প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পঞ্চায়তীৰাজ দিৱস উপলক্ষে সমগ্ৰ দেশৰ পঞ্চায়তকৰ্মীসকলৰ সৈতে কৰা প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ

Posted On: 24 APR 2020 6:00PM by PIB Guwahati

নমস্কাৰ!

আপোনালোক সকলোকে পঞ্চায়তীৰাজ দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ ক’ৰোনা বিশ্ব মহামাৰীয়ে প্ৰকৃতাৰ্থত আমাক কাম কৰা ধৰণ সলনি কৰি দিলে৷ আগতে আমি যিকোনো কাৰ্যসূচী মুখামুখি হৈছিলো, এতিয়া ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা হৈছে৷

বৰ্তমান দেশজুৰি লাখ লাখ পঞ্চায়তকৰ্মী তথা সদস্যই প্ৰযুক্তিৰ মাধ্যমেৰে জড়িত হৈছে৷ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷ আজি বিভিন্ন পঞ্চায়তে ভাল কামৰ বাবে পুৰস্কাৰ লাভ কৰিছে৷ পুৰস্কাৰ বিজয়ী সকলো পঞ্চায়ত, জনপ্ৰতিনিধিক মই বহু বহুত শুভেচ্ছা জনাইছো৷

বন্ধুসকল, পঞ্চায়তীৰাজ দিৱস, গাঁওসমূহত সুশাসন প্ৰদান কৰাৰ আমাৰ সংকল্পৰ দোহৰাৰ এক সূযোগ৷ আৰু ক’ৰোনাৰ সংকটকালত এই সংকল্পৰ প্ৰাসংগিকতা আৰু অধিক বৃদ্ধি পাইছে৷ এইটো সঁচা যে ক’ৰোনা মহামাৰীয়ে আমাৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে৷

কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হ’ল যে এই মহামাৰীয়ে আমাক এটা নতুন শিক্ষা তথা এক নতুন বাৰ্তা দিছে৷ আজি এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী নাগৰিক, তেওঁ গাঁৱৰে হওক বা চহৰৰে হওক সকলোকে বাৰ্তা দিব বিচাৰিছো৷

বন্ধুসকল, ক’ৰোনা সংকটে আমাক দিয়া ডাঙৰ বাৰ্তা, শিক্ষা হৈছে আমি আত্মনিৰ্ভৰশীল হ’ব লাগিব৷

গাঁওসমূহে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল হওক, জিলা, ৰাজ্যসমূহৰ লগতে সমগ্ৰ দেশে আত্মনিৰ্ভৰশীল হওক৷ আমি নিজৰ প্ৰয়োজনীয়তা পুৰণ কৰাৰ বাবে আনৰ মুখলৈ চাব নালাগিব৷ এইটো এতিয়া অতি প্ৰয়োজন হৈ পৰিছে৷

ভাৰতত এই ধাৰণা শ শ বছৰ ধৰি আছিল, কিন্তু আজি পৰিৱৰ্তিত পৰিস্থিতিয়ে আমাক আত্মনিৰ্ভৰশীল হবলৈ পুনৰ মনত পেলাই দিলে৷ এই ক্ষেত্ৰত গাঁও পঞ্চায়তসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷

শক্তিশালী পঞ্চায়ত আত্মনিৰ্ভৰ গাঁৱৰো আধাৰ৷ সেইবাবে পঞ্চায়ত ব্যৱস্থা যিমানে শক্তিশালী হ’ব, গণতন্ত্ৰও সিমানেই সুদৃঢ় হ’ব আৰু বিকাশ হোৱাৰ লগতে দৰিদ্ৰতম লোকসকলে সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব৷

বন্ধুসকল, এই ধাৰণাৰে চৰকাৰে পঞ্চায়তীৰাজৰ সৈতে জড়িত ব্যৱস্থা, আন্তঃগাঁথনিৰ আধূনিক ৰূপ দিয়াৰ কাম কৰি আছে৷ ৫-৬বছৰৰ পূৰ্বে দেশত কেৱল ১০০তকৈও কম গাঁৱত ব্ৰ’ডবেণ্ড সেৱা আছিল৷ বৰ্তমান চৰকাৰৰ প্ৰচেষ্টা সেই সেৱা দেশৰ ১.২৫লাখতকৈ অধিক পঞ্চায়তত প্ৰদান কৰা হৈছে৷ ইমানেই নহয়, গাঁৱত সামূহিক সেৱা কেন্দ্ৰৰ সংখ্যাও ৩ লাখতকৈ অধিক হৈছে৷

চৰকাৰে ভাৰতত ম’বাইল নিৰ্মাণৰ অভিযান হাতত লোৱাৰ ফলত বৰ্তমান গাঁৱতো কম দামতে স্মাৰ্ট ফোন পাবলৈ সক্ষম হৈছে৷ আজি এই ভিডিঅ’ কনফাৰেন্সিঙত ইমান সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ মুলতে ইয়াৰ অৱদান আছে৷

বন্ধুসকল, গাঁৱৰ আত্নঃগাঁথনি শক্তিশালী কৰাৰ বাবে, চহৰ আৰু গাঁওসমূহৰ মাজৰ দূৰত্ব কম কৰা বাবে আজি চৰকাৰে দুটা বৃহ ব্ৰ’ডবেণ্ড প্ৰকল্পৰ শুভাৰম্ভ কৰিছে৷ বৰ্তমান যি ভিডিঅ’ চলি আছে, তাত আপোনালোকে দেখিছে এটা ই-গ্ৰাম স্বৰাজ প’ৰ্টেল আৰু তাৰ এপৰ শুভাৰম্ভ আৰু আনটো হৈছে স্বামিত্ব আঁচনিৰ শুভাৰম্ভ৷

ই-গ্ৰাম স্বৰাজ, এইটো একপ্ৰকাৰৰ ই-গাঁও পঞ্চায়তৰ সম্পূৰ্ণ ডিজিটাইজেশ্যন প্ৰক্ৰিয়া৷

এই ভৱিষ্যতে গাঁও পঞ্চায়তৰ পৃথক কামৰ খতিয়ান ৰাখিব পৰা একক মঞ্চত পৰিগণিত হ’ব৷ এতিয়াৰে পৰা আপোনালোকে পৃথক এপ্লিকেশ্যনত পৃথকে কাম কৰাৰ প্ৰয়োজনীয়তা নাথাকে৷

আমাক জনোৱা মতে এই প’ৰ্টেলত, এই এপত, পঞ্চায়তৰ বিকাশমুলক কাম-কাজৰ বাবে ধাৰ্য কৰা পূঁজি আৰু ব্যয়ৰ তথ্য ইত্যাদি সবিশেষ উল্লেখ থাকিব৷ ইয়াৰ জৰিয়তে এতিয়া যিকোনো ব্যক্তিয়ে নিজৰ পঞ্চায়তত হৈ থকা কাম-কাজৰ তথ্য ৰাখিব পাৰিব৷

ইয়াৰ দ্বাৰা গাঁও পঞ্চায়সমূহত পাৰদৰ্শিতা-স্বচ্ছতা বৃদ্ধি পাব, তথ্য ৰখাৰ কাম অধিক সৰল আৰু প্ৰকল্পৰ পৰিকল্পনাৰ আৰম্ভ কৰি সম্পূৰ্ণ কৰালৈকে সকলো কামতে ক্ষিপ্ৰতা আহিব৷ আপোনালোকে কল্পনা কৰকছোন, -গ্ৰাম স্বৰাজৰ জৰিয়তে আপোনালোকে কিমান শক্তি পাবলৈ গৈ আছে৷

বন্ধুসকল, গাঁওসমূহত সম্পত্তিৰ অধিকাৰক লৈ যি স্থিতি থাকে, সেই সম্পৰ্কে আপোনালোকে ভালকৈ জানে৷ স্বামীত্ব যোজনাই এইবোৰ ঠিক কৰাৰ এক প্ৰয়াস৷ এই যোজনাৰ অধীনত সকলো গাঁৱত আৱাসীক ড্ৰ’নৰ দ্বাৰা মেপিং কৰা হ’ব৷ ইয়াৰ পাছত গাঁৱৰ লোকসকলক সম্পত্তিৰ এক মালিকানা প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব৷

