PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 15 MAY 2020 6:36PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভিড-১৯ক লৈ কেন্দ্ৰীয় মন্ত্ৰীগোটৰ ১৫সংখ্যক বৈঠক সম্পন্ন, বৰ্তমানৰ স্থিতি-প্ৰস্তুতি আৰু পদক্ষেপৰ পৰ্যালোচনা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ অধ্যক্ষতাত আজি নিৰ্মাণ ভৱত কভিড-১৯ক লৈ মন্ত্ৰীমণ্ডলৰ উচ্চ পৰ্যায়ৰ গোটৰ ১৫সংখ্যক বৈঠক অনুষ্ঠিত হয়৷ মন্ত্ৰীগোটে কভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে কণ্টেইনমেণ্ট ৰণকৌশল আৰু অন্যান্য ব্যৱস্থাৰ বিষয়ে পৰ্যালোচনা কৰে৷ কেন্দ্ৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰো তেওঁলোকে বুজ লয়৷ ভাৰতত এতিয়ালৈকে কভিড-১৯ৰ পজিটিভ ৰোগীৰ পৰিমাণ হল ৮১,৯৭০৷ মৃত্যু হোৱাৰ লোকৰ সংখ্যা হল ২,৬৪৯ আৰু মৃত্যুৰ হাৰ ৩.২৩% এইপৰ্যন্ত, ২৭,৯২০গৰাকী লোক সুস্থ হৈছে৷ যোৱা ২৪ ঘণ্টাত ১,৬৮৫গৰাকী লোক এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে৷ ইয়াৰ ফলত মুঠ সুস্থতাৰ হাৰ ৩৪.০৬%লৈ উন্নত হৈছে৷ একেদৰে, সংক্ৰমণৰ সংখ্যা দুগুণ হোৱাৰ সময় যোৱা সপ্তাহত ১২.৯ দিননৈ হ্ৰাস পাইছে৷ লকডাউনৰ পূৰ্বে এই হাৰ আছিল ৩.৪ দিন৷

সৱিশেষৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1624057

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তৃতীয় পৰ্যায়ৰ কিস্তিৰ বিস্তৃত বিৱৰণ দাঙি ধৰে

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1624104

বিত্তমন্ত্ৰীয়ে প্ৰব্ৰজক, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু পদপথৰ বিক্ৰেতাকে ধৰি দৰিদ্ৰসকলক সহায় কৰিবলৈ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন ব্যৱস্থা ঘোষণা কৰিছে

প্ৰব্ৰজিত শ্ৰমিক, পদপথৰ বিক্ৰেতা, প্ৰব্ৰজিত নগৰীয়া দৰিদ্ৰ, ক্ষুদ্ৰ ব্যৱসায়ী, আত্মসংস্থাপিত লোক, ক্ষুদ্ৰ খেতিয়কসকলে সন্মুখীন হোৱা কঠিনতা হ্ৰাস কৰিবলৈ বিত্তীয় পেকেজৰ দ্বিতীয়টো কিস্তি ঘোষণা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি তেওঁৰ সংবাদমেলত হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন ব্যৱস্থাসমূহ সবিস্তাৰে প্ৰকাশ কৰে৷ এই ব্যৱস্থাসমূহে প্ৰব্ৰজিত শ্ৰমিক, পদপথৰ বিক্ৰেতা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায় কৰিব৷ ইয়ে সাঙুৰি ল’বঃ প্ৰব্ৰজিত শ্ৰমিকক ২মাহৰ বাবে বিনামূলীয়া খাদ্য যোগান; ২০২১ৰ ভিতৰত ‘এক দেশ, এক ৰেচন কাৰ্ড’ ব্যৱস্থা ৰূপায়নৰ বাবে প্ৰযুক্তিৰ মাধ্যমেৰে প্ৰব্ৰজিত শ্ৰমিক চিনাক্ত কৰা; প্ৰব্ৰজিত শ্ৰমিক আৰু নগৰীয় দৰিদ্ৰৰ বাবে সূলভ মূল্যৰ ৰেণ্টেল হাউচিং কমপ্লেক্সৰ আঁচনি মুকলি কৰা হ’ব; শিশু মুদ্ৰা ঋণত ১২মাহৰ বাবে ২% সূত অৰ্থসাহায্য আৰু ১৫০০কোটিৰ সাহায্য, পদপথৰ ব্যৱসায়ীলৈ ৫০০০কোটিৰ ঋণৰ সুবিধা, হাউচিং খণ্ড আৰু মধ্যবিত্ত শ্ৰেণীলৈ ৭০,০০০ কোটিৰ সকাহ, কাম্পা ফাণ্ড ব্যৱহাৰেৰে সংস্থাপন সৃষ্টি কৰিবলৈ ৬,০০০ কোটি, নাবাৰ্ডৰ জৰিয়তে কৃষকৰ বাবে ৩০,০০০ কোটিৰ অতিৰিক্ত জৰুৰী কাৰ্যকৰী মূলধন, কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ২.৫কোটি কৃষকলৈ ২ লাখ কোটিৰ সহজলভ্য ঋণ৷

