ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজত সক্ৰিয় ভূমিকা পালন কৰিছে নাইপাৰে

নাইপাৰত লাইচেঞ্চ তথা ব্যৱসায়িক দিশৰ অনুমতিত অগ্ৰাধিকাৰ, যাতে উৎপাদিত সামগ্ৰী তাৎক্ষণিকভাৱে বজাৰ গৈ পায়

Posted On: 14 MAY 2020 6:07PM by PIB Guwahati

ভিড-১৯ৰ চিনাক্তকৰণ আৰু চিকিসাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰীয় ঔষধীয় শিক্ষা আৰু গৱেষণা সংস্থা (নাইপাৰ) দ্বাৰা বহুপাক্ষিক গৱেষণাৰ প্ৰস্তাৱত অনুমোদনৰ বাবে সমন্বিত এজেঞ্চি গঠন কৰা হৈছে৷ এই প্ৰস্তাৱসমূহক মুখ্য বিষয় হিচাপে লৈ নাইপাৰ (হালি) দ্বাৰা এণ্টিভাইৰেল এজণ্টক লক্ষ্যত উপনীত কৰাৰ বাবে কম্পিউটেশ্যনেল ৰূপত নিৰ্দেশিত এফডিএৰ দ্বাৰা অনুমোদিত দৰব ডাটাবেচৰ দ্বাৰা ড্ৰাগ ৰূপান্তৰৰ বাবে ৰিমেডছিৰৰ বিশ্লেষণৰ জৰিয়তে ভিড-১৯ৰ ৰোগী বাবে কোৱাণ্টেম ডট আৰু চালকটাৰ আধাৰিত বায়চেন্সৰ বিকশিত কৰাৰ লগতে এই ক্ষেত্ৰত মনোগ্ৰাহী অধ্যয়নৰ বিষয় অন্তৰ্ভূক্ত কৰা হৈছে৷

তদুপৰি, ৰায়বেৰেইলী নাইপাৰে পৰম্পৰাগতভৱে ব্যৱহৃত জৰি বুটীৰ ব্যৱহাৰ কৰি নতুন প্ৰতিৰোধী গাঁথনিৰ বিকাশত আইআইটি আৰু আন এক ঔদ্যোগিক বুজাবুজিৰ লগতি এক বিশাল পৰিকল্পনা আৰম্ভ কৰিছে৷ নাইপাৰ, কলকাতা চিএছআইআৰ-চিইচিআৰআই আৰু এক ব্যক্তিগত নিৰ্মাতাৰ সহযোগত কম ব্যয়েৰে এক স্বদেশী আৰু সক্ষম আইচিইউ ভেণ্টিলেটৰ নিৰ্মাণৰ কাম কৰি আছে৷

নাইপাৰ, ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ফাৰ্মাচিউটিকেল বিভাগৰ অধীনস্ত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান৷ আমহেদাবাদ, হায়দৰাবাদ, হাজিপুৰ, কলকাতা, গুৱাহাটী, হালি আৰু ৰায়বেৰেইলীকে ধৰি সাতটা প্ৰতিষ্ঠানত এনে কাম চলি আছে৷

বৈঠকত নাইপাৰ, গুৱাহাটীৰ সঞ্চালকে কয় যে ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰতিষ্ঠানটোৱে ৩ডি প্ৰিণ্টেড ফেচ-শ্বিল্ডৰ প্ৰটাইপ, হাতেৰে নোচোৱাকৈ দৰ্জা খোলা, লিফ্ট চলোৱা আৰু চালৰ উপযোগী হাৰ্বেল ছেনিটাইজাৰ প্ৰস্তুত কৰিছে৷

*******

RCJ/RKM/DB



(Release ID: 1624303) Visitor Counter : 148