PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 02 MAY 2020 6:29PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

এই পৰ্যন্ত, ৯৯৫০ জন লোক আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ১০৬১ লোক আৰোগ্য হৈছে৷ মুঠ আৰোগ্য হাৰ ২৬.৬৫% এই পৰ্যন্ত মুঠ নিশ্চিত পৰিঘটনাৰ সংখ্যা ৩৭,৩৩৬টা৷ কালিৰে পৰা দেশত ভিড-১৯ত আক্ৰান্ত নিশ্চিত পৰিঘটনাৰ সংখ্যা হৈছে ২২৯৩ টা৷স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কালি পিপিইৰ যুক্তিসংগত ব্যৱহাৰৰ বাবে অতিৰিক্ত নিৰ্দেশাৱলী মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

মে’, ২০২০ৰ কাৰ্যকৰী হোৱাকৈ দুসপ্তাহৰ বাবে লকডাউনৰ সময়সীমা বৃদ্ধি

দেশত ভিড-১৯ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ ফলত লাভ কৰা সুফলৰ ব্যাপক পৰ্যালোচনা কৰি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আজি দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত মে’, ২০২০ৰ পৰা কাৰ্যকৰী হোৱাকৈ দুসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰিছে৷ এই সময়ছোৱাত বিভিন্ন কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰঙা, সেউজীয়া আৰু কমলাৰঙী জিলাসমূহক লক্ষ্য কৰি নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাত সেউজীয়া আৰু কমলাৰঙী অঞ্চলত কেতবোৰ ৰেহাই দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

মে পৰা বলৱৎ বলগীয়া দুসপ্তাহজোৰা লকডাউনৰ সময়ছোৱাত অৰেঞ্জ নত ব্যক্তি আৰু বাহনৰ চলাচল সন্দৰ্ভত স্পষ্টীকৰণ

অৰেঞ্জ নত সমগ্ৰ দেশতে বাহাল থকা নিষেধাজ্ঞাসমূহৰ উপৰিও আন্তঃজিলা আৰু জিলাসমূহৰ মাজত বাছৰ চলাচল বন্ধ থাকিব৷ এই নিষেধাজ্ঞাত দুটা অন্যান্য গতিবিধিৰ অনুমোদন জনোৱা হৈছেঃ

  • এজন চালক আৰু দুজন যাত্ৰীৰ সৈতে টেক্সি আৰু কেব সেৱাক অনুমোদন প্ৰদান কৰা হৈছে৷
  • চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত চালকৰ উপৰিও সৰ্বাধিক দুজন যাত্ৰীৰ সৈতে কেৱল অনুমোদিত গতিবিধিসমূহৰ বাবে ব্যক্তিগত বাহনৰ আন্তঃজিলাভিত্তিক চলাচলৰ অনুমোদন প্ৰদান কৰা হৈছে৷

অৰেঞ্জ নত অন্যান্য সকলো গতিবিধি কোনো নিষেধাজ্ঞা অবিহনে বাহাল থাকিব৷ কিন্তু ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে অগ্ৰাধিকাৰভিত্তিত গতিবিধিসমূহৰ সংখ্যা হ্ৰাস কৰিব পাৰে৷

অধিক বিৱৰণৰ বাবে

যাত্ৰীবাহী ৰেলসেৱা বাতিলৰ সময়সীমা বৃদ্ধি

ভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ধাৰাবাহিকতা অব্যাহত ৰাখি অহা ১৭ মে’, ২০২০লৈকে যাত্ৰী ৰে সেৱা বাতিলৰ সিদ্ধান্ত লোৱা হৈছে৷ অৱশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্য চৰকাৰসমূহে প্ৰয়োজনসাপেক্ষে বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিক বিশেষ শ্ৰমিক ৰেলৰ জৰিয়তে নিজৰ ৰাজ্যলৈ আনিব পাৰিব৷ ইফালে, এই সময়ছোৱাতো মালবাহী আৰু পাৰ্চেল ৰে নিয়মীয়াকৈ চলি থাকিব৷

