ৰেল মন্ত্ৰালয়
ভাৰতীয় ৰে’ল বিভাগে ২১.৫ লাখতকৈও অধিক প্ৰব্ৰজিত শ্ৰমিকক ১৯ দিনৰ ভিতৰত শ্ৰমিক বিশেষ ৰে’লগাড়ীৰে নিজৰ গৃহ ৰাজ্যলৈ কঢ়িয়াই নিছে আৰু ১৬০০ খনতকৈও অধিক শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে
ভাৰতীয় ৰে’ল বিভাগে প্ৰব্ৰজকক সকাহ দিবলৈ শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ সংখ্যা প্ৰায় দুগুণ কৰাৰ পৰিকল্পনা কৰিছে। আজি ৰাতিলৈকে প্ৰায় ২০০ খন ৰে’লগাড়ীৰ চলাচল হ’ব।
ভাৰতীয় ৰে’ল বিভাগে ১ জুন, ২০২০ ৰ পৰা নিৰ্দ্ধাৰিত সময়সূচী থকা দৈনিক প্ৰায় ২০০ খন নতুন ৰে’লগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিব।
টিকটৰ বুকিং কেইদিনমানৰ পিছতে অনলাইনযোগে আৰম্ভ হ’ব। শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকা এই ৰে’লগাড়ীসমূহৰ সময়সূচী অনতিপলমে ঘোষণা কৰা হ’ব।
এই গতিশীলতাই সমগ্ৰ দেশৰ প্ৰব্ৰজকক বহুখিনি সকাহ দিছে।
Posted On:
19 MAY 2020 9:38PM by PIB Guwahati
সমগ্ৰ দেশৰ প্ৰব্ৰজকক অধিক সকাহ দিবৰ বাবে ভাৰতীয় ৰে’ল বিভাগে শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ সংখ্যা প্ৰায় দুগুণ কৰাৰ সিদ্ধান্ত লৈছে। লগতে ভাৰতীয় ৰে’ল বিভাগে ১ জুন, ২০২০ ৰ পৰা নিৰ্দ্ধাৰিত সময়সূচী থকা দৈনিক প্ৰায় ২০০ খন নতুন ৰে’লগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিছে। এই ৰে’লগাড়ীসমূহৰ পথ আৰু সময়সূচী অনতিপলমে ঘোষণা কৰা হ’ব। টিকটৰ বুকিং কেইদিনমানৰ পিছতে অনলাইনযোগে আৰম্ভ হ’ব। এই ৰে’লগাড়ীসমূহত শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাথাকিব আৰু ষ্টে’শ্যনত টিকট দিয়া নহ’ব।
ভাৰতীয় ৰে’ল বিভাগে প্ৰব্ৰজকসকলক ভয় নাখাবলৈ আহ্বান জনাইছে। সকলোকে যিমান পাৰি সোনকালে নিজৰ নিজৰ গৃহ ৰাজ্যলৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত ভাৰতীয় ৰে’ল বিভাগৰ প্ৰয়াস অবিৰতভাৱে চলি আছে। তেওঁলোকে যি ঠাইত আছে তাৰ নতিদূৰত থকা ষ্টে’শ্যনতে ৰে’লগাড়ীত উঠিবপৰা ব্যৱস্থা কৰাৰ প্ৰয়াস কৰা হৈছে।
ৰে’ল বিভাগে ৰাজ্য চৰকাৰসমূহক খোজকাঢ়ি ঘৰলৈ উভতা লোকসকলক জিলা মূখ্য কাৰ্যালয়ত পঞ্জীয়ন কৰাই নতিদূৰৰ ৰে’ল কৰ্তৃপক্ষক অৱগত কৰি শ্ৰমিক বিশেষ ৰে’লগাড়ীৰে ঘৰলৈ পঠিওৱাৰ বন্দোবস্ত কৰাই দিবলৈ অনুৰোধ কৰিছে।
ভাৰতীয় ৰে’ল বিভাগে ২১.৫ লাখতকৈও অধিক প্ৰব্ৰজিত শ্ৰমিকক ১৯ দিনৰ ভিতৰত শ্ৰমিক বিশেষ ৰে’লগাড়ীৰে নিজৰ গৃহ ৰাজ্যলৈ কঢ়িয়াই নিছে আৰু ১৯ মে’ ২০২০ লৈকে ১৬০০ খনতকৈও অধিক শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে ।
***
DJN/MKV/PRK
(Release ID: 1625333)
Read this release in:
Tamil
,
Kannada
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu