PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 08 MAY 2020 6:48PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

আজি পৰ্যন্ত ২১৬খন জিলাত কোনো নতুন পৰিঘটনা প্ৰতিবেদিত হোৱা নাই; বিগত ২৮ দিনত ৪২খন জিলাত, ২১ দিনত ২৯ খন জিলাত আৰু ১৪ দিনত ৩৬ খন জিলাত কোনো নতুন পৰিঘটনা প্ৰতিবেদিত হোৱা নাই৷ এই পৰ্যন্ত ১৬৫৪০ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ১২৭৩ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ২৯.৩৬%৷

অধিক বিৱৰণৰ বাবে 

ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰত চৰকাৰে এআইআইবিৰ সৈতে ৫০০ মিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰিত কৰিছে

ভাৰত চৰকাৰ আৰু এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক (এআইআইবি)য়ে আজি ৫০০ মিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ এই ধন ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতৰ যুদ্ধ শক্তিশালী কৰাত ব্যৱহৃত হ’ব৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ মাজতে বৃদ্ধি হৈছে খাদ্য শস্য ক্ৰয়ৰ পৰিমাণ

কেন্দ্ৰীয় সংস্থাৰ তৰফৰ পৰা নিৰ্ধাৰিত লক্ষ্যৰ ৪০০ লাখ মেট্ৰিকটনৰ অৰ্ধেকতকৈও অধিক আটা ক্ৰয় কৰা হৈছে৷ ৪৫ লাখ মেট্ৰিকটন ধানো ক্ৰয় কৰা হৈছে, তেলেংগানাই ৩০ লাখ মেট্ৰিকটন ক্ৰয় কৰি শীৰ্ষত আছে৷ পিএমজিকেএৱাইৰ অধীনত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে খাদ্য শস্য আহৰণ কৰিছে ৭০ লাখ মেট্ৰিকটন, যি মাহৰ মুঠ আৱণ্টনৰ ৫৮%

অধিক বিৱৰণৰ বাবে

পিএমজিকেএৱাইৰ অধীনত প্ৰায় ৮০ কোটি লোকক খাদ্য-শস্য আৰু দাইল যোগান ধৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে খাদ্য আৰু ৰাজহুৱা বিতৰণৰ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী

এফচিআইয়ে প্ৰায় ৭৪ লাখ মেট্ৰিকটন খাদ্য-শস্য কঢ়িওৱাৰ বাবে ২৬৪১ ৰে’ক সামগ্ৰী বোজাই কৰি অভিলেখ স্থাপন কৰিছে৷ এই তথ্য প্ৰকাশ কৰিছে শ্ৰী ৰামবিলাস পাছোৱানে৷

অধিক বিৱৰণৰ বাবে

বৰ্তমানৰ কঠিন পৰিস্থিতিত ভাৰতীয় ৰে’ড ক্ৰ’চ ছ’চাইটীৰ সেৱাক প্ৰশংসা কৰিছে ডাঃ হৰ্ষ ৱৰ্ধনে

নতুন দিল্লীত আজি অনুষ্ঠিত ‘‘বিশ্ব ৰে’ড ক্ৰ’ছ দিৱস’’ৰ শতবাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে তেওঁলোকৰ এই কঠিন সময়ছোৱাত গ্ৰহণ কৰা ভূমিকাৰ বাবে প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় নৌ সেনাৰ ব্যক্তিগত সুৰক্ষা সাজ (পি পি ) নিউক্লিয়েৰ ঔষধ আৰু আনুসঙ্গিক বিজ্ঞান প্ৰতিষ্ঠান (আই এন এম এচ)ৰদ্বাৰা অনুমোদিত

ভাৰতীয় নৌ সেনাই প্ৰস্তুত কৰা ব্যক্তিগত সুৰক্ষা সাজ (পি পি ) নিউক্লিয়েৰ ঔষধ আৰু আনুসঙ্গিক বিজ্ঞান প্ৰতিষ্ঠান (আই এন এম এচ)ৰদ্বাৰা পৰীক্ষা কৰি ইয়াক ভিড-১৯ সৃষ্টি কৰা পৰিস্থিতিত চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰৰ উপযোগী বুলি ঘোষণা কৰাৰ লগতে সৰহীয়াকৈ উৎপাদন কৰিবলৈ অনুমোদন জনোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ডাক বিভাগে সমগ্ৰ দেশৰ দুৰ্গম অঞ্চলকে ধৰি দেশৰ বিভিন্ন গৱেষণাগাৰলৈ আইচিএমআৰৰ আঞ্চলিক ভাণ্ডাৰৰ পৰা ক’ভিড-১৯ৰ পৰীক্ষণ কিট প্ৰেৰণ কৰিছে

