অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

গৰুড় প’ৰ্টেলৰ জৰিয়তে ক’ভিড-১৯ ৰ লগত জড়িত দ্ৰোণ/ৰিম’ট চালিত আকাশীযানৰ বাবে থকা চৰকাৰী সংস্থালৈ চৰ্তসাপেক্ষ ৰেহাই

Posted On: 05 MAY 2020 7:06PM by PIB Guwahati

অসামৰিক বিমান মন্ত্ৰালয় আৰু অসামৰিক বিমানৰ সাধাৰণ সঞ্চালকালয়ে ক্ষীপ্ৰতাৰে ক’ভিড-১৯ ৰ লগত জড়িত দ্ৰোণ/ৰিম’ট চালিত আকাশীযানৰ বাবে থকা চৰকাৰী সংস্থালৈ চৰ্তসাপেক্ষ ৰেহাই দিবৰ বাবে ‘সাহাৰ্যৰ বাবে ব্যৱহৃত দ্ৰোণৰ চৰকাৰী অনুজ্ঞা প্ৰদান’ মঞ্চ (গৰুড় প’ৰ্টেল) (https://garud.civilaviation.gov.in) মুকলি কৰে। অসামৰিক বিমান মন্ত্ৰালয়, অসামৰিক বিমানৰ সাধাৰণ সঞ্চালকালয়, এ এ আই আৰু এন আই চিয়ে দুসপ্তাহযোৰা পৰিশ্ৰমৰ অন্তত এই মঞ্চ মুকলি কৰে। অনুমোদন লাভৰ পিছত আঠ দিনত দিল্লীৰ ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিষ্টেম এনালিষ্ট শ্ৰী বিক্ৰম সিঙে ঘৰতে অকলে বহি এই পৰ্টেলৰ আৰ্হি তৈয়াৰ কৰাৰপৰা মুকলি কৰি দিয়ালৈক সকলো কাম সম্পন্ন কৰে।

ৰিম’ট চালিত আকাশীযানৰ ক্ষেত্ৰত ১৯৩৭ বৰ্ষৰ আকাশীযান নিয়মাৱলীৰ নিয়ম ১৫-ক আৰু বিমানৰ সাধাৰণ সঞ্চালকালয়ে ২৭.০৮.২০১৮ ত জাৰি কৰা অসামৰিক বিমানৰ প্ৰয়োজনীয়তাৰ ৩ নং শাখাৰ দহ নং ধাৰাৰ ১ম খণ্ড মানি চলা হয়।

চৰ্তসাপেক্ষ ৰেহাই দিয়াৰ ক্ষেত্ৰত তলত উল্লেখ কৰা ৰেহাইসমূহ প্ৰযোজ্য হ’বঃ

  • চৰ্তসাপেক্ষ ৰেহাই দিয়াৰ ব্যৱস্থা কেৱল চৰকাৰে কামত নিয়োগ কৰা ৰিম’ট চালিত আকাশীযানৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। ক’ভিড-১৯ ৰ লগত জড়িত কামত ব্যৱহৃত হ’লেও চৰকাৰৰ যথোপযুক্ত অনুমতিপত্ৰ লগত থাকিব লাগিব।
  • চৰ্তসাপেক্ষ ৰেহাই দিয়াৰ ব্যৱস্থা কেৱল বেটেৰী-চালিত ৰ’টাৰী পাখিলগা ৰিম’ট চালিত আকাশীযানৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।
  • প্ৰতিখন ৰিম’ট চালিত আকাশীযান চৰকাৰৰ সামগ্ৰিক পৰ্যবেক্ষণতহে পৰিচালিত হ’ব পাৰিব।
  • প্ৰতিখন ৰিম’ট চালিত আকাশীযানৰ সুৰক্ষা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰী পৰ্যবেক্ষণৰত সংস্থা দায়িত্বশীল হ’ব।