সৱিশেষৰ বাবে : https://pib.gov.in/PressReleseDetail.aspx?PRID=1623862

লকডাউনৰ বাবে দুগ্ধ খণ্ডত কাৰ্যকৰী মূলধনৰ ওপৰত সূতৰ অৰ্থসাহায্য

দুগ্ধ খণ্ডৰ ওপৰত কভিড-১৯ৰ অৰ্থনৈতিক প্ৰভাৱ হ্ৰাস কৰিবলৈ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে কাৰ্যকৰী মূলধনৰ ওপৰত সূতৰ অৰ্থসাহায্য নামৰ এখন নতুন আঁচনি মুকলি কৰিব৷এই আঁচনিয়ে দুগ্ধ সমবায় আৰু কৃষি সামগ্ৰী উৎপাদন সংগঠনসমূহক সহায় কৰিব৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1623843

ব্যয় হ্ৰাস কৰি উদাহৰণ দাঙি ধৰিছে ৰাষ্ট্ৰপতি ভৱনে

ভিড-১৯ সাহায্য পুঁজিৰ বাবে অধিক ধন উপলব্ধ কৰাৰ পদক্ষেপৰ অংশ হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে এবছৰৰ বাবে নিজৰ দৰমহাৰ ৩০ শতাংশ পিএম-কেয়াৰ্ছ পুঁজিলৈ আগবঢ়োৱা সিদ্ধান্ত লৈছে৷ ইয়াৰ পূৰ্বে তেওঁ যোৱা মাৰ্চ মাহত পিএম-কেয়াৰ্ছ পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়াইছিল৷ ৰাষ্ট্ৰপতিয়ে লগতে ৰাষ্ট্ৰপতি ভৱনত ব্যয় সংকোচিত কৰিবলৈও নিৰ্দেশ জাৰি কৰিছে, যাতে ৰাহি হোৱা ধনসমূহ কভিড-১৯ৰ বিৰুদ্ধে যুঁজত ব্যৱহাৰ কৰিব পৰা যায়৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1623936

বিল গেটছৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাইক্ৰছফ্টৰ সহঃ প্ৰতিষ্ঠাপক বিল গেটছৰ সৈতে ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে মতবিনিময় কৰে আৰু কভিড-১৯ক লৈ গোলকীয় প্ৰতিক্ৰিয়া সন্দৰ্ভত আলোচনা কৰে৷ এই মহামাৰী প্ৰতিৰোধ কৰিবলৈ বৈজ্ঞানিক উদ্ভাৱনৰ ক্ষেত্ৰত গোলকীয় সমন্বয়ৰ প্ৰয়োজনীয়তাৰ বিষয়েও তেওঁলোকে কথা পাতে৷ বিশ্বৰ প্ৰাথমিক উপযোগিতাৰ বাবে ভাৰতৰ ক্ষমতা আৰু দক্ষতা কিদৰে অধিক উপযোগী কৰি তুলিব পাৰি, সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে গেটছৰ পৰা পৰামৰ্শ বিচাৰে৷

সৱিশেষৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1623944

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামান্য মিটে ফ্ৰেডেৰিকছেনৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামান্য মিটে ফ্ৰেডেৰিকছেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ নেতা দুগৰাকীয়ে কভিড-১৯ৰ বিৰুদ্ধে উভয় দেশে গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1623876

