ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

গ্ৰামাঞ্চলৰ পথ নিৰ্মাণৰ বাবে অনুমতি লাভ কৰিলে কয়ৰ জিঅ’ টেক্সটাইলে

এই সিদ্ধান্তই বিশেষকৈ ক’ভিড মহামাৰীৰ সময় নাৰিকল উদ্যোগক উদগনি যোগাবঃ শ্ৰী গাডকাৰী

Posted On: 20 MAY 2020 12:59PM by PIB Guwahati

সছিদ্ৰ সুঁতা, প্ৰাকৃতিক, শক্তিশালী, স্থায়ী, পচন ৰোধ ক্ষমতাসম্পন্ন, জীৱানুৰ আক্ৰমণৰ পৰা মুক্ত কয়ৰ জিঅটেক্সটাইলে গ্ৰাম্য পথ নিৰ্মাণত ব্যৱহৃত উপযোগী সামগ্ৰী হিচাপে স্বীকৃতি লাভ কৰিছে৷

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন অভিকৰণৰ সৈতে হোৱা আলোচনাত পিএমজিএছৱাই- পৰ্যায়ত গ্ৰাম্য পথ নিৰ্মাণত কয়ৰ জিঅ’  টেক্সটাইল ব্যৱহাৰ কৰা বিষয়টোৱে স্থান লাভ কৰে৷

এই সন্দৰ্ভত কেন্দ্ৰীয় এমএছএমই তথা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয়, “এয়া এক গুৰুত্বপূৰ্ণ উন্নয়ন, কিয়নো এতিয়া কয়ৰ জিঅটেক্সটাইলৰ জৰিয়তে আমি পথ নিৰ্মাণত সফল হৈছো৷ এই সিদ্ধান্তই বিশেষকৈ ভিড মহামাৰীৰ জটিল ক্ষণত নাৰিকল উদ্যোগক উদ্ননি যোগাব৷

পিএমজিএছৱাইৰ নতুন প্ৰযুক্তি নিৰ্দেশনা অনুসৰি পথ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিটো পৰ্যায়ৰ পথ নিৰ্মাণৰ ১৫% পথত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব৷ ইয়াৰে % পথ আইআৰচি স্বীকৃতিপ্ৰাপ্ত প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা ব৷ এই আইআৰচিয়ে এতিয়া গ্ৰাম্য পথ নিৰ্মাণৰ বাবে কয়ৰ জিঅটেক্সটাইলক স্বীকৃতি প্ৰদান কৰিছে৷

এই পৰামৰ্শৰ ভিত্তিত পিএমজিএছৱাই- পৰ্যায়ত অধীনত গ্ৰাম্য পথৰ % কয়ৰ জিঅটেক্সটাইল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা ব৷ সেই হিচাপে কয়ৰ জিঅটেক্সটাইল ব্যৱহাৰ কৰি অন্ধ্ৰপ্ৰদেশত ১৬৪ কিলোমিটাৰ, গুজৰাটত ১৫১ কিলোমিটাৰ, কেৰালাত ৭১ কিলোমিটাৰ, মহাৰাষ্ট্ৰত কিলোমিটাৰ, ওড়িশাত ৩৬৯ কিলোমিটাৰ আৰু তেলেংগানাত কিলোমিটাৰসহ মুঠ ,৬৭৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা ব৷ ইয়াৰ বাবে কোটি বৰ্গ মিটাৰ কয়ৰ জিঅটেক্সটাইলৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত ব্যয় ৭০ কোটি টকা৷

ভিড-১৯ৰ ফলত প্ৰভাৱিত নাৰিকল উদ্যোগত এই সিদ্ধান্তই এক বজাৰ সৃষ্টিৰ সম্ভাৱনাকে প্ৰকট কৰিছে৷

 

*****

RCJ/SKP/IA/DB



(Release ID: 1625443) Visitor Counter : 231