মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

দেশত গৱেষণাৰ পৰিৱেশ উন্নত কৰাৰ লক্ষ্যেৰে ‘পিএমআৰএফ’ আঁচনিৰ সংস্কাৰৰ পদক্ষেপ মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব গৱেষণাৰ সুবিধা : শ্ৰী পোখ্ৰিয়াল ‘নিশাংক’

Posted On: 07 MAY 2020 4:14PM by PIB Guwahati

দেশত গৱেষণাৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যেৰে প্ৰধানমন্ত্ৰী গৱেষণা ফেলশ্বিপ আঁচনি(পিএমআৰএফ) খনৰ বিস্তৃত ৰূপত সংস্কাৰ সাধনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আজি তথ্য সদৰী কৰিছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল নিশাংক-য়ে। শেহতীয়া সংশোধন সম্পৰ্কে তথ্য দাঙি ধৰি তেওঁ কয় যে, এতিয়াৰে পৰা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়-প্ৰতিষ্ঠান(আইআইএছচি/আইআইটি/এনআইটি/আইআইএছইআৰ/আইআইইএছটি/চিএফ আইআইআইটি/সমূহৰ বাহিৰে)ৰ ক্ষেত্ৰত ন্যূনতম চিজিপিএ ৮ অথবা ইয়াৰ সমপৰ্যায়ৰ হোৱাৰ লগতে গেট পৰীক্ষাত পাবলগীয়া নম্বৰৰ পৰিমাণ পূৰ্বৰ ৭৫০ৰ পৰা ৬৫০লৈ অৱনমিত কৰা হৈছে।

এয়া অত্যন্ত আনন্দৰ কথা যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী@narendramodi জীৰ পৰমৰ্শক্ৰমে অধিক সংখ্যক প্ৰতিভাবান আৰু মেধাবী বিদ্যাৰ্থীক প্ৰধানমন্ত্ৰী ৰিছাৰ্চ ফেলশ্বিপ (#PMRF) ৰে জড়িত কৰাৰ বাবে আমি নিৰ্বাচন প্ৰক্ৰিয়াত কেতবোৰ পৰিৱৰ্তন সাধন কৰিছো।https://may2020.pmrf.in/

 

यह अत्यंत हर्ष का विषय है कि माननीय प्रधानमंत्री श्री @narendramodi जी के मार्गदर्शन में अधिक से अधिक प्रतिभावान होनहार विद्यार्थियों को प्रधानमंत्री रिसर्च फ़ेलोशिप (#PMRF) से जोड़ने के लिए हमने चयन प्रक्रिया में कई परिवर्तन किये हैं ।https://t.co/aR1RWuXIFk

— Dr Ramesh Pokhriyal Nishank (@DrRPNishank) May 7, 2020

 

 

এতিয়াৰে পৰা এই আঁচনিয়ে আগবঢ়োৱা সুযোগ গ্ৰহণৰ বাবে দুই ধৰণে প্ৰৱেশৰ সুবিধা লাভ কৰিব পাৰিব। এটা হৈছে পোণপতীয়া আৰু আনটো হৈছে লেটাৰেল প্ৰক্ৰিয়া। যিসকল ছাত্ৰ-ছাত্ৰীয়ে পিএমআৰএফ অনুমোদিত প্ৰতিষ্ঠানত(নিৰ্দিষ্ট বিধি অনুসৰি ১২মাহ বা ২৪মাহ সম্পূৰ্ণ কৰিছে)পিএইচডি কৰি আছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে নতুন বিধি-নিয়ম অনুসৰি ফেলশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। ইফালে, এনআইআৰএফ-ৰ সামগ্ৰিক দক্ষতা-মাপক সমীক্ষাত শীৰ্ষৰ ২৫টা প্ৰতিষ্ঠানৰ অন্তৰ্ভুক্ত হবলৈ সমৰ্থ হোৱা দেশৰ এনআইটিসমূহকো এতিয়াৰে পৰা পিএমআৰএফ অনুমোদিত প্ৰতিষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে বুলি তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ প্ৰধানমন্ত্ৰী গৱেষণা ফেলশ্বিপ আঁচনিৰ সংশোধনে অধিক সংখ্যক বিদ্যাৰ্থীক গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

https://twitter.com/DrRPNishank/status/1258340738502361088?s=19

গৱেষণাৰ বাবে অধিক উপযোগী পৰিৱেশ তথা অধিকক উদ্বুদ্ধ কৰিব পৰা বাতাবৰণ ৰচনা কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ত গৱেষণা আৰু উদ্ভাৱন প্ৰভাগ শীৰ্ষক এক উত্সৰ্গীত বিভাগো মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। এগৰাকী সঞ্চালকৰ নেতৃত্বত পৰিচলিত হব লগা এই বিভাগে মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠানসমূহত সম্পাদিত হব লগা গৱেষণাৱলীৰ ক্ষেত্ৰত সমন্বয়কৰ ভূমিকা পালন কৰিব বুলিও তেওঁ উল্লেখ কৰে।

 

*****

NB/AKJ/AK/KB



(Release ID: 1621891) Visitor Counter : 192