গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

চৰকাৰী সংস্থাৰ দ্বাৰা বিগত বৰ্ষতকৈ অধিক পৰিমাণৰ ঘেঁহু আহৰণ কৰা হৈছে

ক’ভিডৰ বাবে এপষেক বিলম্ব হোৱাৰ সত্বেও যোৱা বছৰতকৈ ২৫,০০০ টন অধিকসহ ঘেঁহু আহৰণৰ পৰিমাণ ৩৪১.৫৬ লাখ মেট্ৰিক টন হৈছে

Posted On: 25 MAY 2020 12:17PM by PIB Guwahati

ক’ভিড-১৯ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশজোৰা লকাডাউন সত্তেও চৰকাৰী সংস্থাসমূহৰ দ্বাৰা বিগত বৰ্ষৰ ৩৪১.৩১ লাখ মেট্ৰ্কি টনৰ সীমা অতিক্ৰম কৰি এইবাৰ ৪ মে’, ২০২০লৈকে ৩৪১.৫৬ লাখ মেট্ৰ্কি টন ঘেঁহু আহৰণ কৰা হৈছে৷ ঘেঁহু চপোৱাৰ কাম সাধাৰণতে প্ৰতি বছৰৰ মাৰ্চৰ শেষভাগত আৰু আহৰণৰ কাম এপ্ৰিলৰ প্ৰথম আৰম্ভ হয়৷ অৱশ্যে ২৪ মাৰ্চৰ পৰা ঘোষণা কৰা লকডাউনৰ ফলত সকলো কাম-কাজ স্থবিৰ হৈ পৰিছিল৷ সেই সময়ছোৱাত সন্মুখীন হোৱা সমস্যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে কৃষি খণ্ডৰ কাম-কাজ লকডাউনৰ আওতাৰ পৰা ৰেহাই দিছিল৷ সেই হিচাপে একাংশ ৰাজ্যই ১৫ এপ্ৰিলৰ পৰা আৰু হাৰিয়ানাই ২০ এপ্ৰিলৰ পৰাহে ঘেঁহু চপোৱাৰ কাম আৰম্ভ কৰে৷

এই মহামাৰীৰ বৃহ প্ৰত্যাহ্বানৰ মাজতো সম্পূৰ্ণ সাৱধানতাৰে ঘেঁহু সংগ্ৰহৰ কাম কৰা হয়৷ এই ক্ষেত্ৰত সজাগতা সৃষ্টি, সামাজিক দুৰত্ব আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়৷ কৃষকসকল বিক্ৰী কেন্দ্ৰলৈ যোৱাটো কম কৰিবলৈ ব্যক্তিগত ক্ৰয় কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হয়৷ সৰ্বাধিক ঘেঁহু উপাদন কৰা ৰাজ্য ক্ৰমে পাঞ্জাৱ(১৮৩৬ৰ পৰা ৩৬৮১), হাৰিয়ানা(৫৯৯ৰ পৰা ১৮০০) আৰু মধ্যপ্ৰদেশ(৩৫৪৫ৰ পৰা ৪৪৯৪)ত এই কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হয়৷ জনসমাগম ৰোধত সহায় হোৱাকৈ প্ৰযুক্তি ব্যৱহাৰৰ উপৰি কৃষকক তেওঁলোকৰ শস্য বিক্ৰীৰ বাবে নিৰ্দিষ্ট দিন ধাৰ্য কৰি হয়৷

ইফালে, মাৰাত্মক ভাইৰাছৰ বাবে মৰাপাটৰ কলসমূহ বন্ধ হৈ থকাত মৰাপাটৰ বেগৰ নাটনিয়েও কৃষকসকল সমস্যাৰ সন্মুখীন হয়৷ তদুপৰি, আৱতৰীয়া বৰষুণেও কৃষকসকলক বিমোৰত পেলায়৷ কিয়নো তেওঁলোকৰ শস্য মজুত ৰখাৰ বিশেষ সুবিধা নাই৷ এই ক্ষেত্ৰত ভাৰতৰ খাদ্য নিগমে মধ্যস্থতা কৰি কৃষকসকলক অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে৷

বিশ্বজুৰি সন্ত্ৰাস চলোৱা ভাইৰাছৰ বাবে অধিক জনসমাগমত বাধা আৰোপ কৰাৰ ফলত শ্ৰমিকক লৈ সমস্যা পৰিছিল যদিও স্থানীয় প্ৰশাসনে পৰ্যাপ্ত শ্ৰমিকৰ যোগান ধৰি তেওঁলোকক মাস্ক, ছেনিটাইজাৰ ইত্যাদিৰ লগতে সকলো সাৱধানতামূলক পদক্ষেপেৰে কৃষকসকলক সহায় কৰে৷

ভাৰত চৰকাৰ, এফচিআই, ৰাজ্য চৰকাৰ আৰু অন্যান্য সংস্থাসমূহে সহযোগিতাৰে ঘেঁহু সংগ্ৰহৰ কাম সুচাৰুৰূপে সম্পন্ন কৰি কৃষকসকক সহায় কৰাৰ লগতে লাভান্বিত কৰে৷ সেই হিচাপে ৪ মে’, ২০২০লৈকে পাঞ্জাৱত ১২৫.৮৪ লাখ মেট্ৰিক টন, মধ্যপ্ৰদেশত ১১৩.৩৮ লাখ মেট্ৰিক টন, হাৰিয়ানাত ৭০.৬৫ লাখ মেট্ৰিক টন, উত্তৰপ্ৰদেশত ২০.৩৯ লাখ মেট্ৰিক টন, ৰাজস্থানত ১০.৬৩ লাখ মেট্ৰিক টন, উত্তৰাখণ্ডত ০.৩১ লাখ মেট্ৰিক টন, গুজৰাটত ০.২১ লাখ মেট্ৰিক টন, চণ্ডীগড় ০.১২ লাখ মেট্ৰিক টন আৰু হিমাচলপ্ৰদেশত ০.০৩ লাখ মেট্ৰিক টনসহ মুঠ ৩৪১.৫৬ লাখ মেট্ৰিক টন ঘেঁহু সংগ্ৰহ কৰা হয়৷

*****

APS/PK/MS/DB



(Release ID: 1626765) Visitor Counter : 197