শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

লকডাউনৰ সময়ত নিয়োগকৰ্তাসকলৰ ডিজিটেল বা আধাৰ ভিত্তিক ই-হস্তাক্ষৰ ব্যৱহাৰত সমস্যা হোৱাত কৰ্মচাৰী ভৱিষ্যনিধি তহবিলৰ পৰিচালন প্ৰক্ৰিয়া সহজ কৰাৰ ক্ষেত্ৰত ইপিএফঅ’ ই-হস্তাক্ষৰ সংগ্ৰহ ইমেইল ব্যৱস্থা আৰম্ভ কৰা হৈছে

Posted On: 06 MAY 2020 4:20PM by PIB Guwahati

ক’ভিড-১৯ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ঘোষণা কৰা লকডাউনজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিয়োগকৰ্তাসকলে ডিজিটেল হস্তাক্ষৰ বা আধাৰ ভিত্তিক ই-হস্তাক্ষৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সমূখীন হৈছে। ইয়াৰ ফলত, কৰ্মচাৰী ভৱিষ্যনিধি তহবিল কাৰ্যালয় প’ৰ্টেলত প্ৰয়োজনীয় কাম-কাজ পৰিচালনাত বাধাৰ সৃষ্টি হৈছে।

বিভিন্ন গুৰুত্বপূৰ্ণ কাম যেনে কেৱাইচি সত্যাপন, লেনদেন সংক্ৰান্তীয় সত্যাপন আদি কাৰ্য অনলাইনযোগে কৰা হৈ আছে। নিয়োগকৰ্তাসকলৰ হৈ এজন স্বীকৃত ব্যক্তিয়ে এই কাম কৰি থাকে। ডিজিটেল হস্তাক্ষৰ বা ই-হস্তাক্ষৰ ব্যৱহাৰৰ সময়ত আঞ্চলিক কাৰ্যালয়বোৰত এককালীন অনুমোদনৰ প্ৰয়োজন হয়। কিন্তু লকডাউনৰ বাবে বহু নিয়োগকৰ্তাই আঞ্চলিক কাৰ্যালয়বোৰত এককালীন পঞ্জীয়ন সংক্ৰান্তীয় অনুমতি প্ৰেৰণত সমস্যাৰ সমূখীন হৈছে।


নিয়োগকৰ্তাসকলৰ অসুবিধাৰ কথা বিবেচনা কৰি আৰু ভৱিষ্যনিধি তহবিলৰ কাম-কাজ যথাযথভাৱে পৰিচালনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈয়ে, নিয়োগকৰ্তাসকলৰ সৈতে ই-মেইল যোগে এককালীন অনুমোদন প্ৰদানৰ বাবে কাৰ্যালয়ৰ তৰফৰ পৰা যোগাযোগ কৰা হ’ব। নিয়োগকৰ্তাসকলে সংশ্লিষ্ট আঞ্চলিক কাৰ্যালয়লৈ মেইলৰ মাধ্যমেৰে ই-স্বাক্ষৰ সম্বলিত অনুমতি পত্ৰখনৰ এটা স্কেন ক’পি বা প্ৰতিলিপি প্ৰেৰণ কৰিব পাৰিব।

 

ইয়াৰ উপৰিও যিবোৰ শিল্প প্ৰতিষ্ঠানৰ তৰফৰ পৰা স্বীকৃত ব্যক্তিসকলৰ ডিজিটেল হস্তাক্ষৰৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে, তেওঁলোকে যদি কৰ্মচাৰী ভৱিষ্যনিধি তহবিলৰ ৱেবছাইটত ডুঙ্গলযোগে যোগাযোগ কৰিবলৈ সক্ষম নহয়, তেনে ক্ষেত্ৰত সংশ্লিষ্ট নিয়োগকৰ্তাৰ একাউণ্ট লগ-ইন কৰি ই-হস্তাক্ষৰ যোগে নাম নথিভুক্ত কৰাৰ পিছত সংশ্লিষ্ট একাউণ্ট খুলি প্ৰয়োজনীয় কাম-কাজ সম্পন্ন কৰিবও পাৰিব। এই ব্যৱস্থাৰ ফলত নিয়োগকৰ্তা আৰু কৰ্মচাৰী ভৱিষ্যনিধি তহবিল সংগঠনৰ সদস্যসকলে বিশেষ সুবিধা লাভ কৰিব।

*****

RCJ/SKP/IA/RD



(Release ID: 1621658) Visitor Counter : 223