প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে বিজ্ঞানীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাঁচিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 11 MAY 2020 4:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে দেশক সমৃদ্ধ কৰা বিজ্ঞানীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে শ্ৰী মোদীয়ে আজি এইদৰে টুইটাৰত প্ৰকাশ কৰে-

‘‘ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে প্ৰযুক্তিৰ জৰিয়তে দেশত ইতিবাচক পৰিৱৰ্তন সাধন কৰা সেই বিজ্ঞানীসকলৰ প্ৰতি দেশবাসীয়ে সন্মান প্ৰদৰ্শন কৰিছে৷ ১৯৯৮ চনৰ আজিৰ এই দিনটোতেই আমাৰ বিজ্ঞানীসকলে অসাধ্য সাধন কৰি দেখুৱাইছিল আৰু সেয়া আমি শ্ৰদ্ধাৰে সোঁৱৰিছো৷ এয়া ভাৰতীয় ইতিহাসৰ বাবে এক মাইলষ্টোন আছিল৷’’

১১ মে’ ১৯৯৮ চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তিশালী ৰাজনৈতিক নেতৃত্বৰ ফলত সেই সময়ত এই পৰীক্ষণ সম্ভৱ হৈছে৷ প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত’ৰ এটা খণ্ডত এই পৰীক্ষণ সন্দৰ্ভত তেওঁ উল্লেখো কৰিছিল৷

শ্ৰী মোদীয়ে কয়, ‘‘আজি প্ৰযুক্তিয়ে আমাৰ ক’ভিড-১৯ৰ পৰা মুক্ত হোৱাৰ প্ৰয়াসত সহায় কৰিছে৷ এই গৱেষণাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মই সেই গৱেষক তথা উদ্ভাৱকসকলক অভিবাদন জনাইছো৷ এখন সুস্থ তথা উন্নত ধৰণীৰ সৃষ্টিত প্ৰযুক্তিৰ এই ধাৰা যেন অব্যাহত থাকে৷’’

VRRK/AKP/MANN



(Release ID: 1623293) Visitor Counter : 146