ৰেল মন্ত্ৰালয়

পাৰ্চেল ৰে’লে ৰাজহ আনিছে ৰে’লৱেলৈ; লকডাউন আৰম্ভ হোৱাৰে পৰা ৫৪,২৯২ টন সামগ্ৰী বোজাই কৰাৰ লগতে অৰ্জন কৰা হৈছে ১৯.৭৭ কোটি টকাৰ ৰাজহ

পাৰ্চেল ৰে’লৰ সংখ্যাই ২০০০ৰ সীমা অতিক্ৰম কৰিছে; ০৫.০৫.২০২০লৈকে চলাচল কৰা মুঠ ২,০৬৭খন ৰে’লৰ ভিতৰত ১,৯৮৮খন সূচীভুক্ত ৰে’ল

ই-বাণিজ্য আৰু ল’জিষ্টিক কোম্পানীসমূহ ৰে’লৱেৰ কাষ চপাই অনাৰ লক্ষ্যৰে ৰে’ল মন্ত্ৰালয় আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে শেহতীয়াভাৱে এক বৈঠকত মিলিত হয়

লকডাউনৰ সময়ত যোগান শৃংখলা বৰ্তাই ৰখাৰ বাবে ভাৰতীয় ৰে’লৱেই অত্যাৱশ্যকীয় সামগ্ৰী তাৎক্ষণিকভাৱে পৰিবহণৰ বাবে পাৰ্চেল ভানৰো ব্যৱস্থা কৰিছে

Posted On: 06 MAY 2020 5:16PM by PIB Guwahati

ক’ভিড-১৯ৰ সময়ছোৱাত চিকিসা সামগ্ৰী, খাদ্যৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী আৰু অন্যান্য সৰু পাৰ্চেলৰ যোগান ধৰাটো অতি গুৰুত্বপূৰ্ণ৷ এই প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ভাৰতীয় ৰে’লৱেই অত্যাৱশ্যকীয় সামগ্ৰী তাক্ষণিকভাৱে ৰাজ্য চৰকাৰকে ধৰি অন্যান্য সাধাৰণ গ্ৰাহকক পৰিবহণৰ বাবে পাৰ্চেল ভানৰো ব্যৱস্থা কৰিছে৷ ৰে’লৱেই অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান শৃংখলাত যাতে কোনো বাধা আহি নপৰে, তাৰ বাবে নিৰ্দিষ্ট পথত সূচীভুক্ত পাৰ্চেল ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে৷

মাণ্ডলিক ৰে’লৱেই এই পাৰ্চেল ৰে’লসমূহৰ বাবে পথৰ সন্দৰ্ভত নিয়মীয়াকৈ চিনাক্তকৰণৰ তথা জাননী আকাৰে অৱগত কৰি আহিছে৷ বৰ্তমান মুঠ ৮২টা পথত এই ৰে’লসমূহ চলাচল কৰি আছে৷ সেইবোৰ হৈছে-

১৷ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালুৰু আৰু হায়দৰাবাদৰ দৰে দেশৰ মুখ্য মহানগৰসমূহৰ মাজত নিয়মীয়াকৈ সংযোগ কৰা হৈছে৷

২৷ ৰাজ্যৰ সকলো প্ৰান্তৰ সৈতে ৰাজধানী আৰু গুৰুত্বপূৰ্ণ চহৰসমূহক সংযোগ কৰা হৈছে৷

৩৷ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে যোগাযোগ সুনিশ্চিত কৰা হৈছে৷

৪৷ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ ৰাহি অঞ্চল(গুজৰাট, অন্ধ্ৰপ্ৰদেশ)ৰ পৰা উচ্চ চাহিদা থকা অঞ্চললৈ যোগান ধৰা হৈছে৷

৫৷ অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী দেশৰ উপাদিত স্থানৰ পৰা আন ঠাইসমূহলৈ যোগান ধৰা হৈছে৷

ৰে’লৱেৰ পাৰ্চেল ৰে’লৰ চলাচল বৃদ্ধি, অনুকূল আৰু লাভজনক কৰাৰ প্ৰয়াসৰ জৰিয়তে দেশত সামগ্ৰী পৰিবহণৰ বৃদ্ধি কৰাটোত গুৰুত্ব দিয়া হৈছে৷

ই-বাণিজ্য আৰু ল’জিষ্টিক কোম্পানীসমূহক ৰে’লৱেৰ কাষ চপাই অনাৰ লক্ষ্যৰে ৰে’ল মন্ত্ৰালয় আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে শেহতীয়াভাৱে এক বৈঠকত মিলিত হয়৷

০৫.০৫.২০২০ত ৬৬খন বিশেষ পাৰ্চেল ৰে’ল চলোৱা হৈছে আৰু ইয়াৰ ৬৫খন সূচীভুক্ত ৰে’ল৷ ইয়াৰ জৰিয়তে ১,৯৩৬ টন সামগ্ৰী বোজাই কৰা হৈছে, যাৰ দ্বাৰা ৰে’লৱেই ৫৭.১৪ লাখ টকা উপাৰ্জন কৰিছে৷

০৫.০৫.২০২০লৈকে চলাচল কৰা মুঠ ২,০৬৭খন ৰে’লৰ ভিতৰত ১,৯৮৮খন সূচীভুক্ত ৰে’ল৷ লকডাউন আৰম্ভ হোৱাৰে পৰা ৫৪,২৯২ টন সামগ্ৰী বোজাই কৰা হোৱাৰ লগতে ১৯.৭৭ কোটি টকাৰ ৰাজহ আহৰণ কৰা হৈছে৷

****

DJN/MKV/DB



(Release ID: 1621849) Visitor Counter : 159