ভাৰতীয় ডাক বিভাগে আইচিএমআৰৰ সহযোগিতাত ইয়াৰ ১৬টা আঞ্চলিক ভাণ্ডাৰৰ পৰা ক’ভিড-১৯ পৰীক্ষণৰ বাবে নিৰ্ধাৰিত ২০০টা অতিৰিক্ত গৱেষণাগাৰলৈ পৰীক্ষণ কিটসমূহ প্ৰেৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ইউৰোপিয়ান সংঘৰ অধ্যক্ষ চাৰ্লছ মাইকেল আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপিয়ান সংঘৰ অধ্যক্ষ চাৰ্লছ মাইকেলৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ভিড-১৯ সন্দৰ্ভত ভাৰত আৰু ইউৰোপিয়ান সংঘত উদ্ভৱ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে৷ তেওঁলোক দুয়োৱে এই মহামাৰীবিধৰ সৈতে মোকাবিলা কৰিবলৈ পাৰস্পৰিক সহযোগিতাত সন্তোষ প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত কাৰ্যকৰী আঞ্চলিক তথা বিশ্বজনীন সমন্বয়ৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে৷ নেতা দুগৰাকীয়ে ভিড-১৯ৰ পচ্ছাদ সময়ত উদ্ভাসিত পৰিস্থিতিৰ ক্ষেত্ৰত পৰস্পৰে পৰস্পৰৰ প্ৰতি সহযোগিতা আগবঢ়াই যাব বুলি সহমত পোষণ কৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ সমস্যাৰ সমাধানৰ বাবে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ টেলিফোনিক বাৰ্তালাপ

দুয়োগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷ এই সন্দৰ্ভত পাৰস্পৰিক সহযোগিতা আৰু ৰোগবিধৰ বিৰুদ্ধে বিশ্বজনীন যুদ্ধৰ বিষয়েও দুয়োগৰাকী নেতাই সহমত পোষণ কৰে৷

অধিক বিৱৰণৰ বাবে

ইভেণ্ট আৰু মনোৰঞ্জনমূলক ব্যৱস্থাপনা উদ্যোগ তথা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহক ইতিবাচক চিন্তাৰ সৈতে বৰ্তমানৰ পৰিস্থিতিৰ সুযোগ ল’বলৈ শ্ৰী নীতিন গাডকাৰীৰ আহ্বান

কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি ইভেণ্ট আৰু মনোৰঞ্জনমূলক ব্যৱস্থাপনা উদ্যোগ তথা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত মিলিত হয়৷ শ্ৰী গাডকাৰীয়ে তেওঁলোকৰ পদক্ষেপসমূহৰ প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

‘‘দেখো আপনা দেশ’’ ছিৰিজৰ অধীনত পৰ্যটন মন্ত্ৰালয়ৰ ‘‘গোৱা-ক্ৰুচিবল অব্ কালচাৰ’’ শীৰ্ষক ১৬তম ৱেবিনাৰ মুকলি

