ৰাষ্ট্ৰ বাংলাদেশৰ সকলো নাগৰিকৰ সু-স্বাস্থ্য আৰু কুশল জীৱন কামনা কৰে।



****

VRRK/KP/KB



(Release ID: 1626902) Visitor Counter : 164