অধিক বিৱৰণৰ বাবে

কৃষিখণ্ডৰ উন্নতিৰ উপায় সন্দৰ্ভত আলোচনা কৰাৰ বাবে বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষিখণ্ডৰ সমস্যা তথা সংশোধনমূলক কাৰ্যকলাপসমূহৰ আলোচনা কৰিবলৈ এক বৈঠকত অংশগ্ৰহণ কৰে৷ কৃষিজাত সামগ্ৰীৰ বিপণন, বিপণনযোগ্য সামগ্ৰীৰ ব্যৱস্থাপনা, কৃষকসকলৰ বাবে আনুষ্ঠানিক ঋণ, কৃষিখণ্ডক বিভিন্ন নিষেধাজ্ঞাৰ পৰা মুক্ত কৰা বিষয়সমূহে আজিৰ বৈঠকত স্থান পায়৷ পিএম-কিষাণৰ হিতাধিকাৰীসকলৰ বাবে বিশেষ কিষাণ ক্ৰেডিট কাৰ্ড, -নাম প্লেটফৰ্মৰ বিকাশ আদিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়৷ তাৰোপৰি ব্ৰেণ্ড ইণ্ডিয়াৰ বিকাশ, সামগ্ৰীভিত্তিক ৰ্ড/পৰিষদৰ সৃষ্টি আৰু এগ্ৰি-ক্লাষ্টাৰ/ঠিকাভিত্তিক কৃষিৰ প্ৰচাৰ আদিৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ ৰপ্তানিক গুৰুত্ব প্ৰদান কৰা হয়৷ প্ৰধামন্ত্ৰীয়ে কৃষকসকলক বিশ্বজনীন যোগান শৃংখলৰ ক্ষেত্ৰত অধিক প্ৰতিদ্বন্ধী কৰি তুলিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে আলোকপাত কৰে৷ কৃষিভিত্তিক অৰ্থনীতিত অনুনাদ সৃষ্টিৰ বাবে এফপিঅ ভূমিকাক অধিক শক্তিশালী কৰি কৃষকসকললৈ সৰ্বাধিক লাভ প্ৰদান কৰাৰ সিদ্ধান্ত বৈঠকখনত গ্ৰহণ কৰা হয়৷

অধিক বিৱৰণৰ বাবে

শিক্ষাখণ্ডৰ বিষয়ে আলোচনা কৰিবলৈ পুনৰীক্ষণ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি)কে ধৰি শিক্ষাখণ্ডৰ সংশোধন তথা উত্থাপিত সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে এক বৈঠকত অংশগ্ৰহণ কৰে৷ শিক্ষাখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰক অধিক প্ৰাধান্য দি অনলাইন শ্ৰেণীকোঠা, শিক্ষণ ৰ্টেল আৰু উৎসৰ্গিত শিক্ষা চেনেলসমূহৰ জৰিয়তে পাঠ্যক্ৰমৰ সম্প্ৰচাৰ আদিৰ বিষয়সমূহে বৈঠকত স্থান পায়৷

অধিক বিৱৰণৰ বাবে

গ্ৰীণ, অৰেঞ্জ আৰু ৰেড জ’নত চিএটিৰ দ্বাৰা অভিযোগৰ শুনানিৰ নতুন নিৰ্দেশনাৱলী

অধিক বিৱৰণৰ বাবে

শ্ৰী পীয়ুষ গোৱেলে বিদেশৰ দূতাৱাসসমূহক কয় যে আগ্ৰহী দেশসমূহৰ সৈতে পাৰস্পৰিকভাৱে উপকৃত হ’ব পৰাকৈ ভাৰতে দুৱাৰ খোলা ৰাখিছে

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কয় যে ভাৰতে আগ্ৰহী দেশসমূহৰ সৈতে পাৰস্পৰিভাৱে উপকৃত হ’ব পৰাকৈ দুৱাৰ খোলা ৰাখিছে৷ নতুন দিল্লীত বৈদেশিক দূতাৱাসসমূহৰ সৈতে হোৱা এক বৈঠকত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