স্বামীত্ব যোজনাৰ জৰিয়তে গাঁওসমূহে এটাই নহয় বিভিন্ন লাভ হ’ব৷ আগতে এই সম্পত্তিক লৈ যি ভ্ৰান্তিপূৰ্ণ স্থিতি আছিল, সেয়া দুৰ হ’ব৷ দ্বিতীয়তে, ইয়াৰ দ্বাৰা গাঁওত বিকাশ যোজনাক ভাল পৰিকল্পনা কৰাত আৰু অধিক সুবিধা হ’ব৷ ইয়াৰ এটা আৰু ডাঙৰ লাভ এই যে ইয়াৰ দ্বাৰা চহৰৰ দৰে গাঁওসমূহত বেংকৰ ঋণ লাভ কৰাটো সুলভ হৈ পৰিব৷

বন্ধসকল,

এতিয়া উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, হাৰিয়ানা, মধ্যপ্ৰদেশ, আৰু উত্তৰাখণ্ড এই ৬খন ৰাজ্যত পৰীক্ষামুলকভাৱে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে৷ ইয়াৰ অভিজ্ঞতাৰ ভিত্তিত কোনো আঁসোৱাহ থাকিলে সেইবোৰ শুধৰাই সমগ্ৰ দেশত ৰূপায়ণ কৰা হ’ব৷

বন্ধুসকল, কেতিয়াবা কেতিয়াবা মোৰ এনে লাগে জীৱনৰ আঁচল শিক্ষাৰ পৰীক্ষা সংকটৰ সময়তহৈ হয়৷ সুৰক্ষাজনিত পৰিৱেশত, জাকজমক পৰিৱেশত আচল শিক্ষা, প্ৰকৃত সামথ্যৰ উৱাদিহ পোৱা নাযায়৷ এই ক’ৰোনা সংকটে দেখুৱাই দিলে দেশৰ গাঁওসমূহত থকা লোকসকল, যিসকলে ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ পৰা নল’লেো এই সময়ছোৱাত নিজৰ সংস্কাৰ আৰু পৰম্পৰাৰ শিক্ষাক প্ৰতিফলিত কৰিছে৷

গাঁৱৰ পৰা যি আপডেট আহি আছে, সেইবোৰ ডাঙৰ ডাঙৰ বিদ্বানকো প্ৰেৰণা যোগাব৷ মোৰ সতীৰ্থসকলে এই কাম কৰিছে, গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে কৰিছে, মোৰ আদিবাসী ভাই-ভনীসকলে কৰিছে, কৃষি-কাৰ্য কৰাসকলে, শস্য চপোৱা আৰু ৰোপনৰ সৈতে জড়ি লোকসকলে দেশবাসীক প্ৰেৰণা দিবলগীয়া এই কাম কৰিছে৷

আপোনালোকে বিশ্ববাসীক মন্ত্ৰ দিছে-‘দুই গজ দুৰত্ব’ বা দুই গজ শাৰিৰীক দুৰত্ব৷ এই মন্ত্ৰ পালন কৰাত গাঁওবাসীয়ে বিশেষ ধ্যান দিছে৷ দুই গজ দুৰত্ব অৰ্থা সামাজিক দুৰত্ব বজাই ৰাখি আপোনালোকে ক’ৰোনা ভাইৰাছৰ পৰা নিজে দুৰত থকাৰ লগতে আনকো বছাই ৰাখিছে৷ আপোনালোকৰ এই প্ৰচেষ্টাৰ বিষয়ে বিশ্বজুৰি চৰ্চা হৈছে যে ভাৰতে কিদৰে ক’ৰোনাক প্ৰতিহত কৰিছে৷

বন্ধুসকল, ইমান ডাঙৰ সংকট আহিলে, ইমান ডাঙৰ মহামাৰী আহিলে কিন্তু ২-৩ মাহত আমি এইটো লক্ষ্য কৰিছো ভাৰতীয় নাগৰিকে সীমিত সম্পদ স্বত্তেও বহু জটিলতাৰ সন্মুখীন হৈও শিৰনত কৰা নাই, বৰঞ্চ যুঁজ দিছে৷ এইটো সঁচা যে সমস্যা হৈছে, কিন্তু সংকল্পৰ সামৰ্থ্য দেখুৱাই, নতুন শক্তিৰে আগুৱাই গৈছে, নতুন নতুন দিশ সন্ধান কৰিছে, দেশক ৰক্ষা কৰা আৰু আগুৱাই নিয়া কামো ধাৰাবাহিকভাৱে কৰি আছে৷

বন্ধুসকল, এই পৰিস্থিতি গাঁওসমূহত যি হৈ আছে, সেই সম্পৰ্কে মই পৃথকে খবৰ লৈ আছো৷ আজি মই আপোনালোকৰ একাংশ বন্ধুৰ সৈতে ক’ৰোনাৰ সময়ত হোৱা অভিজ্ঞতা আৰু আপোনালোকৰ পৰামৰ্শৰ বিষয়ে জানিব বিচাৰিম৷ মোক জনোৱা মতে প্ৰথমে জম্মু আৰু কাশ্মীৰৰ সৈতে সংযোগ হৈছে৷

মহম্মদ ইকবাল জম্মু আৰু কাশ্মীৰৰ বাৰামুল্লাৰ পৰা সংযুক্ত হৈছে৷ এও ব্লক পঞ্চায়ত নাৰবাবৰ সভাপতি৷ ইকবাল জী নমস্কাৰ৷

ইকবাল জী, আপোনাৰ ব্লকত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ কিদৰে চলি আছে? আপোনালোকে দুই গজ দুৰত্ব আৰু অনাময় ক্ষেত্ৰত কি কি কৰি আছে?

ইকবালঃ- নমস্কাৰ ছাৰ, মই জম্মু-কাশ্মীৰৰ বাৰামুল্লা ব্লকৰ নাৰবাওৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জনাইছো৷ আজি পঞ্চায়ত দিৱস উপলক্ষে শুভেচ্ছা জনাইছো৷ ছাৰ আমাৰ ইয়াত বৰ্তমান আমি আপুনি ঘোষণা কৰা লকডাউন ১০০শতাংশই পালন কৰি ৰোনাৰ বিৰুদ্ধে যুঁজ দিছো৷  আপুনি প্ৰথম দিনা ঘোষণা লকডাউনৰ পৰাই আমি প্ৰস্তুতি চলাইছিলো৷ সেই দিনাই আমি ব্লক পৰ্যায়ত থকা চিকিসা বিষয়া, আইচিডিএছ আৰু পঞ্চায়তৰ পৰা এক নিৰ্দেশ অনুসৰি সভা অনুষ্ঠিত কৰি আশা কৰ্মী, আইচিডিএছ কৰ্মী আৰু পঞ্চায়ত পিআৰআই সদস্যসকলক প্ৰশিক্ষণ দিলো৷  তেওঁলোকক আমি ৰোনা ভাইৰাছৰ প্ৰতিৰোধমুলক ব্যৱস্থাৰ বাবে অৱগত কৰিলো৷ তাৰ পাছত আমি তেওঁলোকক আমাৰ ব্লকৰ ঘৰে ঘৰে পঠালো৷

আপোনাক জনাবলৈ পাই সুখী হৈছো যে আমাৰ ব্লকৰ এনেকুৱা এটাও পৰিয়াল নোলাব, লৈ আমাৰ টীম যোৱা নাই৷ তেওঁলোকে ঘৰে ঘৰে ৰোনা ভাইৰাছৰ প্ৰতিৰোধী ব্যৱস্থাৱলী সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগ কৰে৷  আমাৰ ব্লকত আজিলৈকে কেৱল এজন লোক ভিড-১৯ত সংক্ৰমিত হৈছে৷ তাৰ কাৰণটো হৈছে তাত পঞ্চায়ত নাই, পঞ্চায়ত কৰ্মী নাই, যাৰবাবে তেওঁক ট্ৰেচিং কৰিব পৰা নগল৷

