স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভিডিঅ’ কনফাৰেন্সিংযোগে বিহাৰত এনকেফেলাইটিজ সদৃশ লক্ষণ(এইএছ)ৰ বিৰুদ্ধে প্ৰস্তুতিৰ পৰ্যালোচনা ড০ হৰ্ষ বৰ্ধনৰ

এইএছ নিয়ন্ত্ৰণত বিহাৰক সকলো ধৰণৰ সহায় আশ্বাস কেন্দ্ৰৰ

Posted On: 01 MAY 2020 8:22PM by PIB Guwahati

কেন্দ্ৰীয় স্বা্স্থ্য মন্ত্ৰী ড০ হর্ষ বর্ধনে আজি এনকেফেলাইটিজ সদৃশ লক্ষণ (এইএছ)নিয়ন্ত্ৰণৰ বাবে বিহাৰ চৰকাৰক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে৷ ভিডিঅ কনফাৰেন্সিংযোগে বিহাৰৰ স্বাস্থ্যমন্ত্রী মংগল পাণ্ডেৰ সৈতে এইএছৰ পর্যালোচনা বৈঠকত তেওঁ তৃণমূল পৰ্যায়ৰ কর্মীসকলৰ পৰা পৰিস্থিতি সম্পর্কে বুজ লয়৷ বৈঠকত স্বাস্থ্য আৰু পৰিয়াল বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেও উপস্থিত থাকে৷

এনকেফেলাইটিজত আক্ৰান্ত বিহাৰৰ একাংশ শিশুৰ মৃত্যু হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্রীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ১৫ মে পৰা জুন মাহলৈকে গ্ৰীষ্মকালৰ এই সময়ছোৱাত এনকেফেলাইটিজ সদৃশ ৰোগত আক্ৰান্ত হৈ বিহাৰৰ সৰ্বাধিক কন কন শিশুৰ মৃত্যু হোৱাটো দুখজনক৷

তেওঁ কয় যে একাধিক পৰ্যায়ত সঠিক পদক্ষেপ গ্ৰহণ কৰি যথোপযুক্ত চিকিসাৰ জৰিয়তে এই হাৰ ৰোধ কৰাটো সম্ভৱ। ড০ হর্ষ বর্ধনে লগতে কয় যে এইএছৰ বিৰুদ্ধে যুঁজ বহু পুৰণি আৰু কেতবোৰ নির্দিষ্ট পদ্ধতিৰ জৰিয়তে ইয়াৰ প্ৰতিৰোধমুলক ব্যৱস্থা গ্ৰহণ কৰাটো আৱশ্যক৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে ২০১৪ আৰু ২০১৯ চন এইএছৰ প্রাদুর্ভাৱৰ পূৰ্বে বিহাৰৰ ভ্ৰমণ কৰাৰ কথা স্মৰণ কৰি কয় যে সেই সময়ত তেওঁ নিজে পৰিস্থিতি চালি-জাৰি চাই শিশুৰোগী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে সাক্ষা কৰাৰ লগতে এই ৰোগৰ মূল কাৰণবোৰৰ সম্পর্কে আলোচনা কৰিছিল৷

 

ড০ হর্ষ বর্ধনে কয় যে এইবাৰো কেন্দ্ৰই নিয়মীয়াকৈ পৰিস্থিতি পর্যবেক্ষণ কৰা বুলি সদৰি কৰি এইএছজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখি আহিছে বুলি কয়৷ তেওঁ ৰাজ্য চৰকাৰক প্ৰভাৱিত অঞ্চলসমূহত ২৪ ঘণ্টাই নিৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ বিশেষজ্ঞসকলৰ এক কমিটী গঠন কৰিবলৈ তথা সময়মতে প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণৰ পৰামর্শ আগবঢ়ায়৷ এই পদক্ষেপৰ জৰিয়তে এই ৰোগৰ সংস্কৰণৰ ৰোধ কৰা সম্ভৱ ব৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন(এনএইচএম) জৰিয়তে ৰাজ্য চৰকাৰসমূহক পূর্ণ সহযোগিতা প্ৰদান কৰিব বুলি কয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রীগৰাকীয়ে৷ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়কে ধৰি কেন্দ্রীয় চৰকাৰৰ অন্যান্য মন্ত্ৰালয়সমূহকো জৰুৰী আৰু দীর্ঘম্যাদী সহায় আগবঢ়োৱাৰ বাবে অনুৰোধ কৰিব বুলি তেওঁ অৱগত কৰে৷

ডঃ হর্ষ বর্ধনে কয় যে দৈনিক পৰিস্থিতি পর্যবেক্ষণৰ বাবে বিশেষজ্ঞ কমিটী গঠনৰ উপৰি এক উচ্চপৰ্যায়ৰ আন্তঃশৃংখলা বিশেষজ্ঞ দল গঠন কৰাটো প্ৰয়োজন৷ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ(এনচিডিচি), নেচনেল ভেক্টৰ বর্ন ডিজিজ কন্ট্রোল প্রগ্রেম(এনভিবিডিচিপি), ভাৰতীয় চিকিসা গৱেষণা পৰিষদ(আইচিএমআৰ), আই আই এমএছ, পাটনা, কেন্দ্রীয় স্বাস্থ্য আৰু পৰিবাৰ কল্যাণ মন্ত্ৰালয়ৰ শিশু স্বাস্থ্য বিভাগে ৰাজ্য চৰকাৰক এইএছ তথা জাপানীজ এনকেফেলাইটিজৰ দৰে ৰোগ প্ৰতিৰোধ গঢ়ি তোলাৰ পদ্ধতি স্থিৰ কৰাত সহায় কৰিব৷

স্বাস্থ্যমন্ত্রীয়ে শীঘ্ৰে পেডিয়াট্রিক আইচিইউ আৰম্ভ কৰাৰ পৰামর্শ আগবঢ়াই জিলা সমূহতো এই সেৱা আৰম্ভ কৰি বুলি কয়৷ বিশেষকৈ পুৱা ৮ বজাৰ পৰা নিশা ১০বজালৈকে এই সময়ছোৱাত এইএছৰ লক্ষণ অধিক পৰিমাণে দেখা যায়৷ গতিকে এই সময়ত এম্বুলেন্স সেৱা সুবিধা সঠিকভাৱে ৰাখিবলৈও তেওঁ কয়৷ ড০ হর্ষ বর্ধনে ভিড প্রাদুর্ভাৱৰ সময়ত এইএচৰ প্ৰতি অৱহেলা নকৰিবলৈ সকলোকে অনুৰোধ জনায়৷

বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচি প্রীতি সুদান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অএছডি ৰাজেশ ভূষণ, স্বাস্থ্য বিভাগৰ বিশেষ সচিব সঞ্জিভা কুমাৰ, এনএইচএমৰ এমএছ আৰু এমডি বন্দনা গুৰনানীকে ধৰি বিহাৰ চৰকাৰৰ প্ৰধান সচিব (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ), বিহাৰ চৰকাৰ স্বাস্থ্য সুৰক্ষা সমিতিৰ সচিব তথা চিইঅ’, বিহাৰ চৰকাৰৰ স্বাস্থ্যসেৱা এনচিডিচি দিল্লীৰ সঞ্চালক, পাটনা এআইআইএমছৰ সঞ্চালক, বিহাৰৰ সকলো উপায়ুক্তই ৱেবলিংকযোগে অংশগ্ৰহণ কৰে৷

*****

MR/DB



(Release ID: 1620343) Visitor Counter : 189