ভিডিঅকনফাৰেন্সিংযোগে বিহাৰত এনকেফেলাইটিজ সদৃশ লক্ষণ(এইএছ) বিৰুদ্ধে প্ৰস্তুতিৰ পৰ্যালোচনা ডাঃ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বা্স্থ্য মন্ত্ৰী ডাঃ হর্ষ বর্ধনে আজি এনকেফেলাইটিজ সদৃশ লক্ষণ (এইএছ)নিয়ন্ত্ৰণৰ বাবে বিহাৰ চৰকাৰক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে৷ ভিডিঅকনফাৰেন্সিংযোগে বিহাৰৰ স্বাস্থ্যমন্ত্রী মংগল পাণ্ডেৰ সৈতে এইএছৰ পর্যালোচনা বৈঠকত তেওঁ তৃণমূল পৰ্যায়ৰ কর্মীসকলৰ পৰা পৰিস্থিতি সম্পর্কে বুজ লয়৷ বৈঠকত স্বাস্থ্য আৰু পৰিয়াল বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেও উপস্থিত থাকে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেৰ যোদ্ধাসকলে গুৰুত্বপূৰ্ণ প্ৰতিপালনৰ কামবোৰ সম্পন্ন কৰিছে

ক’ভিড-১৯ৰ বাবে সমগ্ৰ দেশতে বলৱৎ হোৱা লকডাউনৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেৰ যোদ্ধাসকলে ৰে’লৱেৰ কৰিবলৈ বাকী থকা গুৰুত্বপূৰ্ণ কামসমূহ যেনে দলং প্ৰতিপালন, ক্ৰছঅভাৰৰ পুনৰ নিৰ্মাণ আদি কামবোৰ সম্পন্ন কৰিছে৷

অধিক বিৱৰণৰ বাবে

ৰোনা যোদ্ধালৈ সমুখ সমৰৰ যোদ্ধাসকলৰ শ্ৰদ্ধা জ্ঞাপন আৰু এই যুঁজত সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিজ্ঞাৱদ্ধ

দিল্লীত আজি অনুষ্ঠিত এক প্ৰেছমেলত মূখ্য প্ৰতিৰক্ষা সচিৱ জেনেৰেল বিপিন ৰাৱটৰ লগতে স্থলসেনাৰ মূৰব্বী জেনেৰেল এম এম নাৰাৱানে, নৌ সেনাৰ মূৰব্বী এডমিৰেল কৰমবীৰ সিং, বায়ুসেনাৰ মূৰব্বী এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এচ ভাডুৰীয়াই সাংবাদিকক উদ্দেশ্যি কয় যে, তেওঁলোকে ৰোনা যোদ্ধালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু অনাগত দিনত এই যুঁজত সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিজ্ঞাৱদ্ধ হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ যোদ্ধাসকলক ধন্যবাদ জনাব ভাৰতীয় উপকূলৰক্ষী বাহিনীয়েও

৩ মে’ ২০২০ তাৰিখে ২৫টা স্থানৰ পৰা দেশৰ ক’ভিড যোদ্ধাসকলক কৃতজ্ঞতা জনোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ভাৰতীয় উপকূলৰক্ষী বাহিনীয়েও৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) প্ৰযুত চান-’-চাৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) প্ৰযুত চান-’-চাই আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ এই উপলক্ষে দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট দেশ দুখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ তথ্য শ্বেয়াৰ কৰে৷

অধিক বিৱৰণৰ বাবে

লাইফলাইন উড়ানৰ অধীনত ৪২২খন বিমানে দেশৰ বিভিন্ন প্ৰান্তত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰি আছে

এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত বিমানসমূহকে ধৰি লাইফলাইন উড়ানৰ অধীনত ৪২২খন বিমানে আজি পৰ্যন্ত ৭৯০.২২ টন সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তত যোগান ধৰিবলৈ ৪,১৩,৫৩৮ কিলোমিটাৰ পৰ্যন্ত বায়ু পথ অতিক্ৰম কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ক্ষুদ্ৰ বিত্তীয় উৎপাদনৰ ৪৯টা সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি

