প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বাবে পিএম কেয়াৰ্ছ পুঁজি ট্ৰাষ্টৰ ৩১০০ কোটি টকা আৱণ্টন

Posted On: 13 MAY 2020 8:23PM by PIB Guwahati

পিএম কেয়াৰ্ছ (প্ৰধানমন্ত্ৰীৰ জৰুৰীকালীন পৰিস্থিতিত নাগৰিক সহায় তথা সাহায্য) পূঁজি ট্ৰাষ্টে আজি ক’ভিড-১৯ বিৰোধী যুঁজৰ বাবে ৩,১০০ কোটি টকা আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই ৩,১০০ কোটি টকা ভিতৰত প্ৰায় ২,০০০ কোটি টকা ভেণ্টিলেটৰ ক্ৰয়, ১,০০০ কোটি টকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ তত্বাৱধান লোৱাৰ বাবে ব্যৱহাৰ কৰাৰ লগতে ১০০ কোটি টকা প্ৰতিষেধকৰ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত সাহায্য আগবঢ়োৱা হ’ব৷

মাননীয় প্ৰধানমন্ত্রীৰ নেতৃত্বত প্ৰতিৰক্ষা মন্ত্রী, গৃহমন্ত্রী আৰু বিত্তমন্ত্রীক পদেন সদস্য হিচাপে লৈ চলিত বৰ্ষৰ ২৭ মার্চত এই ট্ৰাষ্ট গঠন কৰা হয়৷ এই পেকেজ ঘোষণাৰ সময়ত প্ৰধানমন্ত্রীয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ প্ৰতি সমর্থন জনাই পিএম কেয়াৰ্ছ পূঁজিলৈ উদাৰ মনেৰে দান কৰা সকলো দাতাকে ধন্যবাদ জনায়৷

ক)৫০,০০০ ভেণ্টিলেটৰ

সমগ্ৰ দেশত ক’ভিড-১৯ৰ সমস্যা মোকাবিলা কৰাৰ বাবে আন্তঃগাঁথনিমুলক ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে পিএম কেয়াৰ্ছ পূঁজিৰ প্রায় ২,০০০ কোটি টকাৰৈ ভাৰতত নির্মিত ৫০,০০০ ভেণ্টিলেটৰ ক্ৰয় কৰা হ’ব৷ এই ভেণ্টিলেটৰসমূহ সমগ্ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰী ক’ভিড হাস্পতালত ক’ৰোনা আক্রান্তৰ উন্নত চিকিসাৰ বাবে যোগান ধৰা হ’ব৷

খ) প্ৰব্ৰজিত শ্ৰমিকৰ বাবে সাহায্যৰ ব্যৱস্থা

প্ৰব্ৰজিত আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণত গ্ৰহণ কৰা ব্যৱস্থাৱলীক আৰু অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পিএম কেয়াৰ্ছ পূঁজিৰ পৰা ১,০০০ কোটি টকা সাহায্য আগবঢ়োৱা হ’ব৷ এই ধন ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰদান কৰা হ’ব যাতে জিলা উপাযুক্ত তথা পৌৰ আয়ুক্তই প্ৰব্ৰজিত আৰু দৰিদ্ৰ লোকসকলৰ থকা-খোৱাৰ সুবিধা, চিকিসাৰ ব্যৱস্থা আৰু প্ৰব্ৰজিতসকলৰ যাতায়াতৰ সুবিধাত খৰচ কৰিব পাৰে৷ এই ধন (১)২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি ৫০% গুৰুত্ব দিয়া হৈছে(২) ইতিবাচক কোভিড-১৯ আক্ৰান্তৰ সংখ্যাৰ ৪০% গুৰুত্ব আৰু (৩) সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমান অংশত ১০%গুৰুত্বৰে সকলো ৰাজ্যৰ ন্যূনতম চাহিদা নিশ্চিত কৰা হ’ব৷

গ) প্ৰতিষেধক প্ৰস্তুতকৰণ

ক’ভিড-১৯ৰ বিৰুদ্ধে এটা প্ৰতিষেধক অতি প্ৰয়োজন আৰু ইয়াৰ বাবে ভাৰতীয় শিক্ষাবিদ, ষ্ট্ৰাৰ্ট আপ তথা উদ্যোগ প্ৰতিষ্ঠানে একেলগে প্ৰতিষেধক প্ৰস্তুতৰ কাম চলাই আছে৷ এই কামত প্ৰধান বৈজ্ঞানিক পৰামর্শদাতাৰ তত্ত্বাৱধানত পিএম কেয়াৰ্ছ পূঁজিৰ পৰা ১০০ কোটি টকা সাহায্য আগবঢ়োৱা হ’ব৷

****

VRRK/SH/DB



(Release ID: 1623883) Visitor Counter : 256