ভাৰতৰ বৈদেশিক বাণিজ্যঃ এপ্ৰিল ২০২০

এপ্ৰিল,২০২০ত ভাৰতৰ সামগ্ৰিক ৰপ্তানি(পণ্য আৰু সেৱা সংযুক্ত কৰি) ধাৰ্য কৰা হৈছে ২৭.৯৬ বিলিয়ন মাৰ্কিন ডলাৰ৷ যোৱা বৰ্ষৰ একে সময়ছোৱাত এই পৰিমাণ আছিল ৩৬.৬৫ শতাংশৰ নিগেটিভ(-)বৃদ্ধি৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1624102

সূলভ মূল্যত অত্যাৱশ্যকীয় ঔষধ, চিকিৎসা আৰু টীকাকৰণৰ উপলব্ধতা নিশ্চিত কৰিবলৈ ভাৰতে জি-১০ ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে

সূলভ মূল্যত অত্যাৱশ্যকীয় ঔষধ, চিকিৎসা আৰু টীকাকৰণৰ উপলব্ধতা নিশ্চিত কৰিবলৈ ভাৰতে জি-১০ ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে৷ বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰীৰ দ্বিতীয় জি-২০ ভাৰ্চুৱেল বৈঠকত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে জি-২০ ৰাষ্ট্ৰসমূহক কয় যে বিশ্বজুৰি অব্যাহত থকা কৰোনা ভাইৰাছৰ বাবে জনসাধাৰণে সন্মুখীন হোৱা দুৰ্দশা হ্ৰাস কৰিবলৈ তাৎক্ষণিক আৰু দৃঢ় পদক্ষেপ গ্ৰহণত সকলোৱে প্ৰথম অগ্ৰাধিকাৰ দিয়া উচিত৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1623888

এদিনত ৪খন ৰেলৰ পৰা এতিয়া দৈনিক ১৪৫খন ৰেলগাড়ীৰে ভাৰতীয় ৰেলৱে মন্ত্ৰালয়ে বেক হোমঅভিযানক সফল কৰি তুলিছে৷  

যোৱা ১মে’, ২০২০ত মাত্ৰ ৪খন ৰেলগাড়ীৰে যাত্ৰা আৰম্ভ কৰি ভাৰতীয় ৰেলৱেমন্ত্ৰালয়ে যোৱা ১৫দিনতকৈ কম সময়ৰ ভিতৰতে ১০০০ৰো অধিক শ্ৰমিক বিশেষ ৰেলগাড়ী চলাচল কৰিবলৈ সক্ষম হৈছে৷ ১৪মেত এক উল্লেখনীয় সাফল্য অৰ্জন কৰি ৰেলৱেবিভাগে বিভিন্ন ৰাজ্যৰ পৰা ১৪৫খন শ্ৰমিক বিশেষ ৰেলগাড়ী সঞ্চালিত কৰি প্ৰায় ২.১০ লাখ যাত্ৰীক নিজৰ নিজৰ গৃহ ৰাজ্যলৈ কঢ়িয়াই নিছে৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1624059

লকডাউনৰ সময়ছোৱাত জমাধন আদায়ত বিলম্বৰ বাবে সন্মুখীন হোৱা জৰিমণাৰ পৰা ইপিএফ আৰু এমপি আইন,১৯৫২ৰ অধীনষ্ঠ কোম্পানীসমূহক সহাক

দীঘলীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত ইপিএফ আৰু এমপি আইন,১৯৫২ৰ অধীনষ্ঠ কোম্পানীসমূহে স্বাভাৱিকভাৱে কাম কৰাত বাধাৰ সন্মুখীন হৈছে আৰু আইনগত বৰঙণিসমূহ সময়মতে আদায় দিব পৰা নাই৷ লকডাউনৰ সময়ছোৱাত তেওঁলোকে সন্মুখীন হোৱা এইধৰণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ইপিএফঅৱে সিদ্ধান্ত লৈছে যে ধন দিওতে বিলম্ব ঘটিলেও এনে কোম্পানীসমূহক জৰিমণা বিহা নহব আৰু ইয়াক অপৰাধ হিচাপে গণ্য কৰা নহব৷

বিস্তৃত বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1624093

কেন্দ্ৰীয় শিক্ষা আৰু মানৱ সম্পদ মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি, চিবিএছইয়ে নৱম আৰু দশম শ্ৰেণীৰ সকলো অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলক স্কুল-ভিত্তিক টেষ্টত পুনৰ অৱতীৰ্ণ হোৱাৰ সুযোগ দিছে