কিন্তু যিমান বাকী গাঁও আছে, যিমান বাকী ব্লক আছে, জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ সহযোগত প্ৰতিটো ঘৰত, প্ৰতিগৰাকী ব্যক্তিৰ ট্ৰেভেল হিষ্টৰী চিনাক্ত কৰি তেওঁলোকক বিশেষ কেন্দ্ৰ আৰু ঘৰতে কোৱাৰেণ্টাইন কৰি পিআৰআইসকলক তাত দায়িত্ব দিয়া হৈছে৷ হোম কোৱাৰেণ্টাইন সফল হোৱাকৈ ২৪ ঘণ্টাই কৰ্তব্য পালন কৰিছে৷  জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা মানি আমি লকডাউন সফল কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছা৷  আমাৰ পঞ্চায়তীৰাজ যুৱ সংস্থাৰ যিমান সদস্য আছে, তেওঁলোকক জিলা প্ৰশাসনে নিৰ্দেশ দিছে যে যিকোনো প্ৰকাৰে লকডাউন সফল কৰিব লাগে৷ তেওঁলোকে ৰোষ্টাৰ প্ৰস্তুত কৰি স্বেচ্ছাসেৱকসকলৰ সৈতে ৰাস্তাত থাকি লকডাউন সফল কৰিছে৷ অৰ্থা তেওঁ ৰোষ্টাৰ বনাই স্বেচ্ছাসেৱকসকলৰ সৈতে পথত থাকি লকডাউন সফল কৰিলে৷  দুটা বাৰ্তাৰে জনসাধাৰণক দুটা শ্লগান দিলে-সকলোকে সন্মান কৰক, সকলোকে সন্দেহ কৰক, আনটো হৈছে ঘৰতে থাকক, নিৰাপদে থাকক৷ এই দুটা শ্লগানৰ জৰিয়তে আজি আমাৰ ব্লকত ৯৯শতাংশ পৰিস্থিতি নিয়ন্ত্ৰণত আছেছাৰ৷

প্ৰধানমন্ত্ৰীঃ আপুনি যিদৰে কথা কয় এনে লাগে যে আপুনি নিজে ফিল্ডত যায়৷ নিজে গাঁৱত যায়, তাৰফলত আপুনি ইমান সহজে বিষয়বোৰ বুজি পায়৷ আপুনি মানৱ সম্পদ উন্নয়নেই হওক, নিয়ম পালন কৰাই হওক, অতি সুন্দৰভাৱে কয়৷ মোৰ বিশ্বাস যে দুই গজ দুৰত্ব এই মন্ত্ৰক আপোনালোকে গাঁৱে গাঁৱে, ঘৰে ঘৰে তথা সমগ্ৰ জম্মু আৰু কাশ্মীৰে আপোনাৰ পৰা শিকিব লাগিব৷ মই আপোনাক অভিনন্দন জনাইছো, অতি উত্তম কাম কৰিছে৷ আপোনাৰ ব্লকৰ সকলো নাগৰিককে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো৷ এতিয়া ৰমজান মাহ আৰু আপোনালোকৰ পৰিশ্ৰমৰ বাবে ৰমজান অতি সুন্দৰভাৱে নাগৰিকসকলে পালন কৰিব পাৰিব৷ আপুনি সঁচাকৈয়ে বহুত ডাঙৰ সেৱা কৰিছে৷

আহক জম্মু-কাশ্মীৰৰ পৰা আমি পোনে পোনে দক্ষিণৰ কৰ্ণাটকলৈ যাও৷  কৰ্ণাটকৰ চিক্কাবালাপুৰৰ পৰা আমাৰ সৈতে সংযোগ হৈছে নবীন কুমাৰ জী৷

নবীন কুমাৰ- দেশৰ প্ৰধান সেৱক আপোনাক গাঁও পঞ্চায়ৰ তৰফৰ পৰা নমস্কাৰ৷

প্ৰধানমন্ত্ৰী-আজি কালি মই গাঁৱৰ প্ৰধান সেৱকৰ লগতো কথা পতাৰ সৌভাগ্য হৈছে নেকি? বিশ্বৰ ডাঙৰ ডাঙৰ মুৰব্বীসকলকৰ সৈতে কথা পতাৰ সূযোগ হৈছে৷

নবীন কুমাৰ-ধন্যবাদ ছাৰ৷ আমাৰ গাঁও পঞ্চায়ত কোনো ৰোনা প্ৰভাৱিত ব্যক্তি নাই আৰু ১৪জন লোকক আমি হোম কোৱাৰেণ্টাইনত ৰাখিছো৷ এওঁলোকক পঞ্চায়তৰ জৰিয়তে পানী, গাখীৰ, শাক-পাচলি, খাদ্য সামগ্ৰী আদি ব্যৱস্থাৰ ঘৰৰ পৰাই দি আছে৷ আশাকৰ্মী, স্বাস্থ্য বিভাগৰ বিষয়া আৰু গাঁও পঞ্চায়তৰ সকলো সদস্য আৰু কৰ্মকৰ্তা মিলি এক টাস্ক ৰ্চ গঠন কৰা হৈছে৷ প্ৰতি সপ্তাহত দুই-চাৰি বৈঠক অনুষ্ঠিত কৰি ৰোনা কিদৰে প্ৰতিৰোধ কৰিব পৰা যায় আৰু কি কি প্ৰচেষ্টা পৰা যায় এই সম্পৰ্কে চৰ্চা হৈ আছে৷ আইইচি, সামাজিক দুৰত্ব আৰু চেনিটাইজেচনৰ কামো ভালদৰে হৈছে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনা, উজ্জ্বলা যোজনা আৰু পেন্সন যোজনাৰ অধীনত পাঁচ হাজাৰতকৈ অধিক হিতাধিকাৰী উপকৃত হৈছে৷

ইয়াৰ যুৱকসকলক প্ৰেৰিত কৰি গ্ৰাম পুলিচ গঠন কৰিছে৷ পঞ্চায়তৰ সীমান্তত চেকপোষ্ট স্থাপন কৰি সকলো গ্ৰাম পুলিচে কাম কৰিছে৷ ইয়াৰ জৰিয়তে গাঁওবাসীৰ বিনা কাৰণত অহা-যোৱা কৰা বন্ধ কৰা৷ ইয়াৰ দ্বাৰা এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ সংক্ৰমণ বলৈ নিদিয়ে৷ ব্যক্তি আৰু সামূহিক স্বচ্ছতাৰ বিষয়ে সকলো স্থানত ভালদৰে আইইচিৰ লগতে স্বচ্ছতা কাৰ্যসুচীও হাতত লোৱা হৈছে৷

লকডাউনৰ ফলত মহাৰাষ্ট্ৰৰ পৰা অহা ১৭০জনতকৈ অধিক শ্ৰমিক আহিছিল, তেওঁলোকক আমি এখন পাঠশালাত ৰখাইছো৷ এই সকলোকে আহাৰ, পানী আৰু ঔষধ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে৷

ফল আৰু শাক-পাচলিৰ বাবে এখন বজাৰৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলৰ বিশেষ ক্ষতি হোৱা নাই৷ তেওঁলোকৰ আৰ্থিক স্থিতি আৰু মনোবল বৃদ্ধি কৰা হৈছে৷ কাৰোবাক ঔষধৰ প্ৰয়োজন হ’ল, তেওঁলোকে বজাৰৰ পৰা আনি ঘৰে ঘৰে  প্ৰদান কৰা হৈছে৷

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় উদ্যোগ যোজনাৰ অধীনত পঞ্চায়তৰ শ্ৰমিক আৰু কৃষকসকলক ব্যক্তিগত কাম আৰু জল সংৰক্ষণ কাৰ্যসুচীত অংশ গ্ৰহণ সূযোগ প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা গাঁও পঞ্চায়ততো লোকসকলৰ মনোবল বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰী-নবীন আপোনাৰ গাঁৱৰ জনসংখ্যা কিমান?

নবীন-৮,৫০০জন ছাৰ৷

প্ৰধানমন্ত্ৰী-অৰ্থা ডাঙৰ গাঁও৷ আপুনি কিমান দিনৰ পৰা পঞ্চায়তৰ মুৰব্বী হৈ আছে৷

নবীন- প্ৰথম বাৰলৈ ছাৰ৷

প্ৰধানমন্ত্ৰী- প্ৰথমবাৰলৈ হৈছে? কিন্তু আপুনি বহুত কাম কৰি আছে আৰু অতি পদ্ধতিগতভাৱে তথা পৰিকল্পনাৰে কাম কৰি আছে৷ গাঁওবাসীয়ে আপোনাৰ কথা মানি চলে নে?

