গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

লকডাউনৰ সময়ত অতিৰিক্ত প্ৰতিশ্ৰুতি পালন কৰাৰ পিছতো ভাৰতীয় খাদ্য নিগমত পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী মজুত আছেঃ শ্ৰী ৰাম বিলাস পাছোৱান

Posted On: 05 MAY 2020 7:21PM by PIB Guwahati

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানে চৰকাৰৰ ওচৰত মজুত থকা খাদ্য সমাগ্ৰী আৰু বিভিন্ন ৰাজ্যলৈ ইয়াক পঠিয়াবৰ বাবে চৰকাৰে এতিয়ালৈকে লোৱা বিভিন্ন পদক্ষেপৰ কথা জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে ০৪. ০৫.২০২০ তাৰিখৰ প্ৰতিবেদনমতে ভাৰতীয় খাদ্য নিগমত ২৭৬.৬১ লাখ মেট্ৰিকটন চাউল আৰু ৩৫৩.৪৯ লাখ মেট্ৰিকটন ঘেঁহু মজুত আছে। অৰ্থা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আন আন কল্যাণমূলক আঁচনি অনুযায়ী প্ৰয়োজনীয় ৬০ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰীৰ বিপৰীতে ৬৩০.১০ লাখ মেট্ৰিকটন সামগ্ৰী মজুত আছে।

মন্ত্ৰীগৰাকীয়ে কয় যে লকডাউন আৰম্ভ হোৱাৰেপৰা মুঠ ৬৯.৫২ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰীৰ ২৪৮৩ চা ৰে’লগাড়ীৰ ৰেকৰ জৰিয়তে বিভিন্ন স্থানলৈ পঠিওৱা হৈছে। ৰে’লগাড়ীৰ বাদেও পথ পৰিৱহণ আৰু জল পৰিৱহণ ব্যৱস্থাৰেও খাদ্য সামগ্ৰী পঠিওৱা হৈছে। মুঠ ১৩৭.৬২ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী দেশৰ বিভিন্ন স্থানলৈ পঠিওৱা হৈছে। মুঠ ৫.৯২ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী উত্তৰ-পূৰ্বাঞ্চললৈ পঠিওৱা হৈছে। 

লকডাউনৰ সময়ত ভাৰতীয় খাদ্য নিগমৰ ডিপোৰ পৰা মুক্ত বজাৰ বিক্ৰী আঁচনিৰ যোগেদি বেচৰকাৰী সংস্থা, সামাজিক প্ৰতিষ্ঠান আদিয়ে সাহাৰ্য শিবিৰৰ বাবে চাউল আৰু ঘেঁহু পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰিব। ৰাজ্য চৰকাৰসমূহেও ভাৰতীয় খাদ্য নিগমৰপৰা পোনপটীয়াকৈ খাদ্য শস্য ক্ৰয় কৰিব পাৰিব। অনাগত তিনিটা মাহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আওঁতালৈ নহা পৰিয়ালকো ৰাজ্য চৰকাৰসমূহে খাদ্য সামগ্ৰী প্ৰদান কৰিব পাৰিব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আওঁতালৈ নহা পৰিয়ালকো প্ৰয়োজন সাপেক্ষে সামগ্ৰী প্ৰদান কৰিবলৈ অনুৰোধ জনাই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মূখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। মুক্ত বজাৰ বিক্ৰী আঁচনিৰ অধীনত চাউলৰ দাম প্ৰতি কিলোগ্ৰামত ২২ টকা আৰু ঘেঁহু ২১ টকা। লকডাউনৰ সময়ত ভাৰতীয় খাদ্য নিগমে মুক্ত বজাৰ আঁচনিৰ জৰিয়তে ৪.৫০ লাখ মেট্ৰিকটন ঘেঁহু আৰু ৫.৬১ লাখ মেট্ৰিকটন চাউল বিক্ৰী কৰিছে।

প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ আধীনত অনাগত তিনিটা মাহত ১০৪.৪ লাখ মেট্ৰিকটন চাউল আৰু ১৫.৬ লাখ মেট্ৰিকটন ঘেঁহুৰ প্ৰয়োজন হ’ব, তাৰে ৫৯.৫০ লাখ মেট্ৰিকটন চাউল আৰু ৮.১৪ লাখ মেট্ৰিকটন ঘেঁহু ইতিমধ্য বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পঠিওৱা হৈছে। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, চণ্ডীগড়, দিল্লী আৰু গুজৰাটলৈ ঘেঁহু আৰু বাকী ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ চাউল পঠিওৱা হৈছে। এই আঁচনিৰ অধীনত কেন্দ্ৰ চৰকাৰে সমগ্ৰ ভাৰতৰ ১০০% বিত্তীয় বোজা, অৰ্থা প্ৰায় ৪৬০০০ কোটি টকাৰ ব্যয় বহন কৰিছে।

মাহজাতীয় শস্যৰ ক্ষেত্ৰত অনাগত তিনিটা মাহত ৫.৮২ লাখ মেট্ৰিকটনৰ প্ৰয়োজন হ’ব, তাৰে ২২০৭২৭ মেট্ৰিকটন বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পঠিওৱা হৈছে। তাৰে ১৪৭১৬৫ মেট্ৰিকটন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ গৈ পাইছেগৈ আৰু ৪৭৪৯০ মেট্ৰিকটন মাহজাতীয় শস্য তেওঁলোকে ইতিমধ্যে লাভ কৰিছে। ০৫.০৫.২০২০ তাৰিখলৈকে মুঠ ১২.৫৪ লাখ মেট্ৰিকটন মাহজাতীয় শস্য (ৰহৰ দাইল ৫.১৬ লাখ মেট্ৰিকটন, মুগ দাইল ১.২৬ লাখ মেট্ৰিকটন, মাটিদাইল ২.৫৫ লাখ মেট্ৰিকটন, বুট ২.৭২ লাখ মেট্ৰিকটন, মচুৰ ০.৮৪ লাখ মেট্ৰিকটন) গোদামত উপলব্ধ আছে।

ইয়াৰ মাজতে গ্ৰাহক পৰিক্ৰমা বিভাগে ’ভিড-১৯ ৰ সময়ত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত মাস্ক আৰু চেনিটাইজাৰৰ মূল্যও লক্ষ্য কৰিছে। মাস্কৰ মূল্য, চেনিটাইজাৰৰ মূল্য আৰু এইসমূহ তৈয়াৰ কৰোতে ব্যৱহাৰ হোৱা কেঁচামালৰ মূল্যও চৰকাৰে নিৰ্ধাৰণ কৰিছে। ৰাজ্য চৰকাৰসমূহক লকডাউনৰ সময়ত যোগান শৃংখল অব্যাহত ৰখাটো সুনিশ্চিত কৰিবলৈ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে।

****

APS/PK/MS/PRK



(Release ID: 1621588) Visitor Counter : 231