বিত্ত মন্ত্ৰালয়

প্ৰব্ৰজিত শ্ৰমিক, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু পথৰ ব্যৱসায়ীসকলকে ধৰি দৰিদ্ৰ লোকসকলৰ সাহায্যাৰ্থে বিত্ত মন্ত্ৰীৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন পদক্ষেপৰ ঘোষণা

Posted On: 14 MAY 2020 6:59PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১২ মে’ত ২০ লাখ কোটি টকাৰ এক বিশেষ আৰ্থিক তথা ব্যাপক পেকেজৰ বিষয়ে ঘোষণা কৰে যি ভাৰতৰ জিডিপিৰ ১০%ৰ সমান৷ তেওঁ ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আহ্বান জনায়৷ তাৰোপৰি তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ পাঁচটা স্তম্ভ- অৰ্থনীতি, আন্তঃগাঁথনি, ব্যৱস্থা, জনগাঁথনি আৰু চাহিদাৰ বিষয়েও উল্লেখ কৰে৷

প্ৰব্ৰজিত শ্ৰমিক, পথৰ ব্যৱসায়ী, নগৰৰ প্ৰব্ৰজিত দৰিদ্ৰ লোকসকল, ক্ষুদ্ৰ ব্যৱসায়ী, স্ব-নিয়োজিত ব্যক্তি, ক্ষুদ্ৰ কৃষক আৰু গৃহ নিৰ্মাণ খণ্ডই সন্মুখীন হোৱা জটিলতাসমূহৰ সমাধানৰ বাবে কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে আজি আৰ্থিক পেকেজৰ দ্বিতীয় অংশৰ বিষয়ে ঘোষণা কৰি উল্লিখিত লোকসকলৰ বাবে হ্ৰস্বকালীন তথা দীৰ্ঘকালীন কিছুমান পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷

শ্ৰীমতী সীতাৰমণে কয় যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দৰিদ্ৰসকলে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে সদা উদ্বিগ্ন৷ কৃষক আৰু শ্ৰমিকসকলক দেশৰ মেৰুদণ্ড বুলি অভিহিত কৰি তেওঁ প্ৰব্ৰজিত শ্ৰমিকসকলক সামাজিক সুৰক্ষাৰ সৈতে নগৰ এলেকাত ব্যয়সাধ্য তথা সুবিধাজনৰ ভাড়াঘৰৰ প্ৰয়োজন বুলিও দোহাৰে৷ তাৰোপৰি প্ৰব্ৰজক আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক অন্তৰ্ভুক্ত কৰি দৰিদ্ৰসকলৰ বাবে নিয়োজনৰ সৃষ্টিৰ আৱশ্যক বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৃষকসকলে সময়মতে তথা পৰ্যাপ্ত অনুসাৰে ঋণৰ সমৰ্থন লাভ কৰিব লাগে বুলি মন্তব্য কৰে৷

শ্ৰীমতী সীতাৰমণে কয় যে সমাজৰ অৰ্থনীতিৰ প্ৰয়োজনীয়তাৰ প্ৰতি চৰকাৰে সদায়েই গুৰুত্ব প্ৰদান কৰি আহিছে৷ এই সন্দৰ্ভত তেওঁ পথৰ ব্যৱসায়ীসকলে বিশেষকৈ চলাই অহা ক্ষুদ্ৰ ব্যৱসায়সমূহৰ বাবে শিশু মুদ্ৰা ঋণৰ প্ৰসংগও উল্লেখ কৰে৷

প্ৰব্ৰজিত শ্ৰমিক, কৃষককে ধৰি দৰিদ্ৰলোকসকল, ক্ষুদ্ৰ ব্যৱসায়ী আৰু পথৰ ব্যৱসায়ীসকলৰ সাহায্যাৰ্থে বিত্ত মন্ত্ৰীয়ে আজি ঘোষণা কৰা হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন পদক্ষেপসমূহ তলত উল্লেখ কৰা হ’লঃ

১. ২ মাহৰ বাবে প্ৰব্ৰজকসকলৰ বাবে বিনামুলীয়া খাদ্যান্নৰ যোগান

 সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ অতিৰিক্তভাৱে বিনামূলীয়াকৈ প্ৰতিজন প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৫ কেজি খাদ্যান্ন আৰু প্ৰতিমাহে প্ৰতিটো পৰিয়াললৈ দুমাহ পৰ্যন্ত ১ কেজিকৈ দাইল যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ যিসকল প্ৰব্ৰজিত শ্ৰমিক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত নহয় অথবা যাৰ ৰেচন কাৰ্ড নাই আৰু অইন ৰাজ্যত আৱদ্ধ হৈ আছে তেওঁলোকেও এই সুবিধাৰ বাবে যোগ্য হ’ব৷ ৮ লাখ মেট্ৰিকটন খাদ্যান্ন আৰু আৰু ৫০,০০০ মেট্ৰিকটন দাইল আৱণ্টিত কৰা হ’ব৷ ৩৫০০ কোটি টকাৰ সমগ্ৰ ব্যয় ভাৰত চৰকাৰে বহন কৰিব৷

