শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজ সন্দৰ্ভত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ প্ৰতিনিধিবৰ্গৰে শ্ৰম মন্ত্ৰীৰ বাৰ্তালাপ

Posted On: 06 MAY 2020 6:24PM by PIB Guwahati

ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ ভয়াবহতা আৰু ইয়াৰ প্ৰকোপৰ পৰা দেশৰ নাগৰিকসকলক, বিশেষকৈ শ্ৰমিক সমাজক সুৰক্ষা প্ৰদান কৰাৰ লগতে অৰ্থনীতিক ৰক্ষাৰ বাবে সমন্বিত প্ৰয়াসলৈ সহযোগিতা আগবঢ়োৱা সন্দৰ্ভত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এক ৱেবিনাৰত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় শ্ৰম বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সন্তোষ কুমাৰ গংগোৱাৰে। নতুন দিল্লীত অনুষ্ঠিত এই আলোচনাত কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিত শ্ৰমিকসকলে, বিশেষকৈ ভ্ৰাম্যমান শ্ৰমিকসকলে সন্মুখীন হোৱা দুৰ্যোগ সন্দৰ্ভত বিস্তৃত আলোচনা কৰাৰ লগতে নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰা, অৰ্থনৈতিক কাম-কাজ পুনৰ আৰম্ভ কৰা, শ্ৰম আইনৰ আধাৰত ন্যায্য ভাবে প্ৰদান কৰিবলগীয়া দেনাসমূহ আদায় দিয়াৰ বাবে প্ৰয়াস কৰাৰ দৰে প্ৰসংগত আলোচনা অনুষ্ঠিত হয়। ৱেবিনাৰত সকলো ট্ৰেড ইউনিয়নৰ প্ৰতিনিধিৰ লগতে শ্ৰম মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়া-বৰ্গও উপস্থিত থাকে।

মন্ত্ৰী শ্ৰী গংগোৱাৰে কভিড-১৯ৰ সময়চোৱাত শ্ৰমিকসকলে সন্মুখীন হোৱা সমস্যা প্ৰশমিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভন্ন পদক্ষেপ সন্দৰ্ভত বিস্তৃত তথ্য অৱগত কৰে। তেওঁ লকডাউদানে সৃষ্টি কৰা পৰিস্থিতিৰ সমাধান উলিওৱাৰ বাবে সকলো পক্ষই চিন্তা কৰা উচিত বুলি মন্তব্য কৰি দুৰ্যোগৰ এই পৰিস্থিতিক সুযোগ হিচাপে গ্ৰহণ কৰি শ্ৰমিক কল্যাণৰ বাবে উপযুক্ত কাৰ্য-ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত পৰামৰ্শ দান কৰিবলৈ ট্ৰেড ইউনিয়নৰ প্ৰতিনিধিসকলক আহ্বান কৰে।

অহা ৮মে, ২০২০ত মন্ত্ৰীগৰাকীয়ে নিয়োগ-কৰ্তা সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে আন এক ৱেবিনাৰত অংশ গ্ৰহণ কৰিব।

 

*****

RCJ/SKP/IA/KB



(Release ID: 1621848) Visitor Counter : 225