প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণীবতাহ আম্ফনত আক্ৰান্ত ওড়িশাৰ আকাশীমাৰ্গেৰে পৰিভ্ৰমণ কৰি ৫০০ কোটি টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰিলে
মৃ্তকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আঘাতপ্ৰাপ্তসকললৈ ৫০,০০০ টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা
Posted On:
22 MAY 2020 6:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশা ভ্ৰমণ কৰি আম্ফন ঘূৰ্ণি বতাহে আক্ৰান্ত কৰা এলেকাসমূহৰ খতিয়ান লয়৷ তেওঁক সংগ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী বাবুল সুপ্ৰিয়, শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰংগী আৰু শ্ৰীমতী দেৱশ্ৰী চৌধুৰীয়ে৷ ভদ্ৰক আৰু বালাছোড়ত ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ মূল্যায়ন কৰিবলৈ ওড়িশাৰ ৰাজ্যপাল শ্ৰী গণেশ লাল, আৰু মুখ্যমন্ত্ৰী শ্ৰী নৱীন পাটনায়কেও তেওঁক সংগ প্ৰদান কৰে৷
আকাশীমাৰ্গেৰে পৰিভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীয়ে ভূৱনেশ্বৰত ৰাজ্যিক তথা কেন্দ্ৰীয় বিভাগৰ জ্যেষ্ঠ বিষয়াসকলকৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে৷ তেওঁ ওড়িশাৰ বাবে ৫০০ কোটি টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে৷
ঘূৰ্ণী বতাহত আক্ৰান্ত হোৱাৰ এলেকাসমূহৰ পুনৰ্নিমাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক যথাযোগ্যভাৱে সহায় আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে৷
ওড়িশাত জনহানিৰ ঘটনাত দুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে মৃতকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আঘাতপ্ৰাপ্ত ব্যক্তিলৈ ৫০,০০০ টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে৷
******
VRRK/SH/MANN
(Release ID: 1626328)
Visitor Counter : 213
Read this release in:
Punjabi
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam