প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৃষিখণ্ডৰ উন্নতিৰ উপায় সন্দৰ্ভত আলোচনা কৰাৰ বাবে বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

Posted On: 02 MAY 2020 3:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষিখণ্ডৰ সমস্যা তথা সংশোধনমূলক কাৰ্যকলাপসমূহৰ আলোচনা কৰিবলৈ এক বৈঠকত অংশগ্ৰহণ কৰে৷ কৃষিজাত সামগ্ৰীৰ বিপণন, বিপণনযোগ্য সামগ্ৰীৰ ব্যৱস্থাপনা, কৃষকসকলৰ বাবে আনুষ্ঠানিক ঋণ, কৃষিখণ্ডক বিভিন্ন নিষেধাজ্ঞাৰ পৰা মুক্ত কৰা বিষয়সমূহে আজিৰ বৈঠকত স্থান পায়৷ পিএম-কিষাণৰ হিতাধিকাৰীসকলৰ বাবে বিশেষ কিষাণ ক্ৰেডিট কাৰ্ড, ই-নাম প্লেটফ’ৰ্মৰ বিকাশ আদিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়৷ তাৰোপৰি ব্ৰেণ্ড ইণ্ডিয়াৰ বিকাশ, সামগ্ৰীভিত্তিক ব’ৰ্ড/পৰিষদৰ সৃষ্টি আৰু এগ্ৰি-ক্লাষ্টাৰ/ঠিকাভিত্তিক কৃষিৰ প্ৰচাৰ আদিৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ ৰপ্তানিক গুৰুত্ব প্ৰদান কৰা হয়৷ প্ৰধামন্ত্ৰীয়ে কৃষকসকলক বিশ্বজনীন যোগান শৃংখলৰ ক্ষেত্ৰত অধিক প্ৰতিদ্বন্ধী কৰি তুলিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে আলোকপাত কৰে৷ কৃষিভিত্তিক অৰ্থনীতিত অনুনাদ সৃষ্টিৰ বাবে এফপিঅ’ৰ ভূমিকাক অধিক শক্তিশালী কৰি কৃষকসকললৈ সৰ্বাধিক লাভ প্ৰদান কৰাৰ সিদ্ধান্ত বৈঠকখনত গ্ৰহণ কৰা হয়৷

 

*****

VRRK/SH/MM



(Release ID: 1620484) Visitor Counter : 127