বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ বিজ্ঞানীসকলে বিকাশ সাধন কৰিলে চলমান আভ্যন্তৰীণ বীজানুনাশক স্প্ৰেয়াৰ

এই স্প্ৰেয়াৰবোৰত মচিব পৰা সুবিধাৰ লগতে গোপন এলেকা সম্পূৰ্ণৰূপে চাফা কৰিব পৰাকৈ সম্প্ৰসাৰিত বাহুৰ দৰে সঁজুলিৰে সমৃদ্ধ

বৰ্তমানৰ ক’ভিড-১৯ সংকটৰ উপৰি পাছৰ পৰ্যায়তো এই প্ৰযুক্তিৰ প্ৰাসংগিকতা থাকিব

Posted On: 16 MAY 2020 11:57AM by PIB Guwahati

দুৰ্গাপুৰস্থিত চিএছআইআৰ-চেণ্ট্ৰেল মেকানিকেল ইঞ্জিনিয়াৰিং ৰিছাৰ্চ ইনষ্টিটিউট(চিএমইআৰআই)য়ে দুটাকৈ চলমান আভ্যন্তৰীণ বীজানুনাশক স্পেয়াৰ ইউনিটৰ বিকাশ সাধন কৰিছে৷ এই স্প্ৰেয়াৰ কেইটাই বিশেষকৈ চিকিসালয়সমূহত বাহক ৰোগৰ বীজানু ফলপ্ৰসূভাৱে চাফা কৰাৰ লগতে বীজানুনাশ কৰিবলৈ সক্ষম৷

বেটাৰী চালিত বীজানুনাশক স্প্ৰেয়াৰ(বিপিডিএছ) আৰু বায়ুৰ দ্বাৰা চালিত চলমান আভ্যন্তৰীণ বীজানুনাশকৰণ(পিঅ’এমআইডি) শীৰ্ষক এই দুটা ইউনিট আমি সচৰাচৰ স্পৰ্শ কৰা টেবুল, দুৱাৰৰ হুক, লাইটৰ ছুইচ, কাউণ্টাৰটপ, হেণ্ডেল, ডেস্ক, ফোন, কীবোৰ্ড, শৌচালয়, পানীৰ টেপ, পাকঘৰৰ বাচন ধোৱা বেচিন আৰু কাৰ্ডবোৰ্ড ইত্যাদিৰ পৃষ্ঠভাগ চাফা কৰাৰ ক্ষেত্ৰত অতি উপযোগী৷ জনসাধাৰণে সততে চুই থকা এই পৃষ্ঠভাগৰ পৰিস্কৰণৰ জৰিয়তে ক’ৰোনাভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰাত এই প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰাৰ আশা আছে৷ এই বিপিডিএছ আৰু পিঅ’এমআইডি প্ৰযুক্তি দুটা পৰ্যায়ৰ স্প্ৰেয়িং ইউনিট আৰু পৃথক মজুত টেংক আছে, যাৰ দ্বাৰা কোনো এটা কোঠাৰ ওপৰ আৰু তলৰ ভাগ খুব সুন্দৰকৈ পৰিস্কাৰ তথা বীজানুমুক্তকৰণ কৰিব পাৰে৷ ঔদ্যোগিক ক্ষেত্ৰৰ বিশাল পৰিসৰ বীজানুমক্ত কৰাৰ ক্ষেত্ৰতো এই প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি৷

চাৰিটা চকাযুক্ত ষ্টীল ফ্ৰেমত নিৰ্মিত পিঅ’এমআইডিত এটা কম্প্ৰেচাৰ, পাইপ, স্প্ৰে নজেলছৰ উপৰি সুবিধা অনুসৰি ব্যৱহাৰ কৰিব পৰা শিথিল বাহু সংযোজন কৰা হৈছে৷ ইয়াত ১০ লিটাৰ বহনক্ষমতাৰ দুটা টেংকি আছে৷ একেদৰে, বিপিডিএছ হৈছে এক তাঁৰবিহীন মেচিন দুটা স্প্ৰে নজেল আৰু এডাল সম্প্ৰসাৰিত স্প্ৰে বাহু সংযোজন কৰা হৈছে৷ এবাৰ চাৰ্ড ডি চাৰি ঘণ্টালৈকে চলাব পৰা এই প্ৰযুক্তিত ২০লিটাৰ বহনক্ষমতাসম্পন্ন টেংকি আছে৷ ইয়াৰ ওজন ২৫ কেজি৷