নবীন-হয় ছাৰ৷

প্ৰধানমন্ত্ৰী-মানি চলে৷ এনে উত্তম কাম কৰাৰ বাবে আপোনাৰ লগতে আপোনালোকৰ গাঁওবাসীক অভিনন্দন জনাইছে৷ আপুনি সকলো আঁচনি জনসাধাৰণৰ কাষলৈ লৈ যোৱা, আৰ্থিক প্ৰগতি কাম ইমান সুন্দৰভাৱে কৰাৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্ব, দৃষ্টিভংগীৰ লগতে আপোনাৰ গাঁৱৰ শক্তি সম্পৰ্কে দৰ্শন কৰাৰ বাবে অভিনন্দন জনালো৷

আহক বিহাৰলৈ যাও৷

বিহাৰৰ জাগানাবাদ জিলাৰ ঘৰ্ণিয়া গাঁও পঞ্চায়তৰ গাঁও প্ৰধান অজয় সিং যাদৱ আমাৰ সৈতে সংযোগ স্থাপন কৰিছে৷ অজয় জী নমস্কাৰ৷

অজয়-নমস্কাৰ ছাৰ৷ মই অজয় সিং যাদৱ, ঘৰ্ণিয়া পঞ্চায়তৰ প্ৰধান৷ বিহাৰৰ হৈ আপোনাক আন্তৰিক অভিনন্দন জনাইছো৷

প্ৰধানমন্ত্ৰী-নমস্কাৰ৷

অজয়-২২ তাৰিখৰ লকডাউন আৰু উয়াৰ চাৰি দিন পাছৰে পৰা একেৰাহে নিজে বজাৰ কৰি গাঁও পঞ্চায়ত এলেকাত বিতৰণ কৰিছো৷ সকলোকে অতি কমেও ৬ফুট দুৰত্ব মানি চলিবলৈ ক’লো৷

প্ৰধানমন্ত্ৰী-অজয় জী জনসাধাৰণক বুজাই দিয়ক, দুই গজ দুৰত্বৰ কথা

অজয়-দুই গজ দুৰত্ব ছাৰ?

প্ৰধানমন্ত্ৰী-হয়

অজয়-গাঁৱত ব্লিচিং পাওদাৰ চতিওৱা, ঘৰে ঘৰে আশা কৰ্মী, ৱাৰ্ড সদস্য আৰু পঞ্চায়তৰ মুৰব্বীয়ে চাবোন প্ৰদান কৰি শৰীৰ আৰু হাত ধোৱাটো শিকাইছে, এক ঘণ্টা-আধা ঘণ্টাৰ মুৰে মুৰে হাত ধুবলৈ সজাগতা সৃষ্টি কৰিছে৷ হোম কোৱাৰেণ্টাইত ১৮জন লোকক ৰখা হৈছে৷ তেওঁলোকক পঞ্চায়তে নিজাকৈ সুবিধা প্ৰদান কৰি আছে৷ ছাৰ, ইয়াত ৩০খন বিচনাৰ এক হোম কোৱাৰেণ্টাইন চেণ্টাৰ গঢ়ি তোলা হৈছে৷ তাতো খোৱা-বোৱা, এএনএম আৰু চকিদাৰক কৰ্তব্যত লগোৱা হৈছে৷ তদুপৰি, ৪৫জন লোকৰে এক গাঁওৰক্ষী দলো গঠন কৰা হৈছে৷ তেওঁলোকে গাঁৱৰ প্ৰৱেশদ্বাৰতে বাঁহৰ বেৰিকেড নিৰ্মাণ কৰিছে, যাতে গাঁৱৰ লোকসকল বাহিৰলৈ যাব নোৱাৰে৷ যাৰ জৰুৰী কাম থাকিব তেওঁহে বাহিৰলৈ যাব পাৰে৷ ইফালে, স্বাস্থ্য বিভাগ আৰু চিকিসক দল গাঁৱলৈ সপ্তাহত দুবাৰ আহে৷ তদুপৰি, পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে সপ্তাহত তিনিবাৰকৈ বৈঠকত মিলিত হৈছো৷

প্ৰধানমন্ত্ৰী-অজয় জী আপোনাৰ পঞ্চায়তৰ বহু লোক আঁতৰৰ চহৰসমূহৰ পৰা ঘৰলৈ ঘুৰি আহিছে, যিসকল অহা নাই তেওঁলোকেও আহিব বিচাৰিছে নিশ্চয়৷

অজয়-হয় ছাৰ, আহিব বিচাৰিছে, কিন্তু আমি জনাইছো যে তেওঁলোক য’ত আছে, তাতে থাকক, লকডাউনৰ খুলিলেই আহিবা ভাই৷ কাৰণ ১৪দিনটো আমি স্কুলত ৰাখো৷ তেওঁলোকেও স্কুলত ১৪দিন থকাতকৈ বাহিৰতে থাকিম বুলি জনাইছে৷

প্ৰধানমন্ত্ৰী-অৰ্থা আপোনাৰ কথা সকলোৱে মানি লয়?

অজয়-হয়, মানি লয় ছাৰ৷

প্ৰধানমন্ত্ৰী-ঠিক আছে, আপোনালোক সকলো সুৰক্ষিত আছে আৰু যিসকল চহৰত আছে তেওঁলোকো সুৰক্ষিত আছে, তেওঁলোকৰ মন শান্তিৰে থাকক৷ আপুনি তেওঁলোকৰ সৈতে ফোনযোগে কথা পাতি থাকিব৷ যাতে চহৰত তেওঁলোকে অসুবিধাৰ সন্মুখীন নহয়৷ এনে সময়ত ঘৰলৈ মনত পৰে, মা-দেউতালৈ বৰকৈ মনত পৰাটো স্বাভাৱিক৷ সেয়েহে, এনেকুৱা সময়ত গাঁৱৰ কোনোবাই ফোন কৰিলে মনটো পাত লাগে৷ আপুনি যি কাম কৰি আহে, তাৰ বাবে অভিনন্দন জনাইছো৷

আহক আমি উত্তৰপ্ৰদেশৰ বস্তিলৈ যাও৷ বস্তি গাঁও পঞ্চায়তৰ নক্তিদেহীৰ প্ৰধান ভগ্নী বৰ্ষা সিং আমাৰ সৈতে সংযোগ হৈছে৷ বৰ্ষা জী নমস্তে৷

বৰ্ষা-নমস্তে ছাৰ৷ মই নিজৰ গাঁও পঞ্চায়তবাসীৰ হৈ আপোনাক নমস্কাৰ জনাইছো৷ পঞ্চায়তীৰাজ দিৱস উপলক্ষেও আপোনাক আন্তৰিক শুভকামনা জনাইছো৷

প্ৰধানমন্ত্ৰী-বস্তিত লকডাউন সঠিকভাৱে পালন হৈছে নে?

বৰ্ষ-ছাৰ মোৰ গাঁৱত সম্পূৰ্ণৰূপে লকডাউন পালন হৈছে আৰু মই আশা ভগ্নী, অংগনৱাড়ী ভগ্নী আৰু এএনএমসকলৰ সৈতে গাঁৱৰ লোকসকলৰ ঘৰে ঘৰে গৈ লকডাউন মানি চলা আৰু সামাজিক দুৰত্ব বজাই ৰখাৰ লগতে ঘৰতে থাকিবলৈ সজাগ কৰিছো৷

প্ৰধানমন্ত্ৰী-আপুনি কেতিয়াৰে পৰা প্ৰধান হৈ আছে৷

বৰ্ষা- ছাৰ মই দ্বিতীয়বাৰলৈ গাঁও প্ৰধান হৈছো৷

 

প্ৰধানমন্ত্ৰী-কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা, পিএম কিষাণ সন্মান নিধি ইত্যাদিবোৰৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে কাম কৰিছে৷

বৰ্ষা- ছাৰ আমাৰ ইয়াত উজ্জ্বলা যোজনাৰ ২৫গৰাকী হিতাধিকাৰী, পিএম কিষাণ সন্মান নিধিৰ ১৫৫ হিতাধিকাৰী আৰু ধন জনৰ অধীনত ৫০গৰাকী লোক উপকৃত হৈছে৷

প্ৰধানমন্ত্ৰী-লোকসকলৰ অনুভন কেনেকুৱা, সন্তুষ্ট নে তেওঁলোক?

