কেবিনেট
                
                
                
                
                
                
                    
                    
                        ‘প্ৰধানমন্ত্ৰী বয়ো বন্দনা যোজনা’ৰ ম্যাদ বৃদ্ধিত কেবিনেটৰ অনুমোদন
                    
                    
                        
                    
                
                
                    Posted On:
                20 MAY 2020 2:26PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতা অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত জ্যেষ্ঠ নাগৰিকসকলৰ কল্যান আৰু বৃদ্ধ বয়সত তেওঁলোকৰ আয়ৰ নিৰাপত্তাৰ বাবে নিম্নোলিখিত দিশত অনুমোদন জনাইছেঃ-
ক৷ ২০২০ৰ ৩১ মার্চৰ পৰিৱর্তে আৰু তিনি বছৰৰ বাবে অর্থাৎ ২০২৩ৰ ৩১ মার্চলৈকে প্ৰধানমন্ত্রী বয়ো বন্দনা যোজনাৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷
খ৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে প্ৰথম অৱস্থাত বার্ষিক ৭.৪০ শতাংশ হাৰত ৰিটার্ন গেৰাণ্টী অনুমোদন জনোৱা হৈছে আৰু পৰৱর্তী সময়তো  একে হাৰ অনুমোদন কৰা হ’ব৷
গ৷ জ্যোষ্ঠ ব্যক্তিসকলৰ সঞ্চয় আঁচনি ৰিটার্নৰ সংশোধিত হাৰ চলিত বিত্তীয় বৰ্ষৰ ১এপ্রিলৰ পৰা প্ৰতি বছৰে ৭.৭৫ শতাংশ নির্ধাৰণ কৰা হ’ব৷
ঘ৷ আঁচনিৰ অধীন এলআইচিৰ দ্বাৰা প্রাপ্ত ৰিটার্নৰ হাৰ(মুঠ ব্যয়) আৰু গেৰাণ্টীযুক্ত হাৰৰ মাজত পার্থক্য বিবেচনা কৰি ব্যয় অনুমোদন জনোৱা হ’ব৷
ঙ৷ এই নতুন নীতিসমূহৰ পৰিপ্রেক্ষিতত প্ৰথম বছৰৰ বাবে আঁচনি পূঁজিৰ বার্ষিক কেপিং মেনেজমেণ্ট ব্যয় ০.৫ শতাংশ আৰু দ্বিতীয় বছৰৰ পৰা পৰৱর্তী ৯ বছৰৰ বাবে বার্ষিক কেপিং মেনেজমেণ্ট ব্যয় ০.৩ শতাংশ ধাৰ্য কৰা হৈছে৷
চ৷ প্ৰতিটো বিত্তীয় বৰ্ষৰ আৰম্ভণিতে ৰিটার্নৰ বার্ষিক ৰিছেট হাৰ অনুমোদনৰ বাবে বিত্তমন্ত্রীৰ হাতত দায়িত্ব অৰ্পণ কৰা হৈছে৷
ছ৷ আঁচনিৰ অন্যান্য সকলো চৰ্তাৱলী একে আছে৷
এই আঁচনিৰ অধীনত বার্ষিক ১২ হাজাৰ টকা পেন্সনৰ বাবে ১,৫৬,৬৫৮ টকা আৰু মাহিলী ১ হাজাৰ টকা পেন্সনৰ বাবে ১,৬২,১৬২ টকা বিনিয়োগ কৰিব লাগিব৷
উল্লেখ্য এই আঁচনিৰ বাবে প্ৰতি বছৰে প্ৰায় ৬১৪ কোটি টকা প্ৰয়োজন হ’ব৷ অৱশ্যে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮২৯ কোটি আৰু অন্তিম ২০৩২-৩৩ বিত্তীয় বৰ্ষত ২৬৪ কোটি টকা প্ৰয়োজন হ’ব৷
চৰকাৰৰ আর্থিক দায়বদ্ধতা আৰু এলআইচিৰ দ্বাৰা উৎপাদিত আয়ৰ মাজতে সীমাবদ্ধ থাকিব৷ প্ৰধানমন্ত্রী বয়ো বন্দনা যোজনা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক সামাজিক সুৰক্ষা আঁচনি, যাৰ উদ্দেশ্য হৈছে সুনির্দিষ্ট বিনিয়োগৰ পৰিমাণত গেৰাণ্টী যুক্ত ৰিটার্নৰ ভিত্তিত ন্যূনতম পেন্সন প্ৰদান কৰা৷
******
VRRK/SH/DB
                
                
                
                
                
                (Release ID: 1626428)
                Visitor Counter : 340
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Malayalam 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Kannada