খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

শীতলীকৰণ শৃংখল-প্ৰকল্পৰ উত্তৰকসকলৰ সৈতে শ্ৰীমতী হৰচিমৰত্ কৌৰ বাদলৰ ভিডিঅ’ কনফাৰেন্স

Posted On: 04 MAY 2020 6:47PM by PIB Guwahati

খাদ্য-সংসাধন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী হৰচিমৰত্ কৌৰ বাদলে আজি মহাৰাষ্ট্ৰৰ শীতলীকৰণ প্ৰকল্প-শৃংখলৰ উত্তৰকসকলৰ সৈতে ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে এক আলোচনাত মিলিত হয়। অনুষ্ঠানত খাদ্য সংসাধান বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্তিত থাকে।

আলোচনাত ৩৮টা শীতলীকৰণ শৃংখল প্ৰকল্পৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে। প্ৰতিনিধিসকলে প্ৰকল্পসমূহ ৰূপায়ণৰ সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ লগতে ইয়াৰ মাজেদি আহৰণ কৰা অভিজ্ঞতাসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীক বিস্তাৰিত ভাৱে আৱগত কৰে। আৱশ্যে এই আলোচনাত কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সন্মুখীন হবলগীয়া হোৱা সমস্যাৱলীৰ প্ৰসংগই বিশেষ স্থান লাভ কৰে।

সভাত মন্ত্ৰীগৰাকীয়ে, কভিড-১৯ সৃষ্ট পৰিস্থিতিত খাদ্য-সামগ্ৰীৰ যোগান-শৃংখলে সন্মুখীন হবলগীয়া হোৱা সমস্যাৰ পৰা সকাহ পোৱাৰ বাবে সংহত শীতলীকৰণ-শৃংখল ব্যৱস্থাপনাৰ সুবিধা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে।

সভাত, কেঁচামালৰ পৰ্যাপ্ততা আৰু ইয়াৰ চৰা দাম, কাৰ্যক্ৰম পৰিচালনাৰ ক্ষেত্ৰত লকডাউনে সৃষ্টি কৰা সমস্যা, শ্ৰমিক আৰু যোগান-ব্যৱস্থাপনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা, যাৱতীয় যা-জোগাৰত ব্যয় বৃদ্ধি আৰু কৃষকসকলক থলীতে ধন আদায় দিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত হোৱা নগদ ধনৰ নাটনিৰ সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।

****

RJ/NG/KB



(Release ID: 1621269) Visitor Counter : 199