জনজাতিলোকসকলক সকাহ প্ৰদান কৰি চৰকাৰে ৪৯টা ক্ষুদ্ৰ বনজ উৎপাদনৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে আৱদ্ধ প্ৰব্ৰজনকাৰী শ্ৰমিক, শিক্ষাৰ্থী, পৰ্যটক আদি সকলৰ পঞ্জীয়নৰ বাবে এক প’ৰ্টেল বিকশিত কৰিছে৷ এই প’ৰ্টেল http://Chandigarh.gov.in ৰ পৰা অথবা  http://admser.chd.nic.in/migrant ৰ পৰা ব্যৱহাৰ কৰিব পৰা যাব৷ ৫০,০০০ পৰিয়ালক পিএমজিকেএৱাইৰ অধীনত ইতিমধ্যেই আটা আৰু দাইল বিতৰণ কৰা হৈছে৷
  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ পৰৱৰ্তী প্ৰাদুৰ্ভাৱ সন্দৰ্ভত পৰীক্ষণৰ বাবে পাঞ্জাৱ চৰকাৰে ইজৰাইলৰ প্ৰযুক্তিগত সমৰ্থন আৰু বিশেষজ্ঞৰ পৰা সহায় বিচাৰিছে৷ পাঞ্জাৱ চৰকাৰে পেট্ৰ’ল পাম্পৰ প্ৰৱন্ধক/অপাৰেটৰক নিৰ্দিষ্ট সময়ভিত্তিত কেৱল প্ৰয়োজনীয় কৰ্মীহে আৱণ্টিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানা চৰকাৰে ‘হাৰিয়ানা এমএছএমই ৰিভাইভেল ইণ্টাৰেষ্ট বেনিফিট স্কীম’ শীৰ্ষক এক আঁচনিৰ জৰিয়তে এমএছএমই খণ্ডক সকাহ প্ৰদানৰ উদ্দেশ্যে বিত্তীয় সাহায্য প্ৰদান কৰিব৷
  • হিমাচল প্ৰদেশঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক আয়ুৰ্বেদিক বিভাগে প্ৰস্তুত কৰা এক ভেষজ ঔষধ মুকলি কৰিছে৷ ইয়াৰ জৰিয়তে জনসাধাৰণৰ ৰোগ প্ৰতিৰোধাত্মক শক্তি বৃদ্ধিৰ প্ৰয়াস কৰা হ’ব৷  
  • কেৰালাঃ সুৰাৰ দোকান নোখোলাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ৷ গ্ৰীণ জ’নত কোনো বাছ সেৱা প্ৰদান কৰা নহ’ব৷ এই পৰ্যন্ত নিশ্চিত পৰিঘটনা ৪৯৭টা, সক্ৰিয় পৰিঘটনা ১০২টা৷
  • তামিলনাডুঃ চেন্নাই এতিয়াও হটস্পট হিচাপে বিবেচিত৷ ৰাজ্যখনৰ মুঠ পৰিঘটনা ২৫২৬টা৷
  • কৰ্ণাটকঃ আজি ৯টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনা ৫৯৮টা, মুকলি হৈছে ২৫৫জন লোক আৰু মৃত্যু হৈছে ২৫জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ শ্ৰীকাকুলাম আৰু প্ৰকাশমত দুটা ক’ভিড পৰীক্ষণ লেব স্থাপিত৷ মুঠ পৰিঘটনা ১৫২৫টা, সক্ৰিয় পৰিঘটনা ১০৫১টা, আৰোগ্য হৈছে ৪৪১জন আৰু মৃত্যু হৈছে ৩৩ জনৰ৷
  • তেলেংগানাঃ এই পৰ্যন্ত মুঠ পৰিঘটনা ১০৪৪টা, সক্ৰিয় পৰিঘটনা ৫৫২টা, আৰোগ্য হৈছে ৪৬৪জন আৰু মৃত্যু হৈছে ২৮ জনৰ৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যখনে ১ টন পিপিই, ভিটিএম কিট আৰু ঔষধ দিল্লীৰ পৰা গুৱাহাটী হৈ অহা এয়াৰ ইণ্ডিয়াৰ কাৰ্গ’ বিমানযোগে লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷
