প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ খণ্ডত ক’ভিড-১৯ ৰ ঋণাত্মক প্ৰভাৱ পৰিছে, ভাৰতীয় প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ সংস্থাৰ এম এছ এম ই ই-সমাৰোহত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কয়

প্ৰতিৰক্ষাৰ লগত জড়িত প্ৰযুক্তি আৰু সামগ্ৰীৰ ক্ষেত্ৰত ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগক মে’ক ইন ইণ্ডিয়া নীতিমতে ‘আত্মনিৰ্ভৰ’ হ’বলৈ আহ্বান জনায়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অলপতে ঘোষণা কৰা সংস্কাৰ আৰু বিত্তীয় পেকেজে ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগক শক্তিশালী কৰিব আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰিব।

আত্মনিৰ্ভৰশীলতাৰ বাবে দৈনন্দিন জীৱনত থলুৱা সামগ্ৰী ব্যৱহাৰত মনোযোগ দিবলৈ আহ্বান জনায়।

Posted On: 21 MAY 2020 2:23PM by PIB Guwahati

বিশ্বব্যাপ্ত মহামাৰী ক’ভিড-১৯ ৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতীয় প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ সংস্থা (এছ আই ডি এম) আৰু অন্যান্য ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ (এম এছ এম ই)ৰ ভূমিকাৰ শলাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এছ আই ডি এম, চি আই আই আৰু প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ সংস্থাই যুটীয়াভাৱে অনুষ্ঠিত কৰা এম এছ এম ই ই-সমাৰোহত কয়, “মই প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগ (ডি আৰ ডি অ’)ৰ পি পি ই, মাস্ক, ভেন্টিলেটৰৰ বিভিন্ন অংশ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই কামত ক্ষীপ্ৰতা অনাৰ ক্ষেত্ৰত এছ আই ডি এমৰ ভূমিকাক লৈ অতি সুখী। দুমাহতকৈ কম সময়তে আমি কেৱল দেশৰ চাহিদা পূৰণ কৰাই নহয়, অনাগত দিনত চুবুৰীয়া দেশকো সহায় কৰাৰ কথা ভাৱিব পৰা হৈছো।”

এম এছ এম ইক ভাৰতীয় অৰ্থনীতিৰ ৰাজহাড় আখ্যা দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে মুঠ ঘৰুৱা উপাদন বৃদ্ধি, ৰপ্তানিৰ জৰিয়তে মূল্যবান বিদেশী মূদ্ৰা আয় আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰা এই ক্ষেত্ৰখন অধিক শক্তিশালী কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে, “আমাৰ অস্ত্ৰ-শস্ত্ৰ কাৰখানা, ডি পি এছ ইউ, সেৱা সংস্থা আদিৰ লগত ৮,০০০ তকৈও অধিক ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ জড়িত হৈ আছে। আমাৰ সংস্থাসমূহৰ মুঠ উপাদনৰ ২০% তকৈ অধিক তেওঁলোকৰদ্বাৰাই উপাদিত।

প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ খণ্ডত ক’ভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ ঋণাত্মক প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল নিয়মিত যোগান শৃংখলৰ খেলিমেলিৰ বাবেই নহয়, প্ৰতিৰক্ষা সামগ্ৰীৰ একমাত্ৰ ক্ৰেতা চৰকাৰ হোৱাৰ বাবে এই ক্ষেত্ৰত অন্য ক্ষেত্ৰসমূহতকৈ অধিক বেয়া প্ৰভাৱ পৰিছে। লকডাউন আৰম্ভ হোৱাৰে পৰা প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সশস্ত্ৰ সেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ লগত এছ আই ডি এমে বহুকেইটা মত-বিনিময়ৰ অনুষ্ঠান অনলাইনযোগে আয়োজিত কৰিছে। ইয়াৰ ফলত প্ৰতিৰক্ষা উদ্যোগসমূহে সন্মূখীন হোৱা সমস্যাসমূহ পোহৰলৈ অহাৰ লগতে উচিত পৰামৰ্শও লাভ কৰিছে।

এই প্ৰত্যহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে উদ্যোগসমূহৰ বাবে, বিশেষকৈ ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। উদ্যোগসমূহৰ বিত্তীয় বোজা লাঘৱ কৰিবৰ বাবে চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে সহায়কৰ ভূমিকা গ্ৰহণ কৰিছে। কৰ্ম-মূলধনৰ যোগান আৰু সূদৰ ৰেহাই এইক্ষেত্ৰত উল্লেখনীয়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আঁচনিয়ে ভাৰতীয় উদ্যোগলৈ বহুতো সুবিধা আনি দিব আৰু লাখ লাখ চাকৰি বচাই ৰখাত ই সহায় কৰিব। প্ৰধানমন্ত্ৰীৰ আহ্বানকে দোহাৰি তেওঁ কয় যে আমি থলুৱা সামগ্ৰীৰ প্ৰতি অধিক মনোযোগী হ’ব লাগিব। দৈনন্দিন জীৱনত স্বদেশী বস্তুৰ ব্যৱহাৰে আমাৰ ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগসমূহক লাভান্বিত কৰিব।

বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা ‘আত্মনিৰ্ভৰ ভাৰত’ আঁচনিৰ কেইটামান ঘোষণাৰ কথা উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয়, ৪৫ লাখ সংস্থাক পুনঃগঠন কৰি ইয়াৰ কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত কৰিব পৰাকৈ বিনা গ্যেৰান্টীত এম এছ এম ইৰ বাবে ৩ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰা হ’ব। তদুপৰি আৰু দুই লাখ এম এছ এম ইৰ বাবে ২০,০০০ কোটি টকাৰ ঋণৰ সুবিধা প্ৰদান কৰা হ’ব। অতিশয় প্ৰয়োজনত থকা এম এছ এম ইৰ বাবে ৫০,০০০ কোটি টকা মাতৃ-কন্যা আঁচনিৰ যোগেদি প্ৰদান কৰা হ’ব। এনে সংস্থাৰ বিপণনৰ বাবে সামৰ্থ বৃদ্ধি কৰিবলৈ ১০,০০০ কোটি টকাৰ পুঁজিৰ বাবে পুঁজি গঠন কৰা হ’ব।

ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগসমূহৰ ব্যাপ্তি অধিক বহলাই নিব পৰাকৈ এম এছ এম ইৰ ধাৰণাই সলনি কৰা হৈছে আৰু এতিয়া এই ক্ষেত্ৰত নিৰ্মাণ আৰু সেৱাখণ্ডৰ মাজক কোনো বিভাজন নাথাকিব। চৰকাৰী ঠিকাৰ ক্ষেত্ৰত ২০০ কোটি বা তাতকৈ কম হ’লে বিদেশী নিবিদা গ্ৰহণ কৰা নহয় যিয়ে এম এছ এম ইৰ ব্যৱসায়িক উত্তৰণত সহায় কৰিব। ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগক চৰকাৰ বা ৰাজহুৱা খণ্ডৰ উদ্যোগে দিবলগীয়া ধনৰাশি ৪৫ দিনৰ ভিতৰত আদায় দিয়াৰ বাবে জাননী জাৰি কৰা হৈছে। এই সময়ছোৱাত কোনোধৰণৰ এক্সপো বা বাণিজ্যিক মেলা অনুষ্ঠিত নহয় বাবে ই-বজাৰৰ সুবিধা সুনিশ্চিত কৰা হ’ব।

‘প্ৰতিৰক্ষা আৰু মহাকাশ ক্ষেত্ৰৰ এম এছ এম ইৰ ব্যৱসায়িক ধাৰাবাহিকতা’ বিষয়ক এই ই-সমাৰোহত ৮০০ তকৈও অধিক প্ৰতিৰক্ষা ক্ষেত্ৰৰ ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগে অংশ গ্ৰহণ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মাত্ৰ দুবছৰৰ ভিতৰতে হোৱা প্ৰতিৰক্ষা উদ্যোগৰ উন্নয়নৰ উদাহৰণ দি প্ৰতিৰক্ষা কৰ্মীৰ মূৰব্বী জেনেৰেল বিপিন ৰাৱটে কয় যে ভাৰতৰ নিজৰ প্ৰতিৰক্ষা উদ্যোগ আছে আৰু ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগে ভাৰতক প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষৰ ১০ খন ৰাষ্ট্ৰৰ শাৰীত উপনীত কৰোওৱাৰ সম্পূৰ্ণ সম্ভৱনা আছে।

সচিৱ (প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ) শ্ৰী ৰাজ কুমাৰে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ খণ্ডত ক’ভিড-১৯ ৰ ঋণাত্মক প্ৰভাৱৰ কথা উল্লেখ কৰি কয় যে ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগক ৰাজহুৱা খণ্ডৰ উদ্যোগে দিবলগীয়া ধনৰাশি আদায় দিয়াৰ বাবে জাননী জাৰি কৰা হৈছে আৰু এম এছ এম ইৰ উপাদনৰ লক্ষ্যও হ্ৰাস কৰা হৈছে। বিত্তমন্ত্ৰীৰ সংস্কাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই ঘোষণাই ২০২৫ বৰ্ষৰ ভিতৰত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ ২৫ বিলিয়ন আমেৰিকান ডলাৰৰ লক্ষ্য স্থিৰ কৰাত সহায় কৰিব। 

এছ আই ডি এমৰ সভাপতি শ্ৰী জয়ন্ত ডি পেটেল, পূৰ্বৰ সভাপতি শ্ৰী বাবা এন কল্যাণ, চি আই আইৰ সাধাৰণ সচিৱ শ্ৰী চন্দ্ৰজি বেনাৰ্জী, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক আৰু অসামৰিক জ্যেষ্ঠ বিষয়াসকল, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কাৰখানা ব’ৰ্ড আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে এই সমাৰোহত অংশ গ্ৰহণ কৰে।

ABB/SS/Nampi/KA/DK/Savvy/ADA/PRK



(Release ID: 1625928) Visitor Counter : 219