ৰেল মন্ত্ৰালয়
২৪.০৫.২০২০ৰ পুৱা ১০ বজালৈকে ৮১৩খন শ্ৰমিক বিশেষ ৰে’লেৰে ৩৭ লাখ যাত্ৰী অনা-নিয়া কৰিছে ভাৰতীয় ৰে’লৱে
যাত্ৰীৰ নমোৱাৰ ক্ষেত্ৰত বিভিন্ন স্বাস্থ্যজনিত তথা সামাজিক দূৰত্ব প্ৰ’ট’কল মানি চলিবলগীয়া
হোৱাৰ বাবে ষ্টেচনত অধিক সময় প্ৰয়োজন হৈছে, যিটোৱে নেটৱৰ্কত ব্যাঘাত জন্মাইছে
Posted On:
24 MAY 2020 5:11PM by PIB Guwahati
ভাৰতীয় ৰে’লৱে ২৪.০৫.২০২০ৰ পুৱা ১০ বজালৈকে ২,৮১৩খন শ্ৰমিক বিশেষ ৰে’লেৰে ৩৭ লাখ যাত্ৰী অনা-নিয়া কৰিছে৷ ইয়াৰে প্ৰায় ৬০% ৰে’ল গুজৰাট, মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱৰ পৰা উত্তৰপ্ৰদেশ আৰু বিহাৰলৈ চলাচল কৰিছে৷ মুঠ শ্ৰমিক ৰে’লৰ ৮০ শতাংশই উত্তৰপ্ৰদেশ আৰু বিহাৰমুখী৷ উত্তৰপ্ৰদেশৰ লক্ষ্ণৌৰ পৰা গোৰখপুৰ চেক্টৰ আৰু বিহাৰত প্ৰায় পাটনালৈ এই ৰে’ল চলাচল কৰিছে৷ কালি চলাচল কৰা ৫৬৫খন ৰে’লৰ ভিতৰত ২২৬ বিহাৰ আৰু ১৭২ উত্তৰপ্ৰদেশত চলাচল কৰিছে৷ ইয়াৰ বাবে নেটৱৰ্ক যথেষ্ট বাধাই দেখা দিছে৷ তদুপৰি, যাত্ৰীৰ নমোৱাৰ ক্ষেত্ৰত বিভিন্ন স্বাস্থ্যজনিত তথা সামাজিক দূৰত্ব প্ৰ’ট’কল মানি চলিবলগীয়া হোৱাৰ বাবে ষ্টেচনত অধিক সময়ৰো প্ৰয়োজন হৈছে, যিটোৱে নেটৱৰ্কত ব্যাঘাত জন্মাইছে৷
ইয়াৰ প্ৰতি লক্ষ ৰাখি একাংশ ৰে’ল মথুৰা আৰু ঝাৰছুগুৰা হৈ চলাচল কৰিবলগীয়া হৈছে৷ ইফালে, এই বাধাৰ পৰা ৰক্ষা পাবলৈ আনুপাতিকৰণ নিৰ্দেশো জাৰি কৰা হৈছে৷ ৰে’ল চলাচলত বিলম্ব নোহোৱাৰ বাবে ৰে’লৱে বোৰ্ড, মণ্ডল আৰু শাখা পৰ্যায়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
পূব সীমান্তৰ ৰে’লসমূহ নেটৱর্কৰ সমস্যাৰ বাবে দেৰিকৈ চলে আৰু ইয়াৰ ফলত খাদ্য বিতৰণতো পলম হৈছে৷ শ্রমিক বিশেষ ৰে’লত নিয়মীয়াকৈ খাদ্য আৰু পানীৰ যোগান নিশ্চিত কৰাৰ লগতে যাত্রীসকল অসুবিধা লাঘৱ কৰিবলৈ আইআৰচিটিচি আৰু ৰে’ল বিভাগে উপযুক্ত পদক্ষেপ হাতত লৈছে৷
****
DJN/MKV/DB
(Release ID: 1626705)
Visitor Counter : 272
Read this release in:
Punjabi
,
Telugu
,
Marathi
,
Tamil
,
English
,
Urdu
,
Hindi
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Malayalam