অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

৭ মে’, ২০২০ৰ পৰা বন্দে ভাৰত মিচনৰ অধীনত ৪৩খন বিমানত ৮৫০৩গৰাকী ভাৰতীয়ক বিদেশৰ পৰা প্ৰত্যাৱৰ্তন কৰিছে

प्रविष्टि तिथि: 13 MAY 2020 11:58AM by PIB Guwahati

৭ মে’, ২০২০ৰ পৰা আৰম্ভ হোৱা বন্দে ভাৰত মিচনৰ অধীনত বিগত ৬ দিনত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ৪৩খন বিমানেৰে ৮,৫০৩গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘুৰাই অনা হৈছে৷

ভাৰত চৰকাৰে ৭ মে’, ২০২০ত ভাৰতীয়সকলক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে বন্দে ভাৰত মিচন শীৰ্ষক এক বৃহ কাৰ্যসূচী আৰম্ভ কৰে৷ এই মিচনৰ অধীনত তেওঁলোকক নিজৰ গৃহভূমিলৈ ঘুৰাই অনাৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰিছে৷

এয়াৰ ইণ্ডিয়াই ইয়াৰ অংশীদাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে সৰ্বমুঠ ৬৪খন বিমানেৰে(৪২ এয়াৰ ইণ্ডিয়া আৰু ২৪ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ) ১২খন দেশ ক্ৰমে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, বাংলাদেশ, ছিংগাপুৰ, ছৌদি আৰৱ, কুৱেইট, ফিলিপাইনছ, ইউএই আৰু মালয়েছিয়াৰ পৰা প্ৰথম পৰ্যায়ত ১৪,৮০০ ভাৰতীয়ক ঘুৰাই অনাৰ দিশত কাম কৰি আছে৷

এই ব্যাপক তথা গুৰুত্বপূৰ্ণ উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত যাত্ৰী, বিমানকৰ্মী আৰু বন্দৰৰ কৰ্মচাৰীসকলৰ নিৰাপত্তা, সুৰক্ষাৰ লগতে স্বাস্থ্য সন্মত বিধি কঠোৰ ভাৱে মানি চলাৰ ক্ষেত্ৰত চৰকাৰ, ডিজিচিএ, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, ভাৰতীয় বিমান প্ৰাধিকৰণ আৰু এয়াৰ ইণ্ডিয়া কোনো ত্ৰুটি কৰা নাই৷ চৰকাৰৰ নিৰ্দেশনা অনুসৰি ব্যাপক আৰু সাৱধানতাপূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে৷

****

RJ/NG/DB


(रिलीज़ आईडी: 1623623) आगंतुक पटल : 254
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Gujarati , Odia , Odia , Tamil , Kannada , Malayalam