ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লে ১২ মে’ৰ পুৱা ৯.৩০ বজালৈকে সমগ্ৰ দেশত ৫৪২খন ‘শ্ৰমিক বিশেষ’ ৰে’ল চলাচল কৰিছে

৬.৪৮ লাখ যাত্ৰী স্থানান্তৰ কৰা হৈছে

যাত্ৰীসকলক বিনামূলীয়া খাদ্য আৰু পানী দিয়া হৈছে

ৰাজ্য চৰকাৰৰ সন্মতিসাপেক্ষেহে ৰে’লৱেই যাত্ৰী প্ৰেৰণ কৰিছে, যিবোৰ ৰাজ্যসমূহে গ্ৰহণ কৰিব

সামাজিক দূৰত্ব মানি চলা হৈছে

Posted On: 12 MAY 2020 12:50PM by PIB Guwahati

বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীর্থযাত্রী, পর্যটক, ছাত্ৰ-ছাত্রী তথা অন্যান্য যাত্রীসকলৰ বিশেষ ৰে’লেৰে ঘুৰাই অনাৰ ক্ষেত্রত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ নির্দেশ লাভ কৰাৰ পাছত ভাৰতীয় ৰে’ল "শ্ৰমিক বিশেষ" ৰে’ল সেৱাৰ সিদ্ধান্ত লয়৷

১২ মে’, ২০২০ৰ পুৱা ৯.৩০ বজালৈকে ভাৰতীয় ৰে’লে দেশেৰ একাধিক ৰাজ্যৰ মাজত ৫৪২খন "শ্ৰমিক বিশেষ" ৰে’ল চলাইছে৷ ইয়াৰে ভিতৰত ৪৪৮খন ৰে’ল ইতিমধ্যে গন্তব্যস্থলত উপস্থিত হৈছে৷ বাকী ৯৪খন ৰে’ল আধা যাত্রা সম্পূৰ্ণ কৰিছে৷

৪৪৮খন ৰে’ল গৈ পোৱা ৰাজ্যসমূহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশত ১খন, বিহাৰত ১১৭খন, চত্তীশগড়ত ১খন, হিমাচল প্ৰদেশত ১খন, ঝাৰখণ্ডত ২৭খন, কর্নাটকত ১খন, মধ্যপ্ৰদেশত ৩৮খন, মহাৰাষ্ট্রত ৩খন, ওড়িশাত ২৯খন, ৰাজস্থানত ৪খন, তামিলনাড়ুত ১খন, তেলেংগানায় ২খন, উত্তৰ প্ৰদেশত ২২১খন, পশ্চিমবংগত ২খন৷

প্ৰব্ৰজিত শ্ৰমিক লৈ যাত্ৰা কৰা ৰে’ল সমূহৰ ভিতৰত তিৰুচিৰাপল্লী, তিতলাগড়, বাৰাউনী, খাণ্ডবা, জগন্নাথপুৰ, খুৰদাৰোড, প্ৰয়াগৰাজ, চাপ্ৰা, বালিয়া, গয়া, পুর্নিয়া, বাৰাণসী, দ্বাৰভাংগা, গোৰখপুৰ, লক্ষ্ণৌ, জৌনপুৰ, হাতিয়া, বস্তি, কাখনহাৰ, দানাপুৰ, মুজাফ্ফৰপুৰ, সহর্ষ ইত্যাদি উল্লেখযোগ্য৷

শ্ৰমিক বিশেষ ৰে’লত ভ্ৰমণৰ পূৰ্বে সকলো যাত্রীৰ নিয়ম অনুসৰি শাৰীৰিক পৰীক্ষা কৰা হৈছে। যাত্রাৰ সময়ত যাত্রীসকলক বিনামূলীয়া খাদ্য আৰু পানী যোগান ধৰা হৈছে৷

****

DJN/MKV/DB



(Release ID: 1623617) Visitor Counter : 236