ৰেল মন্ত্ৰালয়

১ জুন ২০২০ৰ পৰা আৰম্ভ হ’বলগীয়া ৰে’ল সেৱাৰ নিৰ্দেশনাৱলী

ৰে’ল সেৱাৰ শ্ৰেণীৱদ্ধ সেৱাৰ পুনৰ্ব্যৱস্থাৰ প্ৰয়াস

প্ৰব্ৰজকৰ উপৰিও আন যিসকল লোকে ইচ্ছা কৰে তেওঁলোকে শ্ৰমিক ৰে’লৰ বাহিৰে আন ৰে’লৰ সেৱা গ্ৰহণ কৰিব পাৰে

এই নিয়মাৱলী শ্ৰমিক ৰে’লৰ বাবে আন ৰে’লৰ যি বৃহৎ সংখ্যাত চলাচল কৰিব

১০০ যোৰা ৰে’ল তালিকাভুক্ত কৰা হৈছে

টিকেট বুকিং আৰু চাৰ্টিং, কোটা, ৰেহাই, বাতিলকৰণ আৰু ৰিফাণ্ড, স্বাস্থ্য পৰীক্ষণ, কেটাৰিং, নাইলনৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰা হৈছে

২১/০৫/২০২০ তাৰিখৰ পৰা আৰম্ভ হ’ব ৰে’লসমূহৰ বুকিং

সকলো মেইল/এক্সপ্ৰেছ, যাত্ৰীবাহী ৰে’লসমূহকে ধৰি অন্যান্য নিয়মীয়া যাত্ৰীবাহী ৰে’ল সেৱাসমূহ পৰৱৰ্তী জাননী প্ৰকাশ নোপোৱা পৰ্যন্ত বাতিল হৈ থাকিব

ৰে’লসমূহত কোনো অসংৰক্ষিত দবা নাথাকিব

সাধাৰণ দবাসমূহৰ বাবে ভাড়া সাধাৰণ হ’ব, আসন শ্ৰেণীসমূহৰ ভাড়া লোৱা হ’ব আৰু সকলো যাত্ৰীকে আসন প্ৰদান কৰা হ’ব

আইআৰচিটিচিৰ ৱেবচাইট আৰু ম’বাইল এপৰ জৰিয়তে কেৱল ই-টিকেটিং কৰা হ’ব

ৰে’লৱে ষ্টেচনৰ কাউণ্টাৰত কোনো ধৰণৰ টিকেট সংৰক্ষণ কৰা নহ’ব

এআৰপি ব্যৱস্থা সৰ্বাধিক ৩০ দিনৰ বাবে হ’ব

কেৱল নিশ্চিত টিকেটৰ গৰাকীকহে ৰে’লৱে ষ্টেচনত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব

ব’ৰ্ডিঙৰ পূৰ্বে পৰীক্ষণ কৰা হ’ব আৰু কেৱল বিলক্ষণযুক্ত যাত্ৰীকহে ৰে’লত যাত্ৰা কৰিবলৈ দিয়া হ’ব

এই বিশেষ ৰে’লত দিব্যাংগসকলৰ বাবে চাৰিটা শাখা আৰু অন্যান্য যাত্ৰীৰ বাবে ১১টা শাখাৰ ৰেহাইৰ ব্যৱস্থা থাকিব

লক্ষ্যস্থানত উপনীত হোৱাৰ পিছত ভ্ৰমণকাৰী যাত্ৰীজনে তেওঁৰ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ স্বাস্থ্য প্ৰট’ক’লসমূহ অনুপালন কৰিব লাগিব

ৰে’লৰ ভিতৰত নাইলন, কম্বল আৰু পৰ্দা প্ৰদান কৰা নহ’ব

Posted On: 20 MAY 2020 10:25PM by PIB Guwahati

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ সৈতে হোৱা আলোচনা মৰ্মে ৰে’লৱে মন্ত্ৰালয়ে ১ জুন ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