ৰিম’ট চালিত আকাশীযানসমূহ তলত উল্লেখ কৰা চৰ্তসাপেক্ষে পৰিচালিত হ’বঃ

  • ৰিম’ট চালিত আকাশীযানৰ অসামৰিক বিমানৰ সাধাৰণ সঞ্চালকালয়ে দিয়া এটা একক চিনাক্তকৰণ নম্বৰ অথবা দ্ৰোণ স্বীকৃতি নম্বৰ থাকিব
  • ৰিম’ট চালিত আকাশীযানৰ মুঠ ওজন ২৫ কিলোগ্ৰামতকৈ বেছি হ’ব নোৱাৰিব
  • ৰিম’ট চালিত আকাশীযানখন যাতে হেৰাই নাযায়, তাৰবাবে তাত এটা স্বয়ংক্ৰিয়ভাৱে নিজৰ স্থানলৈ ঘূৰি অহা ব্যৱস্থা থাকিব লাগিব
  • ৰিম’ট চালিত আকাশীযান ২০০ ফুটতকৈ ওপৰত উৰিব নোৱাৰিব
  • ৰিম’ট চালিত আকাশীযান অনবৰতে চকুৰে দেখা পৰিসৰৰ ভিতৰতহে উৰিব পাৰিব
  • ৰিম’ট চালিত আকাশীযান মানুহ, ঘৰ, যান-বাহন অথবা অন্যন্য সা-সম্পত্তিৰপৰা সুৰক্ষিত দূৰত্ব বজাই ৰাখিহে উৰিব পাৰিব
  • ৰিম’ট চালিত আকাশীযানে কোনোধৰণৰ সামগ্ৰী উঠোৱা, নমোৱা, ছটিওৱা বা পোলোৱা কাম কৰিব নোৱাৰিব
  • স্থানীয় সূৰ্যোদয়ৰ সময়ৰপৰা স্থানীয় সূৰ্যাস্তৰ সময়লৈকেহে ৰিম’ট চালিত আকাশীযান চলাব পাৰিব
  • ডাঙৰ বৰষুণ, বতাহ, ধুলিৰ ধুমুহা, কম ভিজিবিলিটীত ৰিম’ট চালিত আকাশীযান পৰিচালনা কৰিবলৈ দিয়া নহয়
  • সংৰক্ষিত বেটেৰীৰ সামৰ্থ যদি ১৫ মিনিটতকৈ কম দেখুৱায়, তেনেস্থলত ৰিম’ট চালিত আকাশীযানৰ উৰণ লগে লগে বন্ধ কৰিব লাগিব
  • এজন নিয়ন্ত্ৰকে এটা সময়ত এখনতকৈ বেছি ৰিম’ট চালিত আকাশীযানৰ পৰিচালনা কৰিব নোৱাৰিব

তলত উল্লেখিত ভৌগোলিক অঞ্চলত কোনো ৰিম’ট চালিত আকাশীযানৰ পৰিচালনা কৰিবলৈ দিয়া নহয়ঃ

  • মুম্বাই, দিল্লী, চেন্নাই, কলকাতা, বাঙ্গালুৰু আৰু হায়দৰাবাদ বিমানকোঠৰ পৰা ৫ কিলোমিটাৰ দূৰত্বলৈকে
  • কোনো অসামৰিক, ব্যক্তিগত বা প্ৰতিৰক্ষা বিভাগৰ বিমানকোঠৰ পৰা ৩ কিলোমিটাৰ দূৰত্বলৈকে
  • অস্থায়ীবভাৱে বন্ধ কৰি ৰখা কোনো ঠাই, কোনো নিষিদ্ধ স্থান বা বিপদসংকূল স্থান
  • আন্তঃৰাষ্ট্ৰীয় সীমাৰপৰা ২৫ কিলোমিটাৰতকৈ কম দূৰত্বত
  • সাগৰৰ ওপৰত উপকূলৰপৰা ৫০০ মিটাৰতকৈ অধিক দূৰত্বত 
  • সেনা-বাহিনীৰ স্থানীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে সেনা-বাহিনীৰ চাউনিৰ পৰা ৩ কিলোমিটাৰ দূৰত্বলৈকে
  • দিল্লীৰ বিজয় চৌকৰপৰা ৫ কিলোমিটাৰ দূৰত্বলৈকে
  • গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমতি অবিহনে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কূটনৈতিক অঞ্চল বুলি চিহ্নিত কৰা ঠাইৰপৰা ২ কিলোমিটাৰ দূৰত্বলৈকে
  • কোনো বাহন, জাহাজ বা আকাশীযান আদি চলমান ঠাইৰপৰা
  • পৰিৱেশ মন্ত্ৰালয়ৰ আগতীয়া অনুমতি অবিহনে কোনো ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল আদিৰ ওপৰত
  • ৰাজ্যৰ ৰাজধানী চহৰত থকা ৰাজ্যিক সচিৱালয়সমূহৰ পৰা ৩ কিলোমিটাৰ দূৰত্বলৈকে

পিছৰ জাননী জাৰি নোহোৱা পৰ্যন্ত এই ৰাজহুৱা জাননী বলব থাকিব। ভাৰত চৰকাৰে কোনো আগতীয়া জাননী অবিহনে এই ব্যৱস্থাসমূহৰ সাল-সলনি কৰিব পাৰে। এই নিৰ্দেশনা মানি নচলা ৰিম’ট চালিত আকাশীযানৰ ৰেহাই তাক্ষণিকবাৱে ৰদ কৰা হ’ব আৰু ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উক্ত জাননীৰ লিংক Public Notice.

****

RJ/NG/PRK



(Release ID: 1621591) Visitor Counter : 151