অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
লাইফলাইন উড়ানৰ অধীনত ৪৩০খন বিমানেৰে পৰিবহণ
Posted On:
03 MAY 2020 4:47PM by PIB Guwahati
লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ৪৩০খন বিমান চলাচল কৰা হৈছে৷ ইয়াৰে ভিতৰত ২৫২খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে চলাচল কৰিছে৷ বৰ্তমানলৈকে বিমানযোগে ৭৯৫.৮৬টন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ৪,২১,৭৯০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷ ক’ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ‘লাইফলাইন উড়ান’ৰ অধীনত দেশৰ দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷
উত্তৰ-পূ্ৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু দ্বীপপুঞ্জসমূহত চিকিৎসা সামগ্ৰী পৰিবহণ কৰা পৱন হংস হেলিকপ্তাৰ লিমিটেডে ২ মে’, ২০২০লৈকে ৭,৭২৯ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি ২.২৭ টন সামগ্ৰী পৰিবহণ কৰিছে৷ এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল, দ্বীপপুঞ্জ আৰু পাহাৰীয়া ৰাজ্যসমূহক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই এই উত্তৰ-পূ্ৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু দ্বীপপুঞ্জসমূহক বিশেষ প্ৰাধান্য দিছে৷
ঘুৰুৱা কাৰ্গ’ অপাৰেটৰ স্পাইচজেট, ব্লু ডাৰ্ট, ইণ্ডিগ’ আৰু ভিষ্টাৰাই বাণিজ্যিক ভিত্তিত কাৰ্গ’ বিমান চলাচল কৰিছে৷ ২৪ মাৰ্চৰ পৰা ২ মে’লৈ স্পাইচজেটে ৭৬০খন কাৰ্গ’ বিমান চলাচল কৰি ইতিমধ্যে ১২,০৯,৩১০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৫,৫১৯ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইয়াৰে ভিতৰত ২৭৯ আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ বিমানো আছে৷ একেদৰে, ব্লু ডাৰ্টে দেশৰ ভিতৰতে ২৫৩ বিমান চলাচল কৰি ২,৭৬,৭৬৮ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি মুঠ ৪,৩৬৪ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইফালে, ইণ্ডিগ’ই ১২বাৰ বিদেশলৈ যোৱাকে ধৰি মুঠ ৮৭খন কাৰ্গ’ বিমান চলাচল কৰি ১,৪৩,৬০৪ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৪২৩টন সামগ্ৰী সৰবৰাহ কৰিছে৷ এইবোৰৰ ভিতৰত চৰকাৰৰ বাবে চিকিৎসা সামগ্ৰী বিনামুলীয়াকৈ পৰিবহণ কৰিছে বিমান কোম্পানীসমূহে৷ ভিষ্টাৰাই ১৯ এপ্ৰিলৰ পৰা ২ মে’লৈ ২০খন কাৰ্গ’ বিমান চলাচল কৰি ২৮,৫৯০ কিলোমিটাৰ অতিক্ৰমেৰে ১৩৯টন সামগ্ৰী সৰবৰাহ কৰিছে৷
পূব এছিয়ালৈ ঔষধ-পাতি, চিকিৎসা সামগ্ৰী আৰু ক’ভিড-১৯ সাহায্য সামগ্ৰী পৰিবহণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক কাৰ্গ’ এয়াৰ-ব্ৰিজ স্থাপন কৰা হৈছে৷ ২ মে’লৈকে এয়াৰ ইণ্ডিয়াই ৮৯৯টন চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷
তদুপৰি, ব্লু ডাৰ্টে ১৪ এপ্ৰিলৰ পৰা ২ মে’লৈকে গুৱাংঝুৰ পৰা ১১৪টন চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ ইফালে, স্পাইচজেটে ২ মে’লৈকে ছাংহাই আৰু গুৱাংঝুৰ পৰা ২০৪টন আৰু হংকং আৰু ছিংগাপুৰৰ পৰা ১৬টন চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷
****
RJ/NG/DB
(Release ID: 1620799)
Visitor Counter : 205
Read this release in:
Odia
,
English
,
Urdu
,
Hindi
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Tamil
,
Telugu
,
Kannada