২. ২০২১ৰ মাৰ্চ ভিতৰত ভাৰতৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা পিডিএছ (ৰেচন)যোগে খাদ্যান্ন লাভ কৰিব পৰাকৈ প্ৰযুক্তি সন্নিৱিষ্ট কৰা হ’ব-এক দেশ এক ৰেচন কাৰ্ড

ৰেচন কাৰ্ডৰ প’ৰ্টেবিলিটীৰ পাইলট আঁচনি ২৩খন ৰাজ্যলৈ সম্প্ৰসাৰিত কৰা হ’ব৷ ইয়াৰ জৰিয়তে পিডিএছ জনসংখ্যাৰ ৮৩%ক সামৰি ৬৭ কোটি হিতাধিকাৰী আগষ্ট ২০২০ৰ ভিতৰত নেচনেল প’ৰ্টেবিলিটী অব্ ৰেচন কাৰ্ডৰ আওতালৈ আহিব৷ মাৰ্চ ২০২১ৰ ভিতৰত ১০০% প’ৰ্টেবিলিটী সম্পূৰ্ণ হৈ উঠিব৷ এয়া হ’ল প্ৰধানমন্ত্ৰীৰ প্ৰযুক্তিচালিত প্ৰণালী সংশোধন প্ৰক্ৰিয়াৰ এক অংশ৷ এই আঁচনিৰ জৰিয়তে প্ৰব্ৰজিত শ্ৰমিত আৰু তেওঁলোকৰ পৰিয়ালৰ লোক দেশৰ যিকোনো সূলভ মূল্যৰ দোকানৰ পৰা পিডিএছৰ সুবিধা লাভ কৰিব পাৰিব৷

৩. প্ৰব্ৰজিত শ্ৰমিক আৰু নগৰৰ দৰিদ্ৰ লোকসকলৰ বাবে ব্যয়সাধ্য ভাড়াঘৰ হাউচিং কমপ্লেক্স আঁচনি মুকলি কৰা হ’ব

কেন্দ্ৰীয় চৰকাৰে প্ৰব্ৰজিত শ্ৰমিক তথা নগৰৰ দৰিদ্ৰলোক সকলৰ বাবে ব্যয়সাধ্য ভাড়াঘৰ আঁচনি মুকলি কৰিব৷ ইয়াৰ জৰিয়তে প্ৰব্ৰজিত শ্ৰমিক, নগৰৰ দুখীয়া আৰু শিক্ষাৰ্থী ইত্যাদিয়ে সামাজিক নিৰাপত্তাৰ লগতে গুণগতমানৰ জীৱনো নিৰ্বাহ কৰিব পাৰিব৷ নগৰৰ চৰকাৰী বিত্তপোষিত ঘৰসমূহ ব্যয়সাধ্য ভাড়াঘৰ কমপ্লেক্সলৈ (এআৰএইচচি)পিপিপি মোডৰ জৰিয়তে পৰিৱৰ্তন কৰা হ’ব৷ ইয়াৰ সবিশেষ মন্ত্ৰালয়/বিভাগসমূহে প্ৰকাশ কৰিব৷

৪. শিশু মুদ্ৰা ঋণগ্ৰহণ কৰোঁতাসকললৈ ১২ মাহৰ বাবে ২% সুতৰ অনুদান- ১৫০০ কোটি টকাৰ সাহায্য

ভাৰত চৰকাৰে মুদ্ৰা ঋণ লাভ কৰোঁতাসকলৰ বাবে (যিসকলে ৫০,০০০ টকাৰ তলত ঋণ লাভ কৰিছে) ১২ মাহৰ বাবে ২% সুতৰ অনুদান আগবঢ়াব৷ বৰ্তমানে শিশু মুদ্ৰা ঋণৰ প’ৰ্টফলিঅ’ পৰিমাণ হ’ল ১.৬২ লাখ কোটি টকা৷ ইয়াৰ জৰিয়তে ঋণ লাভ কৰোঁতাসকলে ১,৫০০ কোটি টকাৰ সাহায্য লাভ কৰিব৷

৫. পথৰ ব্যৱসায়ীসকলৰ বাবে ৫,০০০ কোটি টকাৰ ঋণৰ সুবিধা

পথৰ ব্যৱসায়ীসকলে বৰ্তমানৰ পৰিস্থিতিত যি সমস্যাৰ সৃষ্টি হৈছে, সেই সমস্যাৰ পৰা সকাহ প্ৰদানৰ উদ্দেশ্যে তেওঁলোকে সহজে ঋণ লাভ কৰিব পৰাকৈ এক বিশেষ আঁচনি মুকলি কৰা হ’ব৷ এই আঁচনিৰ অধীনত প্ৰতিটো প্ৰতিষ্ঠানৰ বাবে প্ৰাৰম্ভিক কৰ্ম মূলধনৰ বাবে ১০,০০০ টকালৈ বেংকৰ ঋণৰ সুবিধা বৃদ্ধি কৰা হ’ব৷ এই আঁচনিত নগৰ তথা গ্ৰামাঞ্চলৰ ব্যৱসায়ীসকলকো সামৰি লোৱা হ’ব৷ ইয়াৰ জৰিয়তে ৫০ লাখ পথৰ ব্যৱসায়ী উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে আৰু তেওঁলোকলৈ ৫,০০০ কোটি টকা সংবহন কৰা হ’ব৷