  • অসমঃ ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ছোৱাত নিঃস্বাৰ্থভাৱে সমাজলৈ সেৱা আগবঢ়োৱা সংবাদ মাধ্যমক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ধন্যবাদ জ্ঞাপন৷
  • মণিপুৰঃ চিআৰপিএফ বেটেলিয়নে এই পৰ্যন্ত ১৫৮৪০ লোকক সুৰক্ষাত্মক গীয়েৰ যোগান ধৰিছে৷ ৯১৮৭ জন লোকক ছেনিটাইজাৰ, চাবোন আৰু অন্যান্য ছেনিটেৰী সামগ্ৰী তথা ৮৪৩০ জন লোকক খাদ্য-সামগ্ৰী, মচলা আদিৰ যোগান ধৰা হৈছে৷
  • মেঘালয়ঃ কাইলৈ পুৱা ১০.৩০ বজাত ক’ৰোনা যোদ্ধাসকলক কৃতজ্ঞতা জনোৱাৰ বাবে চিভিল হাস্পতালত পুষ্পবৃষ্টি কৰিব আইএএফ হেলিকপ্টাৰে৷  
  • মিজোৰামঃ ক’ভিড-১৯ৰ সংকটৰ সময়ছোৱাত গ্ৰহণ কৰা পদক্ষেপসমূহৰ খতিয়ান ল’বলৈ মন্ত্ৰীমণ্ডলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক৷
  • নাগালেণ্ডঃ মোককচাঙৰ জিলা চিকিৎসালয়ত ক’ভিড-১৯ নমুনাৰ প্ৰাথমিক পৰীক্ষণৰ বাবে ট্ৰু নেট মেচিন মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰীয়ে৷
  • ছিক্কিমঃ দুৰ্গম অঞ্চলক সংযোজিত কৰিবলৈ তথা প্ৰণালীৱদ্ধ বিকাশৰ বাবে ৰাজ্যই নিজাকৈ স্বতন্ত্ৰ বিএছএনএল নিয়ন্ত্ৰণ কেন্দ্ৰ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য৷
  • ত্ৰিপুৰাঃ ৰাজ্যখনৰ মুঠ পৰিঘটনা ৪টা, আৰোগ্য হৈছে ২জন আৰু সক্ৰিয় পৰিঘটনা ২টা৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত এদিনতে অভিলেখ সংখ্যক ১০০৩টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে আৰু ইয়াৰে ৭৪১টা কেৱল মুম্বাইৰে৷ মুঠ ধনাত্মক পৰিঘটনা ১১৫০৬টা, মৃত্যু হৈছে ৪৮৫ জন৷
  • গুজৰাটঃ ৩০২টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনা হৈছে ৪৭২১টা৷ ইয়াৰে ৭৩৫ জন আৰোগ্য হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২৩৬ জনৰ৷
  • ৰাজস্থানঃ শনিবাৰে ১২টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে ৰাজ্যখনৰ মুঠ ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা ২৬৭৮লৈ বৃদ্ধি পাইছে৷ ইয়াৰে ১১১৬ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৬৫জনৰ৷
  • মধ্য প্ৰদেশঃ ৯০টা নতুন পৰিঘটনাৰ সৈতে মধ্য প্ৰদেশত মুঠ পৰিঘটনাৰ সংখ্যা ২৭১৯টা৷ ইয়াৰে ৫২৪জন আৰোগ্য হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৪৫ জনৰ৷
  • চট্টিশগড়ঃ এই পৰ্যন্ত সক্ৰিয় পৰিঘটনা হ’ল কেৱল ৭টা৷
  • গোৱাতঃ গোৱাত এই মুহূৰ্তত এটাও সক্ৰিয় পৰিঘটনা নাই৷

#ক’ভিড-১৯ৰ ফেক্ট চেক

 

 

 


(Release ID: 1620487) Visitor Counter : 174