গৃহ মন্ত্ৰালয়

প্ৰব্ৰজিতসকলৰ আন্তঃৰাজ্যিক যাতায়াত সুকলমে সম্পন্ন কৰাৰ বাবে ‘এনডিএমএ’-ই বিকশিত কৰিছে ‘ৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী তথ্য ব্যৱস্থা’(এনএমআইএছ) শীৰ্ষক কেন্দ্ৰীয় অনলাইন তথ্যভাণ্ডাৰ উন্নত আন্তঃৰাজ্যিক সমন্বয়ৰ বাবে ৰাজ্যসমূহক ‘এনএমআইএছ’ ব্যৱহাৰৰ পৰামৰ্শ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ

प्रविष्टि तिथि: 16 MAY 2020 9:05PM by PIB Guwahati

গাড়ী-মটৰ অথবা শ্ৰমিক বিশেষ ৰেলগাড়ী ব্যৱহাৰ কৰি প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ নিজ গাঁৱলৈ উভতি যোৱাৰ বাবে অনুমতি প্ৰদান কৰিছে ভাৰত চৰকাৰে।

প্ৰব্ৰজিত লোকসকলে আন্তঃৰাজ্যিক যাতায়াত সুকলমে সম্পন্ন কৰাত সহযোগিতা আগবঢ়াব পৰাকৈ সেৱা আগবঢ়োৱাৰ বাবে ‘ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণ’ (এনডিএমএ)-ই বিকশিত কৰিছে ‘ৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী তথ্য ব্যৱস্থা’(এনএমআইএছ) শীৰ্ষক এক কেন্দ্ৰীয় অনলাইন তথ্যভাণ্ডাৰ।

এই তথ্যভাণ্ডাৰত প্ৰব্ৰজিত শ্ৰমিকসকলৰ যাৱতীয় তথ্যৰ সংগ্ৰহ কৰা হ’ব আৰু এই তথ্যভাণ্ডাৰে প্ৰেৰক ৰাজ্য আৰু আদৰণি জনাব লগা ৰাজ্যসমূহৰ মাজত সংশ্লিষ্ট শ্ৰমিকসকলৰ তথ্য-পাতিৰ যোগান ধৰি ৰাজ্যসমূহৰ মাজত সমন্বয় সাধানৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়াব পাৰিব বুলি আশা কৰা হৈছে। এনে প্ৰেক্ষাপটতে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে উন্নত আন্তঃৰাজ্যিক সমন্বয়ৰ বাবে ৰাজ্যসমূহক এনএমআইএছ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে।

 

Click here to see Official Communication to States

 

*****

VG/SNC/VM/KB


(रिलीज़ आईडी: 1624756) आगंतुक पटल : 354
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , Punjabi , English , Urdu , Marathi , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada