আইন আৰু ন্যায় মন্ত্ৰালয়

এটৰ্নী জেনেৰেল, মহান্যায়াধিপতি আৰু ভাৰত চৰকাৰৰ সকলো আইনী বিষয়াৰ সৈতে আইন মন্ত্ৰীৰ পৰ্যালোচনা সভা

লকডাউনতে ডিজিটেল ব্যৱস্থাক অধিক শক্তিশালীভাৱে ন্যায় প্ৰদানৰ আহিলা হিচাপে গঢ়ি তোলাৰ সুবিধা লওঁ আহকঃ শ্ৰী ৰৱি শংকৰ প্ৰসাদ

Posted On: 10 MAY 2020 4:51PM by PIB Guwahati

কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী শ্ৰী ৰৱি শংকৰ প্ৰসাদে ভাৰতৰ এটৰ্নী জেনেৰেলৰ নেতৃত্বত আইনী বিষয়াৰ এটা দলৰ সৈতে আজি ভিডিঅ’ কনফাৰেন্সযোগে মত-বিনিময় কৰে। ভাৰতৰ এটৰ্নী জেনেৰেল শ্ৰী কে কে ৱেনুগোপাল, মহান্যায়াধিপতি শ্ৰী তুষাৰ মেহতা, সকলো অতিৰিক্ত ন্যায়াধিপতি আৰু সহ ন্যায়াধিপতি, আইনী পৰিক্ৰমা দপ্তৰৰ সচিৱ আৰু ন্যায় বিভাগৰ সচিৱ এই অনুষ্ঠানত উপস্থিত থাকে।   

আইনমন্ত্ৰীগৰাকীয়ে আৰম্ভণিতে কয় যে আমি সকলোৱে এক প্ৰত্যাহ্বানপূৰ্ণ সময়ত বাস কৰিছো। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতখনত এটা দল হিচাপে লৈ নেতৃত্ব দিছে আৰু ৰাজ্যসমূহে সেই নেতৃত্বৰ প্ৰতি সহযোগিতা আগবঢ়াইছে। শ্ৰী প্ৰসাদে কয় যে প্ৰধানমন্ত্ৰীয়ে নিজে বিভিন্ন প্ৰদেশৰ মূখ্যমন্ত্ৰীসকলৰ লগত, কেবিনেটৰ সচিৱসকলে আৰু স্বাস্থ্য সচিৱে বিভিন্ন ৰাজ্যৰ মূখ্য সচিৱ আৰু স্বাস্থ্য সচিৱৰ লগত এনেদৰে ভিডিঅ’ কনফাৰেন্সযোগে বা বিভিন্ন আধুনিক প্ৰযুক্তিৰে মত-বিনিময় কৰি দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত লকডাউনৰ সিদ্ধান্ত লৈছে। 

আইনমন্ত্ৰীগৰাকীয়ে কয় যে এনে মহামাৰীৰে মোকাবিলা কৰাটোৱেই এতি প্ৰত্যাহ্বানমূলক কাম আৰু এনে সংবেদনশীল পৰিস্থিতিত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সিদ্ধান্ত লোৱাৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰখা উচিত। এটৰ্নী জেনেৰেলেও তেওঁৰ কথাত হয়ভৰ দি কয় যে ন্যায়ালয়ে ইয়াৰ শলাগ লোৱা উচিত। মহান্যায়াধিপতি শ্ৰী তুষাৰ মেহতাই এই সময়খিনিত ৰুজু হোৱা গোচৰৰ ধৰণৰ কথা উল্লেখ কৰি কয় যে উচ্চতম ন্যায়ালয়েও সময়ে সময়ে ভাৰত চৰকাৰৰ নিৰ্দেশনাসমূহ আগবঢ়াই দিছে।    

আইনমন্ত্ৰীগৰাকীয়ে কয় যে এনে প্ৰত্যাহ্বানপূৰ্ণ সময়ত ঈৰ্ষাকাতৰ পি আই এল সমূহ আওকাণ কৰা উচিত। যদিও কোনেও কাকো গোচৰ ৰুজু কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰে, সময়ৰ দাৱীৰ প্ৰতি আমি সকলোৱে মনোযোগ দিয়া উচিত। লকডাউনৰ সময়ত অনলাইনযোগে ৰুজু কৰা গোচৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু ১২৮২ জন অধিবক্তাই অনলাইনযোগে আবেদন দাখিলৰ বাবে পঞ্জীয়ন কৰাইছে। যোৱা এসপ্তাহতে ৫৪৩ জন অধিবক্তা পঞ্জীয়নভুক্ত হৈছে। আইনী পৰিক্ৰমা দপ্তৰৰ সচিৱে কয় যে ক’ভিড-১৯ ৰ লগত জড়িত গোচৰৰ ক্ষেত্ৰত সহযোগিতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

যোগাযোগৰ অসুবিধালৈ লক্ষ্য ৰাখি এটৰ্নী জেনেৰেলকো ধৰি কেইবাজনো আইনী বিষয়াই ই-ন্যায়ালয়ৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে আৰু আইনজীৱিসকলক ইয়াৰ ব্যৱস্থাপনা সম্পৰ্কত প্ৰশিক্ষণ দিয়াৰ কথাও উল্লেখ কৰে। উচ্চতম ন্যায়ালৰ ই-ন্যায়ালয় সমিতিৰ সদস্য হিচাপে থকা ন্যায় বিভাগৰ সচিৱগৰাকীক আইনমন্ত্ৰীয়ে বিষয়টো সমিতিত উত্থাপন কৰি ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ বা অন্য কোনো সংস্থাৰ সহযোগত এটা উন্নত ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়ে। মহামাৰীৰ ভয়াবহতালৈ লক্ষ্য কৰিলে ভিডিঅ’ কনফাৰেন্সযোগে ন্যায়ালয়ৰ কাম-কাজ চলোৱাটো অনাগত দিনত সাধাৰণ কথা হৈ পৰিব বুলি অনুমান কৰি লকডাউনতে ডিজিটেল ব্যৱস্থাক অধিক শক্তিশালীভাৱে ন্যায় প্ৰদানৰ আহিলা হিচাপে গঢ়ি তোলাৰ সুবিধা গ্ৰহণ কৰিবলৈ আইনমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। 

*****

APS/PK/PRK



(Release ID: 1622783) Visitor Counter : 180