বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ চিনাক্ত কৰিব পৰা ‘অগাপ্পে চিত্ৰা মেগ্না’ৰ বাণিজ্যিকীকৰণৰ শুভাৰম্ভ কৰিব ‘এছচিটিআইএমএছটি’-য়ে

प्रविष्टि तिथि: 20 MAY 2020 5:24PM by PIB Guwahati

ভিড-১৯ চিনাক্তকৰণৰ বাবে প্ৰয়োজন হোৱা আৰএনএ আহৰণ কৰিব পৰা অগাপ্পে চিত্ৰা মেগ্না নামৰ এবিধ চৌম্বকীয় নেনো-পাৰ্টিকল ভিত্তিক কিট-ৰ বাণিজ্যিকীকৰণৰ শুভাৰম্ভৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ত্ৰিৱাদ্ৰুমৰ শ্ৰী চিত্ৰা তিৰুমলা ইনষ্টিটিউট ফৰ মেডিকেল ছায়েন্সেছ এণ্ড টেকনলজী(এছচিটিআইএমএছটি)য়ে। প্ৰতিষ্ঠানটোৱে কোচিনৰ অগাপ্পে ডায়েগনষ্টিকছ লিমিটেডৰ সৈতে জোঁট বান্ধি এই বিধ কিট বিকশিত কৰিছে। কাইলৈ অৰ্থাত ২১মে, ২০২০ৰ বিয়লি ৪.৩০বজাত আয়োজিত হব লগা অনুষ্ঠান বিশেষ ভাবে বিকশিত কিটবিধৰ শুভাৰম্ভ কৰা হব।

এছচিটিআইএমএছটি আৰু অগাপ্পে ডায়েগনষ্টিকছ লিমিটেডয়ে যুটীয়া ভাবে আয়োজন কৰা এই কাৰ্যক্ৰম অনুষ্ঠিত হএছচিটিআইএমএছটি-ৰ জৈৱ-চিকিত্সা প্ৰযুক্তি বিভাগৰ সভাগৃহত।

অনুষ্ঠানত নিতি আয়োগৰ সদস্য তথা এছচিটিআইএমএছটি-ৰ অধ্যক্ষ ড০ ভি কে সাৰস্বত আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

 

 

****

KGS/DST/KB


(रिलीज़ आईडी: 1625510) आगंतुक पटल : 287
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil , Telugu