বৰ্ষা-ছাৰ তেওঁলোক বহুত সন্তষ্ট৷ আপুনি ঘোষণা কৰা লকডাউনৰ নিৰ্দেশনা অতি সুন্দৰভাৱে পালন কৰাৰ লগতে তেওঁলোকে নিজে যথেষ্ট সুৰক্ষিত অনুভৱ কৰিছে৷ তেওঁলোকে ঘৰতে সুৰক্ষিত বুলি ভাৱে, কাৰণ ৰোনা ভাইৰাছৰ কোনো সঠিক চিকিসা নাই৷ ঘৰত থকা, সুৰক্ষিত থকা, সামাজিক গুৰত্ব বজাই ৰখাটোৱেই ইয়াৰ চিকিসা৷

প্ৰধানমন্ত্ৰী-চাওক, ক’ৰোনা ভাইৰাছ অতি বিচিত্ৰ ভাইৰাছ, কিন্তু তাৰ এক বিশেষত্বও আছে৷ ই নিজে কাৰো ঘৰলৈ নাযায়, নিজে ক’লৈকো নাযায়৷ যদি আপুনি আমন্ত্ৰণ জনায়, তেতিয়াহে আপোনাৰ ঘৰলৈ আহে আৰু ঘৰৰ কাকো এৰি নিদিয়ে৷ সেইবাবে দুউ গজ দুৰত্বৰ মন্ত্ৰ উচ্চাৰিত হৈ থাকিব লাগিব৷ দুই গজ দুৰত্বত থাকি কথা পাতক, ৰওক৷ যেতিয়া ছাতি লয়, তেতিয়া সন্মুখৰ ছাতিটোৰ পৰা অনায়াসে দুই গজ দুৰত্ব বজাই ৰাখিবলগীয়া হয়৷

আগতে কোৱা হৈছিল যে দিল্লীৰ পৰা ১টকা দিলে গাঁওবোৰত ১৫ পইচাহে পায়গৈ৷ এতিয়া ১০০ পইচা ১০০ পইচাই যেতিয়া বেংক একাউণ্টত জমা হয়, তেতিয়া গাঁওবাসীৰ কেনেকুৱা লাগে?

বৰ্ষ-গাঁওবাসী অতি সন্তুষ্ট হয়, ছাৰ৷

প্ৰধানমন্ত্ৰী-কি কয়?

বৰ্ষা-কয় যেতিয়াৰে পৰা এই চৰকাৰ আহিছে, তেতিয়াৰে পৰা সকলো পুৰণ হৈছে, ভালদৰে পাইছে৷

প্ৰধানমন্ত্ৰী-ঠিক আছে বৰ্ষা জী, আপুনি যথেষ্ট ভাল কাম কৰিছে৷

বৰ্ষা-ছাৰ গাঁৱত আলোচনা হৈছে যে এই ক’ৰোনাৰ দৰে বৈশ্বিক মহামাৰীৰ সংকটকালত আপোনাৰ দৰে প্ৰধানমন্ত্ৰী নোহোৱা হ’লে, তেতিয়া হ’লে সমগ্ৰ দেশত কি হ’লহেতেন৷ য’লৈকে যাওঁ, তাতে এইটো আলোচনা হয়৷ আমি নিজৰ মাজতো আলোচনা কৰো৷

প্ৰধানমন্ত্ৰী-বৰ্ষা জী দুই গজ দুৰত্বই আমাক ৰক্ষা কৰিব৷ গাঁওবাসী সন্তুষ্ট বুলি জানি মোৰ ভাল লাগিছে৷ কাৰণ চৰকাৰ আৰু জনতাৰ মাজত যেতিয়া বিশ্বাস জন্মে, তেতিয়া সংকট যিমান ডাঙৰ হ’লেও পাৰ হৈ যাব পাৰি৷ এই যুদ্ধত জয়ৰ মুলতে বিশ্বাস৷ আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে বিশ্বাস৷ নিজৰ ওপৰত বিশ্বাস, ব্যৱস্থাৱলীৰ ওপৰত বিশ্বাস আৰু বিকল্প হৈছে আমি এই সংকট দুৰ কৰা৷

আহক পাঞ্জাৱলৈ যাও৷ পাঞ্জাৱৰ পাঠানকোটৰ হাড়া গাঁও পঞ্চায়তৰ সভাপতি ভগ্নী পল্লৱী ঠাকুৰ আমাৰ সৈতে যুক্ত হৈছে৷ পল্লৱী জী নমস্কাৰ৷

পল্লৱী-নমস্কাৰ ছাৰ৷ আপোনাক মোৰ লগতে মোৰ সমগ্ৰ পঞ্চায়তবাসীৰ হৈ আন্তৰিক অভিনন্দন জনাইছো৷  মই সীমান্তৰ অতি পিছপৰা হাড়া গাঁও পঞ্চায়তৰ পৰা কৈছো৷ বৰ্তমানৰ ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত আমাৰ গাঁওবাসীৰ লগতে যুৱক-যুৱতীসকলে সহযোগিতা আগবঢ়াইছে৷ আপোনাৰ নিৰ্দেশ মতে সকলোৱে ঘৰে ঘৰে আছে৷ গাঁৱৰ দুয়োটা প্ৰৱেশ দ্বাৰ বন্ধ কৰি যুৱকসকলৰ লগতে মই নিজে পহৰা দিয়াৰ ব্যৱস্থা কৰিছো, যাতে কোনো বাহিৰৰ ব্যক্তি ইয়ালৈ আহিব নোৱাৰে আৰু বিনা কাৰণত গাঁৱৰ কোনো লোক বাহিৰলৈ নাযায়৷ ঘৰে ঘৰেও দুৰে দুৰে থকা, ঘৰৰ বাহিৰ নোহোৱা, হাত-মুখ-চকু সময়ে সময়ে ধুই থকা ইত্যাদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিছো৷ পাঞ্জাৱ চৰকাৰে ২২ মাৰ্চতে লকডাউন ঘোষণা কৰিছিল বাবে আমি সষ্টম হৈছিলো৷

ছাৰ, এতিয়া আমাৰ পাঞ্জাৱত শস্য চপোৱাৰ বতৰ চলি আছে, সেয়েহে আমি আটাইতকৈ গুৰুত্ব এই দিশত দিছো৷ পাঞ্জাৱ চৰকাৰে জাৰি কৰা নিৰ্দেশনা যেনে পথাৰতো দুই মিটাৰ দুৰত্ব বজাই ৰখা হৈছে৷ ইফালে, শস্য চপোৱাৰ পাছত পাঁচখন গাওঁ মিলি এক মাণ্ডি গঢ় দিয়া হৈছে৷ কৃষকসকলে হোলো্গ্ৰাম থকা পৰ্চী দিয়া হয়৷ সেইখন থাকিলে হে মাণ্ডিলৈ যাব পাৰিব৷ ট্ৰেক্টৰত চালক আৰু এগৰাকী সহযোগিৰ সৈতে প্ৰায় ৫০ কুইণ্টলকৈ মাণ্ডিলৈ যোৱাৰ ব্যৱস্থা আছে৷ মাণ্ডিতো সামাজিক দুৰত্ব মানি চলাত ধ্যান দিয়া হৈছে৷

প্ৰধানমন্ত্ৰী-পল্লৱী জী, আপুনি ইমান সুন্দৰভাৱে ক’লে৷ এই সংকটৰ সময়ত আপুনি আপোনাৰ গাঁওখন ইমান সুন্দৰভাৱে চম্ভালি লোৱাৰ বাবে আৰু গাঁওবাসীয়ে আপোনাৰ কথা মানি চলাৰ বাবে অভিনন্দন জনাইছো৷ আপোনাৰ কথা সঁচা যে কৃষকসকল সুস্থ হৈ থকাটো বহুত জৰুৰী৷ কাৰণ তেওঁলোক আমাৰ অন্নদাতা আৰু নিস্বাৰ্থভাৱে তেওঁলোকে সমগ্ৰ দেশৰ পেট প্ৰৱৰ্তায়৷ কৃষক আৰু পশুপালকসকল পৰম মিত্ৰ, যিসকলে সমগ্ৰ লকডাউনৰ সময়ত দেশত খাদ্য, গাখীৰ, ফল আদি অভাৱ হ’বলৈ দিয়া নাই৷ মই তেওঁলোকৰ উদ্যমৰ ভূয়সী প্ৰশংসা কৰিছো৷ আপোনাক প্ৰশংসা কৰাৰ লগতে আৰু এটা প্ৰাৰ্থনা জনাও যে পাঠানকোট, গুৰদাসপুৰত যিসকল লোক ড্ৰাগছৰ প্ৰতি আসক্ত তেওঁলোকৰ জীৱন ৰক্ষা কৰিব লাগিব৷ কৃষকসকলক মা-ধৰিত্ৰীক ৰক্ষা কৰাৰ বাবে তথা আমাৰ কৃষকসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে ইউৰিয়া কমকৈ ব্যৱহাৰ কৰাৰ বাবে বুজাব লাগিব, যাতে  আমাৰ উঠি অহা প্ৰজন্ম দুৰ্বল নহয়৷ ইউৰিয়াৰ বাবে ডাঙৰ সমস্যাই দেখা দিছে৷ ইউৰিয়াৰ বাবে আমাৰ ভূমি, আমাৰ জলজ উদ্ভিদত বিপৰীত প্ৰভাৱ পৰিছে৷