এই সেৱাৰ বাবে ভাৰতীয় ৰে’লৱে ২০০খন যাত্ৰীবাহী ৰে’ল তালিকাভুক্ত কৰিছে৷এই ৰে’লসমূহে ১/৬/২০২০ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু এই ৰে’লসমূহৰ বুকিং ২১/০৫/২০২০ তাৰিখৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব৷

এই বিশেষ ৰে’লসমূহে বিদ্যমান শ্ৰমিক ৰে’লৰ সৈতে সেৱা আগবঢ়াব৷ আনহাতে আন যাত্ৰীবাহী মেইল/এক্সপ্ৰেছ আৰু নগৰৰ উপকণ্ঠীয় সেৱাসমূহ পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত বন্ধ থাকিব৷ সেৱা প্ৰদান কৰিবলগীয়া এই ৰে’লসমূহত এচি, নন এচি, আসনযুক্ত সাধাৰণ দবা অন্তৰ্ভুক্ত থাকিব৷ ৰে’লসমূহত অসংৰক্ষিত কোনো দবা নাথাকিব৷ সকলো যাত্ৰীকে আসনৰ সুবিধা প্ৰদান কৰা হ’ব৷

আইআৰচিটিচিৰ ৱেবছাইট আৰু ম’বাইল এপৰ জৰিয়তেহে কেৱল টিকেট বুক কৰিব পৰা যাব৷ কাউণ্টাৰত কোনো ধৰণৰ টিকেট প্ৰদান কৰা নহ’ব৷ তকাল আৰু প্ৰিমিয়াম তকাল বুকিঙৰ ব্যৱস্থা নাথাকিব৷ ৰে’লত প্ৰৱেশ কৰাৰ পূৰ্বে সকলো যাত্ৰীকে পৰীক্ষণ কৰা হ’ব আৰু কেৱল বিলক্ষণযুক্ত যাত্ৰীকহে ভ্ৰমণ কৰিবলৈ দিয়া হ’ব৷ যাত্ৰীসকলে নিজৰ ৰাজ্যত উপস্থিত হোৱাৰ পিছত তেওঁলোকে নিজ নিজ ৰাজ্যৰ স্বাস্থ্য নিৰ্দেশনাসমূহ পালন কৰিব লাগিব৷

ভাড়াত কেটাৰিং মূল্য সংযোজিত কৰা নহ’ব৷ প্ৰি-পেইড খাদ্য বুকিং, ই-কেটাৰিং সেৱা নিষ্ক্ৰিয় কৰা হ’ব৷ কিন্তু আইআৰচিটিচিয়ে সীমিত সংখ্যক পেকেজযুক্ত খোৱা পানীৰ ব্যৱস্থা কেৱল সীমিত সংখ্যক ৰে’লত য’ত পেণ্ট্ৰী কাৰ সংযোজিত আছে, তাতেহে এই সেৱা প্ৰদান কৰিব৷ যাত্ৰীসকলক নিজৰ খাদ্য নিজে লৈ আনিবলৈ পৰামৰ্শ দিয়া হৈছে৷

ৰে’লৰ ভিতৰত নাইলন, কম্বল আৰু পৰ্দা প্ৰদান কৰা নহ’ব৷ যাত্ৰীসকলক নিজৰ কাপোৰ নিজে লৈ আনিবলৈ পৰামৰ্শ দিয়া হৈছে৷ এচি দবাসমূহৰ উষ্ণতা পৰিবেশ অনুপাতে নিয়ন্ত্ৰিত কৰা হ’ব৷

সকলো যাত্ৰীয়ে আৰোগ্য সেতু এপ ডাউনলোড কৰা তথা ব্যৱহাৰ কৰাটো বাধ্যতামূলক৷

পৰিশিষ্টৰ লিংক

 

***

DJN/MKV/MANN



(Release ID: 1625619) Visitor Counter : 224