গৃহ মন্ত্ৰালয়

এক সংকল্প, এক লক্ষ্য- আত্মনিৰ্ভৰ ভাৰতঃ শ্ৰী অমিত শ্বাহ

১ জুন ২০২০ তাৰিখৰ পৰা সমগ্ৰ দেশত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ কেণ্টিন আৰু বিপণীত কেৱল স্থানীয় সামগ্ৰীহে উপলব্ধ হ’ব

Posted On: 13 MAY 2020 2:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ ভাষণত ভাৰত আত্মনিৰ্ভৰশীল হিচাবে গঢ়ি তোলাৰ  বাবে তথা স্থানীয় সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান জনায়৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে এই আহ্বানক ভাৰতে বিশ্ব নেতৃত্ব  দিশত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত আলোকপথ হিচাপে অভিহিত কৰে৷

 

এই আহ্বানৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ কেণ্টিন আৰু বিপণীসমূহত ১ জুন ২০২০ তাৰিখৰ পৰা কেৱল স্থানীয় সামগ্ৰীহে উপলব্ধ হ’ব বুলি গৃহ মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ জৰিয়তে মুঠ ক্ৰয়ৰ পৰিমাণ হ’ব ২৮০০ কোটি টকা৷ এই সিদ্ধান্তৰ জৰিয়তে প্ৰায় ১০ লাখ চিএপিএফ কৰ্মীৰ ৫০ লাখ পৰিয়ালৰ সদস্যই স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিব৷

গৃহ মন্ত্ৰীয়ে দেশৰ জনতাৰ প্ৰতি আহ্বান জনাই কয়, ‘‘আপোনালোকে যথাসম্ভৱ ধৰণে দেশত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিব লাগে আৰু আনকো এই বিষয়ে উৎসাহিত কৰিব লাগে৷ এয়া পিছ পৰি থকাৰ সময় নহয়, বৰঞ্চ সংকটৰ এই মুহূৰ্তক সুযোগলৈ ৰূপান্তৰিত কৰাৰ সময়৷’’

শ্ৰী শ্বাহৰ মতে যদি প্ৰতিজন ভাৰতীয়ই স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিবলৈ শপত গ্ৰহণ কৰে তেন্তে আগন্তুক পাঁচ বছৰৰ ভিতৰতে সমগ্ৰ দেশ আত্মনিৰ্ভৰশীল হৈ উঠিব৷

দেশৰ জনতালৈ আহ্বান জনাই গৃহ মন্ত্ৰীয়ে কয়, ‘‘স্বদেশী সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰয় প্ৰধানমন্ত্ৰী মোদীক সহায় কৰো আহক৷’’

 

*****

VG/SNC/VM/MANN



(Release ID: 1623567) Visitor Counter : 186