সেইবাবে পল্লৱী জী আপোনাৰ দৰে গাঁওপ্ৰধানসকলে বুজাওক যে ভাইসকল আগতে গাঁৱলৈ ১০ বস্তা ইউৰিয়া আহিছিল যদিও এতিয়া ৫ বস্তা আহিব৷ অৰ্থা আধা আহিব৷ আপুনি দেখি পইচাও ৰাহি হ’ব আৰু আমাৰ মা ধৰিত্ৰীও ৰক্ষা পৰিব৷ মই আশা কৰিম আপোনাৰ দৰে গাঁও প্ৰধানে এই কাম কৰিব দেখুৱাব৷ মই পুনৰ আপোনাক বহুত বহুত শুভকামনা জনাইছো৷

আহক আমি মহাৰাষ্ট্ৰলৈ যাও৷ মেদন কৰৱাড়ী গাঁও পঞ্চায়তৰ মুৰব্বী ভগ্নী প্ৰিয়ংকা আমাৰ সৈতে আছে৷ প্ৰিয়ংকা জী নমস্কাৰ৷

প্ৰিয়ংকা- নমস্কাৰ ছাৰ৷

প্ৰধানমন্ত্ৰী-কওক প্ৰিয়ংকা জী৷

প্ৰিয়ংকা-আমি ক’ৰোনা ভাইৰাছৰ বাবে যেতিয়াৰে পৰা লকডাউন ঘোষণা কৰিলে, তাৰ পাছত ২৬ মাৰ্চত ছডিয়াম হাইপ’ক্লৰাইৰ দ্বাৰা সমগ্ৰ দেশত ছেনিটাইজ কৰিলো৷ তাৰপাছত বেছি জনসমাগত হোৱা দুঠাইত আমি ছেনিটাইজাৰ সুৰংগ স্থাপন কৰিলো৷ ঘৰে ঘৰে ছেনিটাইজাৰ আৰু চাবোন বিতৰণ কৰিলো৷ গাঁৱৰ যিসকল মহিলাই স্কিল ইণ্ডিয়াৰ অধীনত চিলাই প্ৰশিক্ষণ লৈছিল, তেওঁলোকক মাস্ক প্ৰস্তুত কৰাৰ দায়িত্ব দিলো৷ একাংশ আত্মসহায়ক গোটকো মাস্কৰ দায়িত্ব দিলো আৰু তেওঁলোকে ৫ হাজাৰ মাস্ক প্ৰস্তুত কৰি দিলে৷ সেইবোৰ সমগ্ৰ গাঁৱত বিতৰণ কৰি আছো৷ আমাৰ এলেকাটো অৰ্ধ নগৰীত পৰে আৰু ইয়াৰ কাষতে কেইবাটাও উদ্যোগ আছে, য’ত আমাৰ গাঁৱৰ বহুতে কাম কৰে৷ তেওঁলোকক গাঁৱত প্ৰৱেশ কৰাৰ সময় নিৰ্ধাৰণ কৰি দিছো আৰু তাৰ পাছত ষ্ট্ৰীট লাইট বন্ধ কৰি দিও৷ সামাজিক দুৰত্ব ৰক্ষাৰে সুফল লাভ কৰিছো৷ দোকানবোৰৰ সন্মুখত বৃত্ত অংকন কৰি সামাজিক দুৰত্ব বজাই ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি, দোকানবোৰৰ ক্ষেত্ৰতো তিনিদিন খাদ্য সামগ্ৰী আৰু তিনি দিন শাক-পাচলিৰ দোকান খোলাৰ ব্যৱস্থা কৰিলো৷ যাৰ ফলত জনসমাগম হ্ৰাস পোৱাত যথেষ্ট সহায় কৰিছে৷

তদুপৰি, যিবোৰ হাউছিং ছ’চাইটি আছিল আৰু যিসকল কৃষক আছিল, তেওঁলোকৰ সৈতে সমন্বয় সাধন কৰি এক পিএমচিৰ জৰিয়তে আমি স্বেচ্ছাসেৱক নিয়োগ কৰি সেইবোৰত বিক্ৰী কৰাৰ কাম কৰিছো৷ ইয়াৰ জৰিয়তে কৃষকসকল উপকৃত হৈছে৷ ইফালে, আমাৰ গাঁৱৰ মহিলাসকলৰ সুৰক্ষাৰ বাবে মহিলাসকলৰ স্বাস্থ্যৰ বাবে আমাৰ গাঁৱত ৭ হাজাৰ ছেনিটেৰী নেপকিন আশা কৰ্মীৰ জৰিয়তে বিতৰণ কৰা হৈছে৷ কোনো সন্দেহজনক ব্যক্তি দেখিলে তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰাৰো সুবিধা কৰিলো৷

দ্বিতীয়বাৰ পুনৰ গাঁওখন ছেনিটাইজ কৰিলো৷ যেতিয়া আকৌ লকডাউন বৃদ্ধি পালে, পুনৰ ছেনিটাইজ কৰিলো৷ এই পদক্ষেপসমূহৰ দ্বাৰা আমি যথেষ্ট পৰিমাণে উপকৃত হৈছো৷

প্ৰধানমন্ত্ৰী-প্ৰিয়ংকা জী, এতিয়া ছাগৈ গাঁওবাসী ভাগৰুৱা হৈছে নহয়নে? লোকসকলৰ খং উঠিছে, মোদীজীয়ে কি কৰিছে ইমান দিন বন্ধ কৰি ৰাখিছে৷

প্ৰিয়ংকা-তেওঁলোক ঘৰত থকা অভ্যাস নাই বাবে ভাগৰুৱা হৈছে, কিন্তু তেওঁলোকে জানে যে আমাৰ প্ৰধানমন্ত্ৰী জীয়ে যি কৰিছে, তেওঁ আমাৰ স্বাস্থ্যৰ বাবে কৰিছে, আমাৰ দেশৰ বাবে কৰিছে৷

প্ৰধানমন্ত্ৰী-আপোনাৰ গাঁৱৰ জনসংখ্যা কিমান প্ৰিয়ংকা জী?

প্ৰিয়ংকা-৫০,০০০৷

প্ৰধানমন্ত্ৰী-মই বুজিছো যে কৃষিজাত সামগ্ৰী উপাদনৰ জৰিয়তে ভাৰত চৰকাৰৰ যথেষ্ট সহায় হৈছে৷ ইয়াৰ দ্বাৰা যিমান শক্তি লাভ কৰিব তাৰ জৰিয়তে আপোনাৰ গাঁৱৰ কৃষকসকলকো শক্তি যোগাব৷

সেইদৰে ই-নাম৷ ই-নামে টেকন’লজিৰ জৰিয়তে দেশৰ প্ৰতিটো কোণত থকা প্ৰতিগৰাকী কৃষকক এখন ভাল বজাৰ দিছে৷ কৃষকেও ইয়াৰ ওপৰত ভৰসা কৰিবলৈ লৈছে৷ আপোনাৰ দৰে শিক্ষিত গাঁও প্ৰধানৰ জৰিয়তে আপুনি আপোনাৰ গাঁৱলৈ এই আধুনিক ব্যৱস্থা আনিব পাৰে৷

সেইদৰে চৰকাৰী ই-মাৰ্কেট জিইএম পৰ্টেলৰ জৰিয়তে আপোনাৰ গাঁৱৰ মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰী পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰে৷ ইয়াৰ বাবে কোনো নিবিদাৰ প্ৰয়োজন নাই৷ সেই মহিলাসকলক বজাৰ দিয়াত আপুনি পদক্ষেপ ল’ব বুলি আশা কৰিলো৷

প্ৰিয়ংকা-ছাৰ আমাৰ পঞ্চায়তৰ অপাৰেটৰৰ জৰিয়তে কৃষকসকলৰ বাবে আমি ই-নামত কামত কৰি আছো৷

প্ৰধানমন্ত্ৰী-ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ৷

প্ৰিয়ংকা-ছাৰ আপোনাৰ বাবে এটা কথা ক’ব বিচাৰো৷

প্ৰধানমন্ত্ৰী-হয় কওক৷

প্ৰিয়ংকা-যিদৰে আপুনি সমগ্ৰ দেশৰ, বিশ্বক পথ দেখুৱাইছে, ক’ৰোনা সংকটৰ কিদৰে মোকাবিলা কৰিব পাৰি, সেই বিষয়ে আপোনাৰ বাবে ক’ব বিচাৰো৷