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত পাঞ্জাৱ চৰকাৰে ৰাজ্যিক পৰিবহণৰ অধীনত তথা ব্যক্তিগত বাছ অপাৰেটৰসকলক প্ৰব্ৰজিত শ্ৰমিৰ/যাত্ৰীসকলক পৰিবহণৰ সময়ত স্বাস্থ্যবিধি পালনৰ বাবে পৰামৰ্শৱলী মুকলি কৰিছে৷
  • হাৰিয়ানাঃ ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা অভিযোগসমূহৰ সময়মতে নিষ্পত্তি কৰা বাবে কেন্দ্ৰীয় চৰকাৰে হাৰিয়ানা চৰকাৰক প্ৰশংসা কৰিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰি তেওঁলোকক ৰাজ্যলৈ অহা লোকসকলে যাতে কঠোৰভাৱে কোৱাৰেণ্টাইনৰ বিধি পালন কৰে তাৰ নিশ্চিতিৰ বাবে নিৰ্দেশ দিছে৷
  • কেৰালাঃ ৰাজ্যখনত বৰ্তমানে কেৱল ২৫জন সক্ৰিয় ক’ৰোনা আক্ৰান্ত ৰোগী আছে৷
  • তামিলনাডুঃ কালিলৈকে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৫৪০৯ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৩৮২২ জন, মৃত্যু হৈছে ৩৭ জনৰ আৰু মুকলি কৰি দিয়া হৈছে ১৫৪৭ জনক৷
  • কৰ্ণাটকঃ আজি ৪৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন দাখিল হৈছে৷ ৰাজ্যখনত এই পৰ্যন্ত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৭৫০ জন, মৃত্যু হৈছে ৩০ জনৰ আৰু আৰোগ্য হৈছে ৩৭১ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৮৮৭ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১০০৪ জন, আৰোগ্য হৈছে ৮৪২ জন, মৃত্যু হৈছে ৪১ জনৰ৷
  • তেলেংগানাঃ বিহাৰৰ পৰা ২২৫জন প্ৰব্ৰজিত শ্ৰমিকক লৈ শ্ৰমিক বিশেষ ৰে’ল উপস্থিত হৈছে৷ ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১১২২ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৪০০ জন, আৰোগ্য হৈছে ৬৯৩ জন আৰু মৃত্যু হৈছে ২৯ জনৰ৷
  • অসমঃ অসমত তিনিজন নতুন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু পোৱা হৈছে৷ মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৫৬ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২১ জন, মুকলি কৰি দিয়া হৈছে ৩৪ জনক আৰু মৃত্যু হৈছে ১জনৰ৷ এই তথ্য টুইটাৰত প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে৷ গুৱাহাটীত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোক চিনাক্ত হোৱাৰ পিছত অমিয় নগৰ, চান্দমাৰী, ডাঃ বি বৰুৱা কৰ্কট চিকিৎসালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিকটৱৰ্তী অঞ্চলক নিয়ন্ত্ৰিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে৷
  • মণিপুৰঃ কৃষি সঞ্চালকালয়ে খাৰিফ ২০২০ ঋতুৰ বাবে ইউৰিয়া সাৰৰ উপলব্ধ কৰোৱাৰ বাবে বিভিন্ন প্ৰয়াস গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে৷ অংগৱাড়ী কৰ্মী আৰু ছুপাৰভাইজাৰসকলক মণিপুৰ সমাজ কল্যাণ বিভাগে আইচিডিএছ-চিএএছ এপ্লিকেচনৰ সৈতে স্মাৰ্টফোন প্ৰদান কৰিছে৷
  • মিজোৰামঃ ৰাজ্যিক প্ৰাধিকৰণক অৱগত নকৰাকৈ ৰাজ্যলৈ উভটি অহা ১৫০ত কৈও অধিক লোকক চৰকাৰে কোৱাৰেণ্টাইনত ৰাখিছে৷
  • নাগালেণ্ডঃ দৈনিক প্ৰতিবেদনৰ ভিত্তিত লকডাউন পৰ্যায়ক্ৰমে শিথিল কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে৷ নাগালেণ্ড চৰকাৰে পেঞ্চনাৰসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে পেঞ্চন জমা কৰিব৷ পেঞ্চনাৰসকলক এছবিআইত বেংক একাউণ্ট মুকলি কৰিবলৈ দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১৭,৯৭৪ জন লোকলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ১১,৩৯৪ জন লোকেই হ’ল মুম্বাইৰ৷
  • গুজৰাটঃ ৩৮৮ জন নতুন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ জৰিয়তে ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৭,০১৩লৈ বৃদ্ধি পাইছে৷ মৃত্যু হৈছে ৪২৫ জনৰ৷
  • ৰাজস্থানঃ ৰাজস্থানত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৩৪৫৩ জন৷ মৃত্যু হৈছে ৯৭ জনৰ, আৰোগ্য হৈছে ১৫৯৬ জন৷
  • মধ্য প্ৰদেশঃ  মধ্য প্ৰদেশত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩২৫২ জন৷ আৰোগ্য হৈছে ১২৩১ জন, ১৯৩ জন লোকৰ মৃত্যু হৈছে৷

 

ফেক্ট চেক

 



(Release ID: 1622284) Visitor Counter : 147