৬. পিএমএৱাইৰ (নগৰ) অধীনত এমআইজিৰ বাবে ঋণ সংযোজিত ৰাজসাহায্য আঁচনিৰ সম্প্ৰসাৰণৰ জৰিয়তে মধ্যমীয়া উপাৰ্জনকাৰী  আৰু গৃহ খণ্ডৰ উত্তৰণৰ বাবে ৭০,০০০ কোটি টকা

২০২১ৰ মাৰ্চ মাহলৈ মধ্য আয়ৰ লোকসকলৰ বাবে (বাৰ্ষিক আয় ৬ লাখৰ পৰা ১৮ লাখৰ ভিতৰত) ঋণ সংযোজিত ৰাজসাহায্য আঁচনি বৃদ্ধি কৰা হ’ব৷ ইয়াৰ জৰিয়তে ২০২০-২১ৰ সময়ছোৱাত ২.৫ লাখ মধ্য আয় উপাৰ্জনকাৰী লোক উপকৃত হ’ব আৰু গৃহ খণ্ডত ৭০,০০০ কোটি টকাৰ বিনিয়োগ হোৱাত সহায়ক হ’ব৷ ইয়াৰ জৰিয়তে বৃহৎ সংখ্যক চাকৰিৰো সৃষ্টি হ’ব আৰু তীখা, চিমেণ্ট, পৰিবহণ তথা অন্যান্য নিৰ্মাণ সামগ্ৰীৰ চাহিদা বৃদ্ধি হ’ব৷

৭. চিএএমপিএ পুঁজি ব্যৱহাৰ কৰি নিয়োজনৰ সৃষ্টিৰ বাবে ৬,০০০ কোটি টকা

কম্পেনছেটৰী এফৰেষ্টেচন মেনেজমেণ্ট এণ্ড প্লেনিং অথ’ৰিটী (চিএএমপিএ)ৰ অধীনত প্ৰায় ৬,০০০ কোটি টকাৰ পুঁজি নগৰ অঞ্চলতে ধৰি বনানীকৰণ, কৃত্ৰিম পুনৰ উৎপাদন, সমৰ্থিত প্ৰাকৃতিক পুনৰ উৎপাদন, বন ব্যৱস্থাপনা, ভূমি আৰু আদ্ৰতা সংৰক্ষণ কৰ্ম, বন সংৰক্ষণ, বন আৰু বন্যপ্ৰাণী সম্পৰ্কীয় আন্তঃগাঁথনিৰ বিকাশ, বন্যপ্ৰাণীৰ সংৰক্ষণ ইত্যাদিৰ বাবে ব্যয় কৰা হ’ব৷ ভাৰত চৰকাৰে এই পৰিকল্পনাসমূহৰ বাবে তৎকালীনভাৱে ৬,০০০ কোটি টকাৰ অনুমোদন প্ৰদান কৰিব৷ ইয়াৰ জৰিয়তে আদিবাসীসকলকে ধৰি নগৰ, নগৰৰ উপকণ্ঠ অঞ্চল আৰু গ্ৰামাঞ্চলত কৰ্ম সংস্থাপনৰ সৃষ্টি হ’ব৷

৮. নাবাৰ্ডৰ জৰিয়তে কৃষকসকলৰ বাবে ৩০,০০০ কোটি টকাৰ অতিৰিক্ত জৰুৰীকালীন কৰ্ম মূলধন

গ্ৰামীণ সমবায় বেংক আৰু আৰআৰবিৰ বাবে নাবাৰ্ডে ৩০,০০০ কোটি টকাৰ পুনৰ বিত্তপোষণৰ ব্যৱস্থা কৰিব৷ ইয়াৰ জৰিয়তে ৩ কোটি কৃষক, বিশেষকৈ ক্ষুদ্ৰ  কৃষকসকল উপকৃত হ’ব৷

৯. কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত ২.৫ কোটি কৃষকলৈ ২ লাখ কোটি টকাৰ ঋণৰ সুবিধা

কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পিএম-কিষাণ হিতাধিকাৰীলৈ ৰেহাইজনক এক বিশেষ ঋণৰ সুবিধা প্ৰদান কৰা হ’ব৷ এই আঁচনিত মাছমৰীয়া, পশুপালকসকলো অন্তৰ্ভুক্ত হ’ব৷ ইয়াৰ জৰিয়তে কৃষি খণ্ডত ২ লাখ কোটি টকাৰ অতিৰিক্ত নগদ সন্নিৱিষ্ট হ’ব আৰু ২.৫ কোটি কৃষকক সামৰি লোৱা হ’ব৷

 

 

****

RM/KMN/MANN



(Release ID: 1623913) Visitor Counter : 379