প্ৰধানমন্ত্ৰী-নিশ্চয়, কওক৷

প্ৰিয়ংকা-

চিচ জাৰি হ্যে ঔৰ হিম্মত বৰকৰাৰ হ্যে

শিৰ হ্যে ইছ দুনীয়া পৰ ছানে কা ফিটুৰ৷

মুঝে কিচি পৰ ভৰোসা নহী, মুঝে মেহনত পৰ ভৰোসা হ্যে,

এক ন এক দিন হালাত বদলেংগে জৰুৰ৷

প্ৰধানমন্ত্ৰী-বাঃ ঠিক আছে, আপোনাৰ শব্দতো বিশ্বাস আছে, ই দেশৰ চিন্তাধাৰাৰ প্ৰতিফলন, মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা কৰিছে৷

আহক আমি পূবৰ দিশলৈ যাও৷ অসমৰ কাছাৰ জিলাৰ চোটা দুধপাটিল গাঁও পঞ্চায়তৰ মুৰব্বী ৰনজিত সৰকাৰ আমাৰ সৈতে যুক্ত হৈছে৷ ৰনজিত জী নমস্কাৰ৷

ৰনজিত- নমস্কাৰ ছাৰ৷ সৰ্বপ্ৰথমে লকডাউন ঘোষণা কৰি আপুনি সকলোৰে লগতে অসমক ৰক্ষা কৰিলে৷

প্ৰধানমন্ত্ৰী-ৰনজিত জী অসমৰ লোকসকল মোক লৈ অসন্তুষ্ট হৈ আছে ছাগৈ৷ কাৰণ মই তেওঁলোকৰ ডাঙৰ উসৱ বিহুতে লকডাউন দি দিলো৷ ক’ৰোনাৰ বাবে এইবাৰ বিহু অনুষ্টপীয়াকৈ পালন কৰিবলগীয়া হৈছে৷ ক’ৰোনাৰ বিৰুদ্ধে দেশৰ এই যুঁজত অসমৰ লোকসকলে যি সংযম ৰক্ষা কৰিলে সেয়া প্ৰশংসনীয়৷

অসমত দেখি আছো যে আমাৰ গাঁৱৰ ভনীসকলে গামোচাৰ পৰা মাস্ক প্ৰস্তুত কৰাৰ কাম লাগি গৈছে৷ যাৰদ্বাৰা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষা প্ৰদান কৰিছে৷ তেওঁলোকক সহায় কৰাৰ বাবে আপোনাৰ পঞ্চায়তে কিদৰে কাম কৰিছে?

ৰনজিত সৰকাৰ-লকডাউন দি আপুনি বহুত ভাল কাম কৰিলে ছাৰ৷ দেশৰ ৰক্ষাৰ বাবে কাম কৰিছে৷ আমাৰ পঞ্চায়তৰ পৰা নিজৰ গাঁৱক সুৰক্ষিত ৰখাৰ প্ৰয়াস অব্যাহত আছে৷ বাহিৰৰ পৰা অহাসকলৰ ওপৰত নিৰীক্ষণ কৰা হৈছে৷ ইয়াত আশা কৰ্মী আৰু অন্যান্য চিকিসা বিভাগৰ সৈতে জড়িত লোক পৰ্যালোচনা কৰিবলৈ আহে৷  তেওঁলোকক ঘৰে ঘৰে নিয়া আৰু জৰুৰী বিষয় জনোৱাৰ ক্ষেত্ৰত আমি  সম্পূৰ্ণ সহযোগ কৰিছো৷  চিকিসক আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে আপুনি নতুন আইন প্ৰণয়ন কৰাৰ বাবে আপোনাক কৃতজ্ঞতা জনাইছো৷ পঞ্চায়তফালৰ পৰা বৰ্তমান কৰ্মহীন লোকসকলক সহায় কৰা হৈছে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা সাহায্য তাক্ষণিকভাৱে হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে৷

প্ৰধানমন্ত্ৰী-ৰনজিত জী, আপুনি সুন্দৰভাৱে বৰ্ণনা কৰিছে৷ মই আপোনাৰ লগতে সকলো অসমবাসীক শুভেচ্ছা জনাইছো৷ বহুত বহুত ধন্যবাদ৷

আপোনাৰ লগতে আপোনাৰ টীমে বহুত ভাল কাম কৰিছে৷ স্বাস্থ্যকৰ্মীৰ বাবে সুৰক্ষা আইনৰ কথা আহিছে যদিও মই আশা কৰো সেইখনৰ যাতে প্ৰয়োজনেই নহওক৷

আমি আমাৰ ক’ৰোনা যোদ্ধাসকলক কাম কৰিবলৈ দিব লাগিব, তেওঁলোকক সন্মান কৰিব লাগিব, কাৰণ তেওঁলোক নিজৰ বাবে নহয় আমাৰ বাবে কাম কৰি আছে৷

বন্ধুসকল, আপোনালোকৰ সৈতে এই যি সাৰ্থক বাৰ্তালাপৰ জৰিয়তে কেৱল মোকে নহয়, দেশৰ যিসকল নাগৰিকে আজি শুনি আছে, তেওঁলোকেও সন্তুষ্টি লাভ কৰিছে৷ তেওঁলোকৰ মনত এক নতুন বিশ্বাস জন্ম হৈছে যে দূৰ-দুৰণিৰ গাঁওসমূহে কিদৰে দেশক চম্ভালি লৈছে৷ দেশৰ উজ্বল ভৱিষ্যতৰ বাবে কিদৰে সুন্দৰ কাম কৰি আছে৷ সময় হোৱা হ’লে আৰু অধিক লোকৰ সৈতে বাৰ্তালাপ কৰি নতুন নতুন বিষয় জানি আনন্দিক হ’ব পাৰিলোহেতেন৷ লাখ লাখ পঞ্চায়তকৰ্মী ইয়াৰ সৈতে প্ৰযুক্তিৰ জৰিয়তে সংযোগ স্থাপন হৈছে৷ আপোনালোকৰ সৈতে কথা বতৰা হ’বলৈ পোৱা নাই যদিও যিসকলৰ সৈতে হৈছে তাৰ জৰিয়তে আপোনালোকৰ ভাৱনা প্ৰকট হৈছে৷ আপোনালোকৰ প্ৰচেষ্টাৱলীৰ সম্পৰ্কে জানি মোৰ যথেষ্ট ভাল লাগিছে৷ দেশৰ এই জটিল পৰিস্থিতিত আপোনালোক সকলোৱে নিজৰ গাঁও তথা এলেকা সুৰক্ষিত কৰি ৰখাত নেতৃত্ব দিছে৷ মহাত্মা গান্ধীয়ে সেয়ে বাৰে বাৰে কৈছিল-“মোৰ স্বৰাজৰ কল্পনাৰ আধাৰ হৈছে গ্ৰাম স্বৰাজ

সেইবাবে গাঁও পঞ্চায়তসমূহ আমাৰ গণতন্ত্ৰৰ এক শক্তিকেন্দ্ৰ৷ শাস্ত্ৰটো কৈছে-''संघमूलम् महाबलम्৷ অৰ্থা আটাইতকৈ ডাঙৰ শক্তি কেন্দ্ৰ হৈছে সংগঠন বা একতা৷ আজিৰ এই পৰিস্থিতিত দেশক আগুৱাই নিয়া, দেশক আত্মনিৰ্ভৰশীল কৰাৰ আৰম্ভণি গাঁৱৰ সামূহিক শক্তি তথা আপোনালোকৰ একতাৰ জৰিয়তেহে সম্ভৱ৷

এই প্ৰয়াসৰ মাজতো আমি মনত ৰাখিব লাগিব যে গাঁওসমূহ অলপো নিয়মত শিথিলতা আনিব নালাগিব৷ অন্যথা ডাঙৰ বিপদ হ’ব পাৰে৷ সেইবাবে অলপো শিথিল কৰাৰ প্ৰশ্নই নল’ব৷ গাঁৱত ছেনিটাইজেশ্যন হওক, চহৰৰ পৰা আহিবলগীয়া লোকসকলক কোৱাৰেণ্টাইনত ৰখাই হওক, প্ৰতিগৰাকী ব্যক্তিৰ খাদ্য-সামগ্ৰী তথা অত্যাৱশ্যকীয় সামগ্ৰীয়েই হওক অথবা সাধাৰণ জনতাক সজাগ কৰা কামেই হওক এই কম ধাৰাবাহিকভাৱে কৰিব লাগিব৷

ইকবাল জীয়ে কোৱাৰ দৰে সন্মানো কৰিব, সন্দেহো কৰিব৷ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি, দিব্যাংগ তথা ৰোগীয়া ব্যক্তি সৰ্বপ্ৰথমে আপোনাৰ কাষলৈ আহিব আৰু আপোনালোকেই ইয়াৰ সমাধান দিব লাগিব৷

আমি শাৰীৰিক দুৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা ইত্যাদি কাম কৰিবলৈ পাহৰিব নালাগিব৷ এইটো নহয় যে দামী মাস্ক পিন্ধিব লাগিব, গামোচাৰে কাম চলি যায়, কিন্তু ধাৰাবাহিকতা থাকিব লাগিব৷ বাৰে বাৰে চাবোনেৰে হাত ধোৱাটো ইয়াৰ পৰা ৰক্ষা পোৱাৰ এক ডাঙৰ উপায় তথা চিকিসা৷

গৰম আৰু বাৰিষা কালত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে বাবে আমি স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব৷ বাৰিষাৰ আৰম্ভণিতে ক’ৰোনাই অধিক চিন্তা জগাই তুলিছে৷ সেইবাবে আমি আৰু অধিক সতৰ্ক হৈ গাঁওসমূহ ৰক্ষা কৰিব লাগিব৷

বন্ধুসকল, পূৰ্বৰ অভিজ্ঞতাৰ পৰা দেখা গৈছে যে ৰোগৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰে ইয়াৰ নিয়ন্ত্ৰণত যথেষ্ট সময় লাগে৷ এইবাৰ আমি এনে হ’বলৈ দিব নালাগিব৷ আমি সকলো ভ্ৰান্তি দূৰ কৰিব লাগিব৷

প্ৰতিটো পৰিয়ালক সজাগ কৰি তুলিব লাগিব৷  ইয়াৰ বাবে আশা কৰ্মী, এএনএম, অংগনৱাড়ী কৰ্মীৰ লগতে আত্মসহায়ক গোট, যুৱক-যুৱকী, প্ৰাক্তন সৈনিক, ধৰ্মীয়, সামাজিক, সাংস্কৃতিক সংগঠনৰ কৰ্মীক লৈ সৰু সৰু গোট গঠন কৰিব লাগিব৷ সকলোৰে সহায় লাগিব৷

চিয়েল মিডিয়াত দেখি আছো একাংশ লোকে খোৱা-বোৱাক লৈ বিভিন্ন ধৰণৰ কথা কৈ আছে৷ আমি যি খাও সেইবোৰ ভালকৈ ধুই আৰু বহু সময় ৰান্ধি খাব লাগে, সেই বিষয়ে গাঁওবাসীকো জনাব লাগে৷ গাঁৱত বহু ভাল পৰম্পৰা থাকে, যিবোৰ আমি উসাহিত কৰা দৰকাৰ৷

যেনে আমাৰ ইয়াত আয়ুৰ্বেদিক কাঢ়া প্ৰস্তুত কৰি খোৱা, বিভিন্ন প্ৰকাৰৰ মচলাযুক্ত আহাৰ খোৱাৰ অভ্যাস আছে৷ ইয়াৰ সমান্তৰালভাৱে আমি নিয়মীয়াকৈ যোগ-প্ৰাণায়াম কৰি থাকিলে নিশ্চিতভাৱে আমাৰ লাভ হ’ব৷ এয়া কোনো ৰোগৰ চিকিসা নহয়, কিন্তু আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ আয়ুষ মন্ত্ৰালয়ে ইয়াৰ সৈতে জড়িত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে৷ মই আশা কৰো গাঁওপ্ৰধানসকলে আয়ুষ মন্ত্ৰালয়ৰ ৱেবছাইটত গৈ সেইবোৰ জানি লৈ নিজৰ নিজৰ গাঁৱত ব্যৱহাৰ কৰিব৷

লগতে আপোনালোকে আৰোগ্য সেতু ম’বাইল এপ ডাউনলোড কৰিবলৈ গাঁওবাসীক উদ্বুদ্ধ কৰক৷ এই এপে আমাৰ ৰক্ষক হিচাপে কাম কৰিব৷ ইতিমধ্যে এই এপে যথেষ্ট সহায় কৰিছে৷ ইয়াৰ দ্বাৰা আপোনালোকৰ গাঁৱৰ কোনো লোক ক’ৰোনা প্ৰভাৱিত এলেকাৰ পৰা আহিছে নেকি জানিব পাৰিব৷ মই দেশৰ সকলো পঞ্চায়ত প্ৰতিনিধিক নিবেদন জনাইছো যে আপোনালোক সকলোৱে নিজৰ গাঁৱৰ সকলোৰে ম’বাইল এই এপ ডাউনলোড কৰাটো সুনিশ্চিত কৰিব৷

বন্ধুসকল, দেশৰ গ্ৰাণীণ অঞ্চলত থকা ভাই-ভনীসকলৰ স্বাস্থ্যৰ প্ৰতি আমি অগ্ৰাধিকাৰ দিছো৷ আপোনালোকৰ সকলো আৱশ্যকতাক গুৰুত্ব দি চৰকাৰে কাম কৰি আছে৷

আগতে টিকাকৰণক লৈ যথেষ্ট সমস্যা আছিল৷ আমাৰ চৰকাৰে টিকাকৰণৰ সংখ্যা বৃদ্ধি কৰি দেশৰ অতি দুৰ্গম অঞ্চলতো ইয়াৰ সুবিধা আগবঢ়াই আহিছে৷ আগতে নৱজাত শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা এক ডাঙৰ সমস্যা আছিল৷ আমি পিএম মাতৃ বন্দনা যোজনাৰ জৰিয়তে মহিলাসকলক বেংক একাউণ্টত ধন হস্তান্ত কৰাৰ কাম কৰিছ, যাতে অপুষ্টিৰ বিৰুদ্ধে যুঁজাত তেওঁলোকৰ সহায় হয়৷

আগতে শৌচালয়ৰ কি স্থিতি আছিল, সেয়া আপোনালোকে জানে৷ শৌচালয় নাথাকিলে কিমান ৰোগ বিয়পে আপোনালোকে জানে৷ আমি গাঁৱৰ দুখীয়া লোকসকলক উত্তম স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰচেষ্টা হাতত ল’লো৷ আয়ুষ্মান ভাৰত যোজনাই গাঁৱৰ দৰিদ্ৰ লোকসকলৰ বাবে এক ডাঙৰ সহায় হিচাপে ধৰা দিছে৷ ইয়াৰ অধীনত এতিয়ালৈকে প্ৰায় এক কোটি দুখীয়া ৰোগীয়ে হাস্পতালত বিনামুলীয়া চিকিসা সেৱা লাভ কৰিছে৷

এই যোজনাই হাস্পতাল নথকা গ্ৰামাঞ্চলত হাস্পতালত নিৰ্মাণত সহায় কৰিছে৷ চৰকাৰৰ দ্বাৰা দেশজুৰি গাঁৱে-গাঁৱে স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে৷ এই কেন্দ্ৰসমূহত বিভিন্ন গম্ভীৰ ৰোগৰ পৰীক্ষা কৰাৰ সুবিধা কৰা হৈছে৷

আগৰে গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ জৰিয়তে আমাৰ গাঁওসমূহে ক’ৰোনাৰ বিৰুদ্ধে যুঁজাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে সাজু কৰি তোলা হৈছে৷ মোৰ বিশ্বাস আপোনালোকৰ প্ৰত্যেকে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ঐক্যবদ্ধভাৱে সংকল্পশক্তিৰে ক’ৰোনাক পৰাস্ত কৰিব৷

এই বিশ্বাসেৰে আপোনালোক সকলোকে পুনৰবাৰ পঞ্চায়তী ৰাজ দিৱসৰ শুভকামনা জনাইছো৷ আপোনাৰ লগতে আপোনাৰ পৰিয়াল তথা গাঁওবাসীৰ সু-স্বাস্থ্য কামনা কৰিলো৷ পুনৰ বাৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷

নমস্কাৰ!!!

***

VRRK/ VJ/DB



(Release ID: 1621889) Visitor Counter : 545