স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ব্যৱস্থাপনাৰ বাবে যথোপযুক্ত আন্তঃগাঁথনি আৰু সবিধা স্থাপন কৰা হৈছে

Posted On: 10 MAY 2020 2:44PM by PIB Guwahati

দেশত ক’ভিড-১৯ ব্যৱস্থাপনাৰ বাবে যথোপযুক্ত আন্তঃগাঁথনি আৰু সবিধা স্থাপন কৰা হৈছে৷ ক’ভিড-১৯ ব্যৱস্থাপনাৰ বাবে সমৰ্পিত জনস্বাস্থ্য সুবিধাসমূহ তিনিটা ভাগত বিভক্ত কৰা হৈছে-

(১) শ্ৰেণী--সমৰ্পিত ভিড হাস্পতাল(ডিচিএছ)-সমৰ্পিত ভিড হাস্পতাল এনে হাস্পতাল, অতি গুৰুতৰভাৱে আক্ৰান্ত শ্ৰেণীৰ লোকসকলক ৰখা হয়৷ এই হাস্পতালত নিশ্চিত অক্সিজেনৰ সহায়ত আইচিইউ, ভেণ্টিলেটৰ আৰু বিছনা থাকে৷ এই হাস্পতালত সন্দেহজনক আৰু আক্ৰান্ত লোকক বেলেগ বেলেগ স্থানত ৰখা হয়৷ সমৰ্পিত ভিড হাস্পতালে সমৰ্পিত ভিড স্বাস্থ্য কেন্দ্ৰ আৰু ভিড চোৱা-চিতা কেন্দ্ৰৰ বাবে ৰেফাৰেল কেন্দ্ৰ হিচাপে কাম কৰিব৷

(২) শ্ৰেণী-২-সমৰ্পিত ভিড স্বাস্থ্য কেন্দ্ৰ(ডিচিএইচচি) সমৰ্পিত ভিড স্বাস্থ্য কেন্দ্ৰ এনে ব্যৱস্থা, য’ত সেইসমূহ দিশ চোৱা-চিতা কৰে, যিসকলৰ স্বাস্থ্য বিশেষ গুৰুতৰ নহয়৷ সমৰ্পিত ভিড স্বাস্থ্য কেন্দ্ৰত সন্দেহজনক আৰু আক্ৰান্ত লোকৰ বাবে পৃথক ক্ষেত্ৰ থাকে৷ এই হাস্পতালসমূহত নিশ্চিত অক্সিজেনৰ সৈতে বিছনাৰ ব্যৱস্থা আছে৷ প্ৰত্যেক সমৰ্পিত ভিড স্বাস্থ্য কেন্দ্ৰ এক বা ততোধিক সমৰ্পিত ভিড হাস্পতালৰ সৈতে সংলগ্ন কৰা হয়৷

(৩) শ্ৰেণী-৩-সমৰ্পিত কভিড চোৱা-চিতা কেন্দ্ৰ (ডিচিচিচি)সমৰ্পিত কভিড চোৱা-চিতা কেন্দ্ৰত সেইবোৰ দিশ চোৱা-চিতা কৰা হয়, যিসকল চিকিসা বিশেষ গুৰুতৰ নহয় তথা ক’ভিডৰ সন্দেহ বুলি ভবা হয়৷ এইবোৰ এক অস্থায়ী সুবিধা, য’ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা হোষ্টেল, হোটেল, স্কুল, ষ্টেডিয়াম, ল’জ আদিত স্থাপন কৰা হয়৷ ইয়াৰ চৰকাৰী আৰু ব্যক্তিগত দুয়ো ধৰণৰ সুবিধা থাকে৷ প্ৰত্যেক সমৰ্পিত কভিড চোৱা-চিতা কেন্দ্ৰ আৰু ৰেফাৰেল উদ্দেশ্যৰ বাবে অতি কমেও এখন সমৰ্পিত ক’ভিড হাস্পতালৰ সৈতে সংলগ্ন কৰা হয়৷

১০ মে’লৈক সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৮৩খন জিলাত ৭,৭৪০ সুবিধা চিনাক্ত কৰা হৈছে, য’ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সুবিধাসমূহো অন্তৰ্ভূক্ত আছে৷ এতিয়ালৈকে প্ৰায় ৬,৫৬,৭৬৯ আইছ’লেচন বেড, আক্ৰান্ত লোকৰ বাবে ৩,০৫,৫৬৭খন বেড, সন্দেহজনক লোকৰ বাবে ৩,৫১,২০৪ বেড, অক্সিজেন সুবিধাসম্পন্ন ৯৯,৪৯২ বেড, অক্সিজেন সুবিধাসম্পন্ন (মেনিফোল্ড) ১৬৯৬ সুবিধা আৰু ৩৪,০৭৬ আইচিইউ বেডৰ ব্যৱস্থা কৰা হৈছে৷ ভাৰত চৰকাৰে এই সুবিধাসমূহৰ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ এইসমূহৰ বিষয়ে ৱেবছাইটত আপলোড কৰিবলৈ অনুৰোধ জনাইছে৷

ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ(এনচিডিচি)ই ক’ভিড পৰীক্ষণ ক্ষমতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ক্ষমতা সম্পন্ন কমিটীৰ পৰামৰ্শক্ৰমে উচ্চ ক্ষমতাসম্পন্ন পৰীক্ষণ যন্ত্ৰ ক্ৰয়ত অনুমোদন দিছে৷ এনচিডিচিয়ে কোবছ ৬৮০০ পৰীক্ষণ যন্ত্ৰ সফলতাৰে স্থাপন কৰিছে৷ এনচিডিচিয়ে প্ৰয়োজনীয়তাৰ ভিত্তিত দিল্লী, এনচিআৰ, লাডাখ, জম্মু আৰু কাশ্মীৰৰ লগতে অন্যান্য ৰাজ্যৰ নমুনা পৰীক্ষণৰ বাবে সহায় আগবঢ়াইছে৷ বৰ্তমান এনচিডিচিয়ে পৰীক্ষণ ক্ষমতা প্ৰতিদিনে প্ৰায় ৩০০-৩৫০ কৰিছে৷ কোবছ ৬৮০০ যন্ত্ৰৰে ২৪ ঘণ্টাত প্ৰায় ১২০০ নমুনা পৰীক্ষণ কৰাৰ ক্ষমতা আছে৷ ইয়াৰ দ্বাৰা এই পৰীক্ষণ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে৷

এই পৰ্যন্ত ১,৩৫৭ জন লোক আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ১৫১১ জন ৰোগী আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৩০.৭৬%৷ এই পৰ্যন্ত মুঠ নিশ্চিত ক’ভিড পজিটিভৰ সংখ্যা হ’ল ৬২,৯৩৯৷ যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,২৭৭ জন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু পোৱা গৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

*****

MV/SG/DB



(Release ID: 1622872) Visitor Counter : 239