ভিড-১৯য়ে সৃষ্টি কৰা অবাঞ্ছিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে নৱম আৰু দশম শ্ৰেণীৰ সকলো অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলক স্কুল-ভিত্তিক টেষ্টত পুনৰ অৱতীৰ্ণ হোৱাৰ সুযোগ দিবলৈ চিবিএছইক পৰামৰ্শ আগবঢ়াইছিল৷ সেই অনুসৰি, চিবিএছইয়ে আজি এই সন্দৰ্ভত এক জাননী জাৰি কৰে৷  

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1623867

-নামৰ সৈতে ৩৮টা নতুন মণ্ডী সন্নিৱিষ্ট কৰা হৈছে

৩৮টা অতিৰিক্ত মণ্ডীক আজি ই-নাম প্লেটফৰ্মত সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰে ১৯টা মধ্য প্ৰদেশৰ, ১০টা তেলেংগনাৰ, ৪টা মহাৰাষ্ট্ৰৰ আৰু গুজৰাট, হাৰিয়ানা, পঞ্জাব, কেৰালা আৰু জম্মু আৰু কাশ্মীৰৰ প্ৰত্যকৰে এটাকৈ৷

বিস্তৃত বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1624083

প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতীয় উপকূলৰক্ষী জাহাজ ছাচেট আৰু দুখন ইণ্টাৰচেপ্টৰ নাও মুকলি কৰে

শ্ৰী ৰাজনাথ সিঙে ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে আজি গোৱাত ভাৰতীয় উপকূলৰক্ষী জাহাজ(আইচিজিএছ) ছাচেট আৰু দুখন ইণ্টাৰচেপ্টৰ নাও(আইবি) ক্ৰমে চি-৪৫০ আৰু চি-৪৫১ মুকলি কৰে৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1624023

জল জীৱন মিছনৰ অধীনত গুজৰাটে গ্ৰাম্য খোৱা পানী খণ্ডত ছেন্সৰ-ভিত্তিক সেৱা বিতৰণ নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰিব

গুজৰাটে জল জীৱন মিছনৰ অধীনত গ্ৰাম্য খোৱা পানী খণ্ডত ছেন্সৰ-ভিত্তিক সেৱা বিতৰণ নিৰীক্ষণ ব্যৱস্থা ৰূপায়ন কৰিবলৈ সাজু হৈছে৷ ৰাজ্যখনৰ দুখন জিলাত ইতিমধ্যে এই প্ৰকল্পৰ কাম চলি আছে৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1623821

জনজাতীয় মন্ত্ৰালয়ে ফেচবুকৰ সৈতে অংশীদাৰিত্বত দেশত জনজাতীয় যুৱক-যুৱতীক ডিজিটেল দক্ষতা বৃদ্ধিৰ বাবে ৰূপায়ন কৰা গোলকাৰ্যসূচী মুকলি কৰে মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই

জনজাতীয় যুৱ প্ৰজন্মক ডিজিটেল মাধ্যমেৰে দিহা-পৰামৰ্শ আগবঢ়াবলৈ ডিজাইন কৰা হৈছে গোল কাৰ্যসূচী৷ ডিজিটেলী সক্ষম কাৰ্যসূচীটো জনজাতীয় যুৱ প্ৰজন্মৰ সুপ্ত প্ৰতিভা বিকাশৰ উপযুক্ত মঞ্চ হৈ পৰিছে, যিয়ে তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ লগতে তেওঁলোকৰ সমাজৰ সামগ্ৰিক উত্থানত অৱদান আগবঢ়োৱাত সহায় কৰিব৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1624021

ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সক্ৰিয় ভূমিকা পালন কৰিছে নাইপাৰ-

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1623835

ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ নাইপাৰ-গুৱাহাটীয়ে উদ্ভাৱনীমূলক ৩ডি সামগ্ৰী প্ৰস্তুত কৰিছে৷

গুহাটীস্থিত ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানে মহামাৰী কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত সহায় কৰিবলৈ দুবিধ উদ্ভাৱনীমূলক ৩ডি সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে৷

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1624068

পৰ্যটন মন্ত্ৰালয়ে দেখো অপনা দেশছিৰিজৰ অধীনত মহীশুৰৰ শতিকা পুৰণি হস্তশিল্প প্ৰদৰ্শন কৰে 

সৱিশেষৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1624026



(Release ID: 1624183) Visitor Counter : 190