দুৰ্গাপুৰস্থিত চিএছআইআৰ-চেণ্ট্ৰেল মেকানিকেল ইঞ্জিনিয়াৰিং ৰিছাৰ্চ ইনষ্টিটিউট(চিএমইআৰআই)য়ে দুটাকৈ চলমান আভ্যন্তৰীণ বীজানুনাশক স্পেয়াৰ ইউনিটৰ বিকাশ সাধন কৰিছে৷ এই স্প্ৰেয়াৰ কেইটাই বিশেষকৈ চিকিসালয়সমূহত বাহক ৰোগৰ বীজানু ফলপ্ৰসূভাৱে চাফা কৰাৰ লগতে বীজানুনাশ কৰিবলৈ সক্ষম৷

বেটাৰী চালিত বীজানুনাশক স্প্ৰেয়াৰ(বিপিডিএছ) আৰু বায়ুৰ দ্বাৰা চালিত চলমান আভ্যন্তৰীণ বীজানুনাশকৰণ(পিঅ’এমআইডি) শীৰ্ষক এই দুটা ইউনিট আমি সচৰাচৰ স্পৰ্শ কৰা টেবুল, দুৱাৰৰ হুক, লাইটৰ ছুইচ, কাউণ্টাৰটপ, হেণ্ডেল, ডেস্ক, ফোন, কীবোৰ্ড, শৌচালয়, পানীৰ টেপ, পাকঘৰৰ বাছন ধোৱা বেচিন আৰু কাৰ্ডবোৰ্ড ইত্যাদি পৃষ্ঠভাগ চাফা কৰাৰ ক্ষেত্ৰত অতি উপযোগী৷ জনসাধাৰণে সততে চুই থকা এই পৃষ্ঠভাগৰ পৰিস্কৰণৰ জৰিয়তে ক’ৰোনাভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰা এই প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰাৰ আশা আছে৷ এই বিপিডিএছ আৰু পিঅ’এমআইডি প্ৰযুক্তি দুটা পৰ্যায়ৰ স্প্ৰেয়িং ইউনিট আৰু পৃথক মজুত টেংক আছে, যাৰ দ্বাৰা কোনো এটাৰ কোঠাৰ ওপৰ আৰু তলৰ ভাগ খুব সুন্দৰকৈ পৰিস্কাৰ তথা বীজানুমুক্তকৰণ কৰিব পাৰে৷ ঔদ্যোগিক ক্ষেত্ৰৰ বিশাল পৰিসৰ বীজানুমক্ত কৰাৰ ক্ষেত্ৰতো এই প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি৷

চাৰিটা চকাযুক্ত ষ্টীল ফ্ৰেমত নিৰ্মিত পিঅ’এমআইডিত এটা কম্প্ৰেচাৰ, পাইপ, স্প্ৰে নজেলছৰ উপৰি সুবিধা অনুসৰি ব্যৱহাৰ কৰিব পৰা শিথিল বাহু সংযোজন কৰা হৈছে৷ ইয়াত ১০ লিটাৰ বহনক্ষমতাৰ দুটা টেংকি আছে৷ একেদৰে বিপিডিএছ হৈছে এক তাঁৰবিহীন মেচিন দুটা স্প্ৰে নজেল আৰু এডাল সম্প্ৰসাৰিত স্প্ৰে বাহু সংযোজন কৰা হৈছে৷ এবাৰ চাৰ্ড ডি চাৰি ঘণ্টালৈকে চলাব পৰা এই প্ৰযুক্তিত ২০লিটাৰ বহনক্ষমতাসম্পন্ন টেংকি আছে৷ ইয়াৰ ওজন ২৫ কেজি৷

এই স্প্ৰেয়াৰবোৰত মচিব পৰা সুবিধাৰ লগতে গোপন এলেকা সম্পূৰ্ণৰূপে চাফা কৰিব পৰাকৈ সম্প্ৰসাৰিত বাহুৰ দৰে সঁজুলি সংযোজন কৰা হৈছে৷ বৰ্তমানৰ ক’ভিড-১৯ সংকটৰ উপৰি পাছত পৰ্যায়তো এই প্ৰযুক্তিৰ যথেষ্ট প্ৰাসংগিকতা থাকিব৷ যিহেতু প্ৰতি বছৰে বিশ্বজুৰি ইনফ্লুয়েঞ্জাৰ সংক্ৰমণ হয়৷ চিএছআইআৰ-চিএমইআৰআইৰ সঞ্চালক অধ্যাপক হৰিশ হিৰানীয়ে ভৱিষ্যতৰ স্বাস্থ্যসন্মত ব্যৱস্থা আৰু স্বাস্থ্য সেৱা সঁজুলিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ এমএছএমই খণ্ডক এই প্ৰযুক্তিত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে একেদিনাই বিপিডিএছৰ প্ৰযুক্তিৰ বাণিজ্যিকীকৰণৰ বাবে পাৱাৰ টেক মাইনিং প্ৰাইভেট লিমিটেডক হস্তান্তৰ কৰা হয়৷

****

KGS/DST/(India Science Wire)/DB



(Release ID: 1624441) Visitor Counter : 219