গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত বিতৰণ কৰা খাদ্য সামগ্ৰীৰ সন্দৰ্ভত ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য সচিবসকলৰ সৈতে পৰ্যালোচনা বৈঠক খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিবৰ

পিএমজিকেএৱাইৰ অধীনত ক’ভিড-১৯ সংকটকালত ভাৰতৰ ৮০ কোটি অৰ্থাৎ দুই-তৃতীয়াংশ লোকক প্ৰায় ১২০ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৬৯ লাখ মেট্ৰিকটনতকৈ অধিক খাদ্য সামগ্ৰী সংগ্ৰহ কৰিছে; ৫ কেন্দ্ৰীয় শাসিত অঞ্চলে তিনি মাহৰ কোটা, ১৮খন ৰাজ্য আৰু ২ কেন্দ্ৰীয় শাসিত অঞ্চলে ২ মাহৰ কোটা আৰু ১৪ ৰাজ্যই এমাহৰ কোটা সংগ্ৰহ কৰিছে

এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৪৬,০০০ কোটি টকা ব্যয় বহন কৰিব

Posted On: 06 MAY 2020 7:01PM by PIB Guwahati

 

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সুধাংশু পাণ্ডেই আজি এক ভিডিঅ’ কনফাৰেন্সিংযোগে ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য সচিব তথা অন্যান্য বিষয়াবৰ্গৰে এক পৰ্যালোচনা বৈঠক আয়োজন কৰে৷ বৈঠকত পাণ্ডেই ক’ভিড-১৯ সংকটকালত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ এপ্ৰিল আৰু মে’ মাহৰ খাদ্য সামগ্ৰী সংগ্ৰহ আৰু বিতৰণৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু টিপিডিএছৰ অধীনত খাদ্য সামগ্ৰী বিতৰণ তথা পৰ্যাপ্ততাৰ সন্দৰ্ভত আলোচনা কৰে৷ বৈঠকত এক দেশ এক ৰেচন কাৰ্ডৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰাৰ লগতে এই ব্যৱস্থা কাৰ্যকৰী নকৰা বাকীবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সজাগতামুলক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কয়৷

বৈঠকত বিহাৰ, দাদৰা নগৰ হাভেলী আৰু দমন আৰু দিউ, দিল্লী, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্ৰদেশ, মেঘালয়, ওড়িশা, পাঞ্জাৱ, ছিকিম, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰপ্ৰদেশ, চত্তীশগড, গোৱা, হাৰিয়ানা, কেৰালা, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰাখণ্ড আৰু উত্তৰপ্ৰদেশে অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা(পিএমজিকেএৱাই)

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল দেশৰ ক্ষতিগ্ৰস্ত লোকসকলক বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে ঘোষণা কৰা প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা(পিএমজিকেএৱাই)৷ ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে-

  • এই তিনি মাহত কোনো দৰিদ্ৰ পৰিয়ালে যাতে ভোকাতুৰে থাকিবলগীয়া নহয়, তাৰ বাবে ভাৰত চৰকাৰে খাদ্য সামগ্ৰী যোগান ধৰিব৷
  • ৮০ কোটি লোক অৰ্থা ভাৰতৰ মুঠ জনসংখ্যাৰ দুই-তৃতীয়াংশ লোকক এই আঁচনিৰে সামৰি লোৱা হ’ব৷

এই আঁচনিৰ অধীনত মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেশৰ পিছপৰা শ্ৰেণীৰ লোকসকলক প্ৰায় ১২০ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো পৰিয়ালক অহা এপ্ৰিল, মে’ আৰু জুন মাহৰ বাবে সাধাৰণতে লাভ কৰা ৩৫ কেজি চাউলৰ উপৰি প্ৰতিটো কাৰ্ডৰ বিপৰীতে ৫ কেজিকৈ অধিক চাউল দিয়াটো সুনিশ্চিত কৰিছে৷ ইয়াৰ প্ৰতি ৰাজ্য চৰকাৰসমূহ ব্যাপক সঁহাৰি জনোৱাৰ লগতে ৬ মে’, ২০২০লৈকে ৬৯.২৮ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী সংগ্ৰহ কৰিছে৷

উল্লেখ্য যে চৰকাৰে এই আঁচনি খাদ্য সামগ্ৰীৰ সংগ্ৰহ, মজুত আৰু পৰিবহণৰ লগতে হিতাধিকাৰীক দিয়াৰ বাবে সুলভ মুল্যৰ দোকানত গৈ পোৱালৈকে হোৱা সকলো ব্যয়ৰ ৪৬,০০০ কোটি টকা বহন কৰিব৷ উল্লেখ্য যে এই ব্যয়ৰ ভিতৰত কৃষকক প্ৰদান কৰা ধন, সুলভ মুল্যৰ দোকানীক প্ৰতি কেজি চাউলৰ বাবগদ ৩৯ টকা আৰু প্ৰতি কেজি আটাৰ বাবদ ২৮ টকাকৈ প্ৰদান কৰা ধনো অন্তৰ্ভূক্ত আছে৷ ইয়াত ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ ব্যয় নহয়৷ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত বৰ্তমানলৈকে ৫ কেন্দ্ৰীয় শাসিত অঞ্চলে তিনি মাহৰ কোটা, ১৮খন ৰাজ্য আৰু ২ কেন্দ্ৰীয় শাসিত অঞ্চলে ২ মাহৰ কোটা আৰু ১৪ ৰাজ্যই এমাহৰ কোটাৰ খাদ্য সামগ্ৰী সংগ্ৰহ কৰিছে৷ ভাৰতৰ খাদ্য নিগমে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক সহযোগিতা আগবঢ়াইছে৷

এই লিংকত খাদ্য সামগ্ৰী বিতৰণ আৰু সংগ্ৰহৰ সবিশেষ চাব পাৰিব-Please click the link for more details

****

APS/PK/MS/DB



(Release ID: 1621856) Visitor Counter : 211