শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

EPFO এ ইয়াৰ পেঞ্চনাৰসকললৈ মোকলাই দিলে ৭৬৪ কোটি টকা

Posted On: 05 MAY 2020 2:23PM by PIB Guwahati

EPFO ৰ পেঞ্চন আঁচনিৰ অধীনত সম্প্ৰতি দেশত আছে ৬৫ লাখ পেঞ্চনাৰ। দেশত থকা সৰ্বমুঠ ১৩৫ টা ক্ষেত্ৰ ইপিএফ কাৰ্যালয়ে আগতীয়াকৈ এপ্ৰিল ২০২০ মাহৰ পেঞ্চনসমূহ পৰিশোধ কৰিছে, যাতে সমগ্ৰ দেশজুৰি চলি থকা ক’ভিড-১৯ লকডাউনৰ বাবে পেঞ্চনাৰসকল অসুবিধাত নপৰে।

EPFO বিষয়া তথা কৰ্মচাৰীসকলে সমগ্ৰ দেশতে থকা পেঞ্চনৰ ধন বিতৰণ কৰা বেংকসমূহৰ নোডেল শাখাসমূহলৈ ৭৬৪ কোটি টকা প্ৰেৰণ কৰিবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। ইতিমধ্যে সকলোবোৰ বেংক শাখাকেই সূচী অনুসৰি পেঞ্চনাৰসকলৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

এই সংকটৰ সময়ত সময়মতে পেঞ্চনৰ ধন জমা কৰাটো ইপিএফঅ’ৰ আটাইতকৈ অগ্ৰাধিকাৰযোগ্য কাম হিচাপে গণ্য কৰা হৈছে, যাতে এই ক’ভিড-১৯ ৰ জটিল সময়ত পেঞ্চনাৰসকলে অসুবিধাত পৰিবলগীয়া নহয়।

*****

RCJ/SKP/IA/RD



(Release ID: 1621582) Visitor Counter : 172