গৃহ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ বাবে জাৰি কৰা ভিছা আৰু ভ্ৰমণ সীমাবদ্ধতা শিথিল কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশত আৱদ্ধ হৈ থকা অ’চিআই কাৰ্ড থকা লোকসকলৰ নিৰ্দিষ্ট শ্ৰেণীক ভাৰতলৈ উভতি অহাৰ অনুমতি দিছে 
                    
                    
                        
                    
                
                
                    Posted On:
                22 MAY 2020 3:06PM by PIB Guwahati
                
                
                
                
                
                
                ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ বাবে জাৰি কৰা ভিছা আৰু ভ্ৰমণ সীমাবদ্ধতা শিথিল কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশত আৱদ্ধ হৈ থকা অ’চিআই কাৰ্ড থকা লোকসকলৰ নিৰ্দিষ্ট শ্ৰেণীক ভাৰতলৈ উভতি অহাৰ অনুমতি দিছে৷ 
বিদেশত আৱদ্ধ হৈ থকা নিম্নোক্ত শ্ৰেণীৰ অ’চিআই কাৰ্ডৰ গৰাকীক ভাৰতলৈ অহাৰ অনুমতি প্ৰদান কৰা হৈছে—
	- বিদেশত জন্ম পোৱা ভাৰতীয় নাগৰিকৰ নাবালক শিশু আৰু অ’চিআই কাৰ্ডৰ গৰাকী৷ 
- অ’চিআই কাৰ্ডৰ গৰাকী, যিয়ে পৰিয়ালৰ সদস্যৰ মৃত্যুৰ দৰে জৰুৰী অৱস্থাত ভাৰতলৈ আহিব বিচাৰে৷ 
- এনে দম্পতী, যাৰ স্বামী বা পত্নী অ’চিআই কাৰ্ডৰ গৰাকী আৰু আনগৰাকী ভাৰতীয় নাগৰিক আৰু তেওঁলোক ভাৰতৰ স্থায়ী বাসিন্দা৷ 
- বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, যি অ’চিআই কাৰ্ডৰ গৰাকী (আইনগতভাৱে নাবালক নহয় ) কিন্তু যাৰ অভিভাৱক ভাৰতত বাস কৰা ভাৰতীয় নাগৰিক৷ 
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা ০৭.০৫.২০২০ত জাৰি কৰা ভ্ৰমণ সীমাবদ্ধতাসমূহ বিদেশত আৱদ্ধ উপৰোক্ত শ্ৰেণীৰ অ’চিআই কাৰ্ডযুক্ত লোকক স্বদেশলৈ উভতাই আনিবলৈ নিয়োগ কৰা যিকোনো বিমান, জাহাজ, ৰেলগাড়ী অথবা আন বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব৷ গৃহ মন্ত্ৰালয়ে ০৭.০৫.২০২০ত জাৰি কৰা আন সকলো নিয়ম আৰু চৰ্তসমূহ বাহাল থাকিব৷ 
আনুষ্ঠানিক দবেজৰ বাবে ইয়াত ক্লিক কৰক 
*****
VG/SNC/VM/MS
                
                
                
                
                
                (Release ID: 1626106)
                Visitor Counter : 347
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam