প্ৰতিৰক্ষা মন্ত্ৰালয়

মিছন সাগৰ- ১০ মে’ ২০২০

Posted On: 10 MAY 2020 3:30PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ মাজতে ভাৰত চৰকাৰৰ পদক্ষেপ হিচাপে ভাৰতীয় নৌবাহিনীৰ জাহাজ কেশৰীয়ে মালদ্বীপ, মৰিছাছ, ছিছিলিছ, মাডাগাস্কাৰ আৰু কম’ৰ’ছলৈ খাদ্য-সামগ্ৰী, ক’ভিড সম্পৰ্কীয় ঔষধ, হাইড্ৰ’ক্সিক্ল’ৰ’কুইন টেবলেট, চিকিৎসা সাহায্য দলৰ সৈতে বিশেষ আয়ুৰ্বেদিক ঔষধ লৈ ৰাওনা হৈছে৷ এই যাত্ৰাৰ নাম দিয়া হৈছে ‘মিছন সাগৰ’৷ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ উক্ত দেশসমূহৰ সৈতে সু-সম্পৰ্ক বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছে৷

এই অভিযানৰ দায়িত্বত আছে প্ৰতিৰক্ষা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ অন্যান্য সংস্থাসমূহ৷ মিছন সাগৰ অভিযানৰ অংশ হিচাৰে ভাৰতীয় জাহাজ কেশৰীয়ে মালদ্বীপৰ মালে বন্দৰত প্ৰৱেশ কৰি ৬০০ টন খাদ্য-সামগ্ৰীৰ যোগান ধৰিব৷ 

 

**************

VM/ MS/MANN



(Release ID: 1622676) Visitor Counter : 223