বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

কৃষক, যোগান-শৃংখল আৰু পৰিবহণ প্ৰবন্ধন ব্যৱস্থাক সংযুক্ত কৰিব পাৰাকৈ ‘কিষাণ সভা এপ’ মুকলি কৰিলে ‘চিআইএছআৰ’-য়ে

কিষাণ সভাৰ আছে ৬ টা ভাগ -- কৃষকৰ সুৰক্ষা, বজাৰৰ বিক্ৰেতা, পৰিবহণকাৰী, বজাৰ পৰিষদৰ সদস্য সেৱা যোগানধৰোতা আৰু গ্ৰাহক

Posted On: 01 MAY 2020 6:02PM by PIB Guwahati

ভিড-১৯য়ে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতিত কৃষকসকলক এতিয়া উত্পাদিত ফচল বজাৰলৈ নিয়া, বীজ আদি ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ সহায়ৰ প্ৰয়োজন হৈছে। সময়ত উত্পাদিত ফচলসমূহ উচিত মূল্যত বিক্ৰী কৰাৰ বাবে ব্যাপক যোগান ব্যৱস্থাপনাৰো এইমুহূৰ্তত জৰুৰী প্ৰয়োজনীয়তা আছে।

‘চিএছআইআৰ’-ৰ ‘চেণ্ট্ৰেল ৰোড ৰিছাৰ্চ ইনষ্টিটিউট’(চিআৰআৰআই)য়ে কৃষক, যোগান-শৃংখল আৰু পৰিবহণ প্ৰবন্ধন ব্যৱস্থাক সংযুক্ত কৰিব পাৰাকৈ বিকশিত কৰা ‘কিষাণ সভা এপ’ শীৰ্ষক অনলাইন এপ্লিকেশ্যনটো আজি আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। আজি দূৰ-সংযোগ ব্যৱস্থাৰে ‘এপ’-টো মুকলি কৰে ‘আইচিএআৰ’-ৰ মহা নিৰ্দেশক আৰু ‘ডিএআৰই’-ৰ সচিব ড০ ত্ৰিলোচন মহাপাত্ৰই। ড০ মহাপাত্ৰই কৃষক, পৰিবহণকৰোতা আৰু কৃষি উদ্যোগৰ সৈতে বিভিন্ন ধৰণে জড়িত হৈ থকা সংশ্লিষ্ট পক্ষসমূহৰ বাবে একেটা মঞ্চতে সমাধান সূত্ৰ আগবঢ়াব পৰা এই প’ৰ্টেলটো বিকশিত কৰাৰ বাবে চিআৰআৰআই’-ৰ ভূয়সী প্ৰশংসা কৰে। প্ৰসংগক্ৰমে তেওঁ ‘চিআৰআৰআই’-ৰ সৈতে ‘আইচিএআৰ’-য়ে একেলগে বহু কাম কৰিব পাৰে বুলি মন্তব্য কৰি ‘কৃষি বিজ্ঞান কেন্দ্ৰ’সমূহৰ জৰিয়তে ইয়াৰ ৰূপায়ণৰো দিহা কৰিব পৰা যাব বুলি উল্লেখ কৰে।

কিষাণ সভা’ত ৬ভাগ থাকিব। এই ভাগসমূহ হ’ল-‘কৃষকৰ সুৰক্ষা’, ‘বজাৰৰ বিক্ৰেতা’, ‘পৰিবহণকাৰী’, ‘বজাৰ পৰিষদৰ সদস্য’, ‘সেৱা যোগানধৰোতা’ আৰু ‘গ্ৰাহক’।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001GM14.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image002P690.gif

 

 

 

 

 

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image003XRTD.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image00482OQ.jpg

 

সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰিব পাৰিব :

 

Director,CSIR- CENTRAL ROAD RESEARCH INSTITUTE, Delhi - Mathura Road,New Delhi 110025

Telephone:+91-11-26848917 (Director)

director.crri[at]nic[dot]in]

****

KGS/( CSIR release)/KB



(Release ID: 1620250) Visitor Counter : 191